--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এবাৰ দুবাৰ নহয়, তিনিবাৰ। আকৌ এবাৰ 'গোল্ডেন ডাক' বিৰাট কোহলীৰ নামত। অৰ্থাৎ, প্ৰথমটো বলতে আউট কোহলী। বিফলতাই যেন লগ নেৰা হৈছে কোহলীৰ। ২০১৯ চনত নৱেম্বৰ মাহত শেষবাৰৰ বাবে  বিৰাট কোহলীৰ বেটৰ পৰা আহিছিল শতকীয় ইনিংছ। তাৰপাছৰে পৰা প্ৰত্যাশিত ৰান অহা নাই বিৰাটৰ বেটৰ পৰা। বিৰাটৰ বেটত এতিয়া কেৱল শূন্যৰ আতংক! আকৌ এবাৰ বিষন্নমুখে পেভেলিয়নমুখী বিৰাট।

উল্লেখ্য যে, ৱানখেডে ষ্টেডিয়ামত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ইনিংছ মুকলি কৰিবলৈ আহিছিল বিৰাট কোহলীয়ে। কিন্তু  আৰম্ভণিতে বাওঁহতীয়া স্পিনাৰ জগদীশ সুচিতৰ বলত কেন উইলিয়ামছনৰ হাতত কেচ তুলি দিয়ে ৰান মেছিনে। পুনৰ বাৰ হতাশ কোহলী অনুৰাগী। 

বিৰাট কোহলীৰ পৰিস্থিতি কিমান বেয়া হৈছে সেয়া শেহতীয়া পৰিসংখ্যাৰ পৰাই স্পষ্ট হৈ পৰিছে। ২০০৮ চনৰ পৰা ২০২১ চনলৈ, তেওঁ আইপিএলৰ প্ৰথম বলত তিনিবাৰ আউট হৈছিল। ইয়াৰ তুলনাত  চলিত ছিজনৰ আইপিএলত 'গোল্ডেন ডাক'ৰ হেট্ৰিক অৰ্জন কৰিছে। য'ত তেওঁ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধেই প্ৰথম বলত দুবাৰ কৈ আউট হৈছে।

স্বাভাৱিকতে, 'গুৰু'ৰ এনে প্ৰদৰ্শনত হতাশ অনুৰাগী। সামাজিক মাধ্যমত বহুতে তেওঁলোকৰ হতাশা ব্যক্ত কৰিছে। কিন্তু একে সময়তে, তেওঁলোকে বেয়া সময় পাৰ হ'ব বুলিও আশা প্ৰকাশ কৰা দেখা গৈছে। অন্ধকাৰৰ শেষত সোণোৱালী দিন উভতি আহিব বুলি আশাবাদী অনুৰাগী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত