--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এবাৰ দুবাৰ নহয়, তিনিবাৰ। আকৌ এবাৰ 'গোল্ডেন ডাক' বিৰাট কোহলীৰ নামত। অৰ্থাৎ, প্ৰথমটো বলতে আউট কোহলী। বিফলতাই যেন লগ নেৰা হৈছে কোহলীৰ। ২০১৯ চনত নৱেম্বৰ মাহত শেষবাৰৰ বাবে  বিৰাট কোহলীৰ বেটৰ পৰা আহিছিল শতকীয় ইনিংছ। তাৰপাছৰে পৰা প্ৰত্যাশিত ৰান অহা নাই বিৰাটৰ বেটৰ পৰা। বিৰাটৰ বেটত এতিয়া কেৱল শূন্যৰ আতংক! আকৌ এবাৰ বিষন্নমুখে পেভেলিয়নমুখী বিৰাট।

উল্লেখ্য যে, ৱানখেডে ষ্টেডিয়ামত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ইনিংছ মুকলি কৰিবলৈ আহিছিল বিৰাট কোহলীয়ে। কিন্তু  আৰম্ভণিতে বাওঁহতীয়া স্পিনাৰ জগদীশ সুচিতৰ বলত কেন উইলিয়ামছনৰ হাতত কেচ তুলি দিয়ে ৰান মেছিনে। পুনৰ বাৰ হতাশ কোহলী অনুৰাগী। 

বিৰাট কোহলীৰ পৰিস্থিতি কিমান বেয়া হৈছে সেয়া শেহতীয়া পৰিসংখ্যাৰ পৰাই স্পষ্ট হৈ পৰিছে। ২০০৮ চনৰ পৰা ২০২১ চনলৈ, তেওঁ আইপিএলৰ প্ৰথম বলত তিনিবাৰ আউট হৈছিল। ইয়াৰ তুলনাত  চলিত ছিজনৰ আইপিএলত 'গোল্ডেন ডাক'ৰ হেট্ৰিক অৰ্জন কৰিছে। য'ত তেওঁ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধেই প্ৰথম বলত দুবাৰ কৈ আউট হৈছে।

স্বাভাৱিকতে, 'গুৰু'ৰ এনে প্ৰদৰ্শনত হতাশ অনুৰাগী। সামাজিক মাধ্যমত বহুতে তেওঁলোকৰ হতাশা ব্যক্ত কৰিছে। কিন্তু একে সময়তে, তেওঁলোকে বেয়া সময় পাৰ হ'ব বুলিও আশা প্ৰকাশ কৰা দেখা গৈছে। অন্ধকাৰৰ শেষত সোণোৱালী দিন উভতি আহিব বুলি আশাবাদী অনুৰাগী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ