--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মুম্বাইৰ প্ৰমোদ তৰীৰ ড্ৰাগছ কাণ্ডত ক্লীনশ্বীট লাভ কৰিলে শ্বাহৰুখ তনয় আৰিয়ান খানে কেৱল এয়াই নহয় আৰিয়ান খানকেন্দ্ৰিক গোচৰটো সন্দৰ্ভত এনচিবিৰ বিশেষ তদন্তকাৰী গোটে ইয়াৰ আভ্যন্তৰীণ প্ৰতিবেদনত কেইবাটাও চাঞ্চল্যকৰ দিশ উন্মোচিত কৰিছে। প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি গোচৰটোৰ তদন্তকাৰী বিষয়াজনে আৰিয়ানক ড্ৰাগছৰ গোচৰৰে জড়িত কৰিবলৈ উদ্দেশ্যপ্ৰণোদিত পদক্ষেপ গ্ৰহণ কৰিছিল 

এনচিবিৰ প্ৰতিবেদনত কোৱা হৈছে, ‘আশ্বৰ্যকৰভাৱে আৰবাজ মাৰ্চেণ্ট ড্ৰাগ সৰবৰাহত আৰিয়ান জড়িত থকাৰ বিষয়ে সম্পূৰ্ণৰূপে অস্বীকাৰ কৰা স্বত্বেও, তদন্তকাৰী বিষয়াই আৰিয়ানৰ হোৱাটছএপৰ বৰ্তালাপবোৰ চাবলৈ আৰম্ভ কৰিছিল। আনকি ইয়াৰ বাবে তেওঁৰ ফোনটো আনুষ্ঠানিকভাৱে জব্দ কৰা হোৱা নাছিল।'

আৰবাজ মাৰ্চেণ্ট আৰিয়ানৰ এজন বন্ধু আৰু তেওঁৰ জিম্মাৰ পৰা এনচিবিয়ে ৬ গ্ৰাম গাঞ্জা জব্দ কৰিছিল বুলি অভিযোগ কৰা হৈছে। এছআইটিয়ে শুকুবাৰে এই গোচৰ সন্দৰ্ভত ৬০০০ পৃষ্ঠাৰ এখন শ্বাৰ্জশ্বীট কৰে আৰু অভিযুক্তৰ তালিকাৰ পৰা ৰিয়ান খানৰ নাম আঁতৰ কৰা হৈছে। অৱশ্যে আৰবাজকে ধৰি ১৪ জন লোকৰ নাম এই শ্বাৰ্জশ্বীটত অন্তৰ্ভুক্ত কৰা হৈছে।

প্ৰতিবেদনখনত কোৱা হৈছে, সাধাৰণতে, আদালতে যিসকল অভিযুক্তৰ হাতৰ পৰা কোনো নিচাজাতীয় সামগ্ৰী জব্দ কৰা নহয়, বা যাৰ বিৰুদ্ধে স্পষ্ট প্ৰমাণ নাথাকে তেওঁলোকৰ প্ৰতি সদয় হয়। কিন্তু এইকথা উল্লেখ কৰাটো প্ৰাসংগিক হ'ব যে আদালতে কেতিয়াবা অনুসন্ধানকাৰী বিষয়াসকলৰ ভূমিকা উদ্দেশ্যপ্ৰণোদিত বুলি ধাৰণা কৰিব পাৰে।'

এছআইটিৰ প্ৰতিবেদনখনত এই কথাও কোৱা হৈছিল যে আৰবাজ মাৰ্চেণ্টে তদন্তকাৰী বিষয়াক কৈছিল যে আৰিয়ানে জানিছিল যে তেওঁ (আৰবাজ) মাজে মাজে ড্ৰাগছ ব্যৱহাৰ কৰিছিল। আৰবাজে এইটোও প্ৰকাশ কৰিছিল যে আৰিয়ানে তেওঁক ক্ৰুজ পাৰ্টীলৈ তেওঁৰ লগত গাঞ্জা কঢ়িয়াই নিনিবলৈ কৈছিল কিয়নো এনচিবি যথেষ্ট সক্ৰিয় আৰু তেওঁলোক সমস্যাত পৰাৰ আশংকা আছে।

প্ৰতিবেদন অনুসৰি, তেওঁৰ কোনো বিবৃতিত, আৰবাজ মাৰ্চেণ্টে এইটো কোৱা নাছিল যে জব্দকৃত নিষিদ্ধ নিচা আৰিয়ান খানৰ বাবে আছিল, বা আৰিয়ান খান কোনো প্ৰকাৰে ড্ৰাগছ ক্ৰয়ৰ সৈতে জড়িত আছিল। প্ৰতিবেদনখনত ক্ৰুজ টাৰ্মিনেলত তালাচী আৰু অভিযুক্তক আটক কৰাৰ পাছত পিপ্ৰস্তুত কৰা পঞ্চনামাৰ কথা উল্লেখ কৰি কোৱা হৈছে যে আৰিয়ানৰ ফোনটো আনকি স্বেচ্ছাই তদন্তকাৰী বিষয়ালৈ হস্তান্তৰ কৰা হৈছিল।

এছআটিয়ে উল্লেখ কৰা মতে, আইনত নিৰ্ধাৰিতধৰণে আৰিয়ানৰ ফোন হস্তান্তৰ কৰাৰ পাছত আনুষ্ঠানিক জব্দ প্ৰক্ৰিয়া অনুসৰণ কৰা হোৱা নাছিল। প্ৰতিবেদনত কোৱা হৈছে যে ফোনটোৰ পৰা উদ্ধাৰ হোৱাটছএপ চেটৰ ওপৰত ভিত্তি কৰি অভিযুক্ত আৰু সাক্ষীসকলক তদন্তত চামিল হ’বলৈ মাতি অনা হৈছিল। 

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ