--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অতি আনন্দৰে এখন বিয়া চলি আছিল৷ সকলো ৰীতি-নীতে মতে সম্পন্ন হৈছিল৷ এইবাৰ আহিল বৰমালা পিন্ধোৱাৰ পৰ্ব৷ দৰা-কইনাই বৰমালা পিন্ধাই ইজনে-সিজনক জীৱনটোলৈ আদৰি ললে৷ বৰমালা পিন্ধোৱাৰ পাছত এইবাৰ কইনাৰ মন গল ৰসগোল্লা খাবলৈ৷ ৰসগোল্লা খাই হাত ধোৱাৰ চলেৰে প্ৰেমিকাই কৰিলে এক নকৰিবলগীয়া কাণ্ড৷ যি কাণ্ডই সকলোকে লজ্জিত কৰিছে। 

হাত ধুবলৈ গৈ কইনাই প্ৰেমিকৰ সৈতে পলায়ন কৰে। বিহাৰৰ মুংগেৰ জিলাত ঘটিছে এই ঘটনা। কইনাৰ পৰিয়ালৰ লোকে থানাত উপস্থিত হৈ আৰক্ষীক কাতৰ অনুৰোধ জনাইছে, ছোৱালীজনীক উদ্ধাৰ কৰিবলৈ। অৰুণ মণ্ডলৰ কন্যা ২১ বছৰীয়া নন্দিনী ওৰফে নেহা কুমাৰীৰ বিবাহে এতিয়া চৰ্চা লাভ কৰিছে। বিয়াখনৰ আনন্দ মুহূৰ্ততে সলনি হল বিষাদলৈ। 

দৰা আৰু দৰাপক্ষই যেতিয়া গম পালে যে কইনা প্ৰেমিকৰ লগত পলাই গৈছে, তেতিয়া সকলোৰে খং উঠিল আৰু দৰাজনে মূৰত পিন্ধি থকা পাগুৰিটো পেলাই দিলে। ইয়াৰ পিছত মূৰত পাগুৰি পিন্ধা বিয়াৰ আলহীসকলেও একে কামকে কৰিলে। ছোৱালীজনীৰ পৰিয়ালে দৰাক তেওঁলোকৰ দ্বিতীয় কন্যাক বিয়া দিবলৈ পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল যদিও দৰাৰ পৰিয়ালে সেই প্ৰস্তাৱ নাকচ কৰি খঙত গুচি যায়।

নেহাৰ পিতৃ অজয় ​​মণ্ডলে ক’লে- আমাৰ চাৰিজনী ছোৱালী আৰু দুজন ল’ৰা৷ আমি গোটেই পৰিয়ালটোৰ সৈতে দিল্লীত থাকি শ্ৰমিক হিচাপে কাম কৰোঁ। আমি যোৱা বছৰ সংগ্ৰামপুৰ ব্লকৰ বৈজনাথপুৰ গাঁৱৰ নিবাসী কপিলদেৱ মণ্ডলৰ পুত্ৰ অমৰজীত কুমাৰৰ লগত আমাৰ ডাঙৰ কন্যা নেহাৰ বিয়া ঠিক কৰি দিছিলোঁ। বিবাহৰ বাবে ডেৰ-দুই লাখ টকাও যৌতুক হিচাপে দিয়া হৈছিল। 

২০২৪ চনৰ নৱেম্বৰ মাহত ছঠ পূজাৰ সময়ত নেহাৰ বিয়াৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছিল যদিও ল’ৰাটোৰ পৰিয়ালে কিবা কাৰণত নাকচ কৰিছিল। ইয়াৰ পিছত বিয়াৰ তাৰিখ ২৩ এপ্ৰিল ২০২৫ তাৰিখে নিৰ্ধাৰণ কৰা হ'ল। বুধবাৰে দৰাৰ বাৰাত আমাৰ ঘৰলৈ আহিছিল আমি তেওঁলোকক আদৰি লৈছিলো। বিয়াৰ আলহীসকলৰ খোৱাৰ বাবে মাছ-ভাতৰ ব্যৱস্থা কৰা হ’ল। কিন্তু মোৰ ছোৱালীজনী বৰমলা অনুষ্ঠানৰ অন্তত নিজৰ কোঠালৈ গৈছিল। কিছু সময়ৰ পিছত তাইক বিয়াৰ মণ্ডপলৈ মতা হৈছিল কিন্তু তাই কোঠাটোত নাছিল। আমি তাইক বিচাৰি থাকোঁতে গম পালোঁ যে তাই প্ৰেমিকৰ লগত পলাই গৈছে।

ভগ্নীয়ে কয় যে বিয়াত মালা বিনিময়ৰ পিছত কইনাই কৈছিল, ''মোৰ ভোক লাগিছে, মোৰ বাবে ৰসগোল্লা দুটা আনি দিয়া।'' মই তাইলৈ ৰসগোল্লা লৈ আহিলোঁ। তাই খোৱাৰ পাছত হাত ধুবলৈ গ’ল। কিন্তু কিছুসময়ৰ পাছত যেতিয়া তাইক কন্যাদানৰ মতা হৈছিল, তেতিয়া তাই তাইৰ কোঠাত নাছিল।'' 

আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ