--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতেই অভিযান আৰম্ভ ভাৰতীয় সেনাৰ। শুকুৰবাৰে জম্মু-কাশ্মীৰৰ বান্দিপোৰাত সেনাই বৃহৎ সফলতা লাভ কৰিছে। 

ভাৰতীয় সেনাই এনকাউণ্টাৰ কৰি LeT অৰ্থাৎ লস্কৰ-ই-তৈবাৰ কমাণ্ডাৰ আলতাফ লল্লীক হত্যা কৰিছে। বিশেষ কথাটো হ’ল পেহেলগাম আক্ৰমণৰ দায়িত্ব লস্কৰৰ লগত জড়িত দ্য ৰেজিষ্টেন্স ফৰ্চেও লৈছিল। 

২২ এপ্ৰিলৰ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা ভাৰতীয় সেনাই উপত্যকাটোত অভিযান তীব্ৰতৰ কৰি তুলিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি শুকুৰবাৰে সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰিছিল সেনাই। 

ইয়াৰ পিছত জম্মু-কাশ্মীৰ আৰক্ষীৰ সহযোগত যৌথ অনুসন্ধান অভিযান চলোৱা হয়। স্থান গম পোৱাৰ পিছত সন্ত্ৰাসবাদীৰ সৈতে দীৰ্ঘসময় ধৰি সংঘৰ্ষ হয়।

এই সংঘৰ্ষতে ভাৰতীয় সেনাই হত্যা কৰিলে দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী আলতাফ লল্লীক। 

উল্লেখ্য যে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত এয়া চতুৰ্থ সংঘৰ্ষ। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে উধমপুৰৰ দুডু বসন্তগড়ত নিৰাপত্তা বাহিনীয়ে একাংশ সন্ত্ৰাসবাদীক ঘেৰাও কৰিছিল। এই এনকাউণ্টাৰত শ্বহীদ হ’ল সেনাবাহিনীৰ এজন হাবিলদাৰ।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ