--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ পেহেলগামৰ বায়চৰণ ঘাঁহনি পথাৰৰ বিতোপন সৌন্দর্য অতুলনীয়। এই সৌন্দর্য উপভোগ কৰিবলৈকে প্ৰতি বছৰে সহস্রাধিক পৰ্যটকৰ আগমন ঘটে উপত্যকাটোলৈ।

ইউৰোপীয় গাঁৱলীয়া ঠাইসমূহৰ সৈতে সাদৃশ্য থকাৰ বাবে এই বায়চৰণ ঘাঁহনি পথাৰক 'মিনি ছুইজাৰলেণ্ড' বুলিও জনা যায়। ভাৰতৰ এই 'মিনি ছুইজাৰলেণ্ড' মঙলবাৰে মৃত্যু উপত্যকালৈ পৰিণত হ'ল। নিষ্ঠুৰ সন্ত্রাসবাদীৰ গুলীত পৰ্যটকৰ তেজেৰে ৰাঙলী হ'ল বায়চৰণৰ ঘাঁহনি পথাৰ। যিডৰা ঘাঁহনিত পর্যটক উপস্থিত হৈ আনন্দত আত্মহাৰা হৈ পৰে সেইডৰা ঘাঁহনিৰ উপত্যকাতেই পৰ্যটকৰ মৃত্যুৰ কাতৰ ক্ৰন্দন শুনা গ'ল। মঙলবাৰে নিৰ্দয় সন্ত্রাসবাদীয়ে এজন এজনকৈ ২৮জন নিৰীহ পৰ্যটকক হত্যা কৰে। 

উল্লেখযোগ্য যে সমগ্র বিশ্ব কঁপোৱা সন্ত্রাসবাদীৰ এই বৰ্বৰ আক্ৰমণৰ স্থলী পহলগামৰ বায়চৰণ পথাৰতেই কেইবাখনো ভাৰতীয় চিনেমাৰ শ্বুটিং লোৱা হৈছিল। অনন্তনাগ জিলাৰ এই মনোৰম উপত্যকাত শাৰী শাৰী পাইন গছ আৰু বৰফাবৃত শৃংগৰ মনোমোহা দৃশ্যই পৰ্যটকক আকর্ষণ কৰাৰ লগতে ২০১৫ চনত বজৰংগী ভাইজান, জব টক হো জান (২০১২), হাইদৰ (২০১৪), হাইৱে' (২০১৪), বাজী (২০১৮), য়ে জৱানী হ্যে দীৱানী (২০১৩) আদি বলিউডৰ চিনেমাৰ লগতে দক্ষিণৰো কেইবাখনো চিনেমাৰ শ্বুটিং লোৱা হৈছিল মনোমোহা উপত্যকাটোত।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement