--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্রীয় শাসিত প্রদেশ জম্মু-কাশ্মীৰৰ মুখ্য সচিব অতুল ডুল্লুবে প্রকাশ কৰিছে যে নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰে গোলা, মৰ্চাৰ আদিৰে আক্ৰমণৰ প্ৰভাৱ পৰাৰ পাছত সীমান্ত অঞ্চলৰ ক্ষয়-ক্ষতি আৰু উদ্ধাৰ অভিযান সন্দর্ভত জম্মু-কাশ্মীৰ প্রশাসনে সক্রিয়ভাৱে পর্যবেক্ষণ কৰি আছে। 

সীমান্ত সুৰক্ষা আন্তঃগাঁথনি সন্দৰ্ভত তথ্য প্ৰকাশ কৰি আমোলাজনে কয় যে জম্মু-কাশ্মীৰৰ সীমান্ত অঞ্চলসমূহত প্রায় ৯,৫০০ বাংকাৰ আছে। ইফালে, মেজৰ জেনেৰেল (অৱসৰপ্ৰাপ্ত) অতুল কৌশিকে বুধবাৰে কয় যে সীমান্ত অঞ্চলত বাস কৰা লোকৰ বাবে আৰু অধিক বাংকাৰ নিৰ্মাণ কৰাৰ প্ৰয়োজন আছে। বিষয়াজনে এটা বিবৃতিত কয় যে নিয়ন্ত্ৰণ ৰেখা আৰু জম্মু-কাশ্মীৰ অঞ্চলত বাস কৰা লোকসকলে পাক-ভাৰতৰ সংঘৰ্ষৰ ফলত যথেষ্ট ক্ষতিৰ সন্মুখীন হ'বলগীয়া হয়। 

তেওঁ কয় যে পাকিস্তানৰ শেহতীয়া গোলাবর্ষণত উৰি, টাংধৰ আৰু পুঞ্চ অঞ্চলৰ অসামৰিক লোকে নিৰাপদ ঠাইলৈ স্থানান্তৰ হ'বলৈ বাধ্য হৈছে।


উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ