--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্রীয় শাসিত প্রদেশ জম্মু-কাশ্মীৰৰ মুখ্য সচিব অতুল ডুল্লুবে প্রকাশ কৰিছে যে নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰে গোলা, মৰ্চাৰ আদিৰে আক্ৰমণৰ প্ৰভাৱ পৰাৰ পাছত সীমান্ত অঞ্চলৰ ক্ষয়-ক্ষতি আৰু উদ্ধাৰ অভিযান সন্দর্ভত জম্মু-কাশ্মীৰ প্রশাসনে সক্রিয়ভাৱে পর্যবেক্ষণ কৰি আছে। 

সীমান্ত সুৰক্ষা আন্তঃগাঁথনি সন্দৰ্ভত তথ্য প্ৰকাশ কৰি আমোলাজনে কয় যে জম্মু-কাশ্মীৰৰ সীমান্ত অঞ্চলসমূহত প্রায় ৯,৫০০ বাংকাৰ আছে। ইফালে, মেজৰ জেনেৰেল (অৱসৰপ্ৰাপ্ত) অতুল কৌশিকে বুধবাৰে কয় যে সীমান্ত অঞ্চলত বাস কৰা লোকৰ বাবে আৰু অধিক বাংকাৰ নিৰ্মাণ কৰাৰ প্ৰয়োজন আছে। বিষয়াজনে এটা বিবৃতিত কয় যে নিয়ন্ত্ৰণ ৰেখা আৰু জম্মু-কাশ্মীৰ অঞ্চলত বাস কৰা লোকসকলে পাক-ভাৰতৰ সংঘৰ্ষৰ ফলত যথেষ্ট ক্ষতিৰ সন্মুখীন হ'বলগীয়া হয়। 

তেওঁ কয় যে পাকিস্তানৰ শেহতীয়া গোলাবর্ষণত উৰি, টাংধৰ আৰু পুঞ্চ অঞ্চলৰ অসামৰিক লোকে নিৰাপদ ঠাইলৈ স্থানান্তৰ হ'বলৈ বাধ্য হৈছে।


উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত