--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানৱ জাতিৰ লগতে সমগ্ৰ বিশ্বৰ বাবে গভীৰ ভাবুকিৰ সৃষ্টি কৰিছে মাইক্ৰ’প্লাষ্টিকে৷ শেহতীয়াকৈ ডাৱৰতো মাইক্ৰ’প্লাষ্টিক পোৱা গৈছে৷ 

জাপানৰ বিজ্ঞানীসকলে এই তথ্য লাভ কৰিছে৷ বিজ্ঞানীসকলে প্ৰকাশ কৰা অনুসৰি ডাৱৰত মাইক্ৰ’প্লাষ্টিক উদ্ধাৰে সামুদ্ৰিক পাৰিপাশ্বিৰ্ক তন্ত্ৰ আৰু জলবায়ু পৰিৱৰ্তনত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে৷ তেওঁলোকৰ মতে, ই এক গুৰুতৰ সতৰ্কবাণী আৰু অচিৰেই মাইক্ৰ’প্লাষ্টিকক লৈ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণৰ প্ৰয়োজন আহি পৰিছে৷ তেওঁলোকৰ মতে, সময় থাকোঁতেই মাইক্ৰ’প্লাষ্টিকৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে মানৱ জীৱনৰ প্ৰতিও গুৰুতৰ ভাবুকিৰ সৃষ্টি কৰিব৷ 

ৱাছেদা বিশ্ববিদ্যালয়ৰ অধ্যাপক বিৰোশ্বী ওকাছিৰ নেতৃত্বত গৱেষকৰ দল এটাই কৰা অধ্যয়নৰ পৰা এই কথা জানিব পৰা গৈছে৷ গৱেষকৰ দলটোৱে ডাৱৰৰ পৰা সংগ্ৰহ কৰা পানীৰ ৪৪টা নমুনা পৰীক্ষা কৰিছিল৷ ইয়াৰে প্ৰতিটোত তেওঁলোকে কমেও ৪৪টা মাইক্ৰ’প্লাষ্টিকৰ কণা পাইছিল৷ 

এই নমুনা তেওঁলোকে সংগ্ৰহ কৰিছিল কানাগাৱাৰ য়ক’হানাৰ পশ্চিমৰ মাউণ্ট ফুজিৰ শিখৰ আৰু পাদদেশ তথা মাউণ্ট তঞ্জাবা-ওয়ামাৰ উচ্ছ পাহাৰৰ শিখৰৰ পৰা৷ তেওঁলোকে অধ্যয়নৰ প্ৰতিবেদনত উল্লেখ কৰে যে প্ৰথমবাৰৰ বাবে ডাৱৰৰ পানীত মাইক্ৰ’প্লাষ্টিকৰ তথ্য লাভ কৰিছে৷ এই তথ্য উল্লেখ কৰা এইখনেই প্ৰথম প্ৰতিবেদন বুলিও তেওঁলোকে দাবী কৰে৷

 তেওঁলোকে লগতে এইবুলি সতৰ্ক কৰি দিয়ে যে সকলোৱে মিলি যদি ডাৱৰত মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি নিয়ন্ত্ৰণ কৰা নহয়, তেতিয়া ই বিৰূপ পৰিস্থিতিৰ সৃষ্টি কৰিব৷ ইয়াৰ গুৰুতৰ প্ৰভাৱ পৰিব জলবায়ুত৷ মানুহৰ শৰীৰৰ অংগবোৰতো ই গুৰুতৰ প্ৰভাৱ পেলোৱাৰ আশংকা কৰা হৈছে৷ গৱেষকসকলৰ মতে, ডাৱৰত থকা মাইক্ৰ’প্লাষ্টিকে গ্ৰীন হাউছ গেছৰ বৃদ্ধিতো সহায় কৰিব পাৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ