--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানৱ জাতিৰ লগতে সমগ্ৰ বিশ্বৰ বাবে গভীৰ ভাবুকিৰ সৃষ্টি কৰিছে মাইক্ৰ’প্লাষ্টিকে৷ শেহতীয়াকৈ ডাৱৰতো মাইক্ৰ’প্লাষ্টিক পোৱা গৈছে৷ 

জাপানৰ বিজ্ঞানীসকলে এই তথ্য লাভ কৰিছে৷ বিজ্ঞানীসকলে প্ৰকাশ কৰা অনুসৰি ডাৱৰত মাইক্ৰ’প্লাষ্টিক উদ্ধাৰে সামুদ্ৰিক পাৰিপাশ্বিৰ্ক তন্ত্ৰ আৰু জলবায়ু পৰিৱৰ্তনত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে৷ তেওঁলোকৰ মতে, ই এক গুৰুতৰ সতৰ্কবাণী আৰু অচিৰেই মাইক্ৰ’প্লাষ্টিকক লৈ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণৰ প্ৰয়োজন আহি পৰিছে৷ তেওঁলোকৰ মতে, সময় থাকোঁতেই মাইক্ৰ’প্লাষ্টিকৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে মানৱ জীৱনৰ প্ৰতিও গুৰুতৰ ভাবুকিৰ সৃষ্টি কৰিব৷ 

ৱাছেদা বিশ্ববিদ্যালয়ৰ অধ্যাপক বিৰোশ্বী ওকাছিৰ নেতৃত্বত গৱেষকৰ দল এটাই কৰা অধ্যয়নৰ পৰা এই কথা জানিব পৰা গৈছে৷ গৱেষকৰ দলটোৱে ডাৱৰৰ পৰা সংগ্ৰহ কৰা পানীৰ ৪৪টা নমুনা পৰীক্ষা কৰিছিল৷ ইয়াৰে প্ৰতিটোত তেওঁলোকে কমেও ৪৪টা মাইক্ৰ’প্লাষ্টিকৰ কণা পাইছিল৷ 

এই নমুনা তেওঁলোকে সংগ্ৰহ কৰিছিল কানাগাৱাৰ য়ক’হানাৰ পশ্চিমৰ মাউণ্ট ফুজিৰ শিখৰ আৰু পাদদেশ তথা মাউণ্ট তঞ্জাবা-ওয়ামাৰ উচ্ছ পাহাৰৰ শিখৰৰ পৰা৷ তেওঁলোকে অধ্যয়নৰ প্ৰতিবেদনত উল্লেখ কৰে যে প্ৰথমবাৰৰ বাবে ডাৱৰৰ পানীত মাইক্ৰ’প্লাষ্টিকৰ তথ্য লাভ কৰিছে৷ এই তথ্য উল্লেখ কৰা এইখনেই প্ৰথম প্ৰতিবেদন বুলিও তেওঁলোকে দাবী কৰে৷

 তেওঁলোকে লগতে এইবুলি সতৰ্ক কৰি দিয়ে যে সকলোৱে মিলি যদি ডাৱৰত মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি নিয়ন্ত্ৰণ কৰা নহয়, তেতিয়া ই বিৰূপ পৰিস্থিতিৰ সৃষ্টি কৰিব৷ ইয়াৰ গুৰুতৰ প্ৰভাৱ পৰিব জলবায়ুত৷ মানুহৰ শৰীৰৰ অংগবোৰতো ই গুৰুতৰ প্ৰভাৱ পেলোৱাৰ আশংকা কৰা হৈছে৷ গৱেষকসকলৰ মতে, ডাৱৰত থকা মাইক্ৰ’প্লাষ্টিকে গ্ৰীন হাউছ গেছৰ বৃদ্ধিতো সহায় কৰিব পাৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ