--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে ৰয়েল ছুইডিছ একাডেমীয়ে তিনিজন বিজ্ঞানীৰ নাম ৰসায়ন বিজ্ঞানৰ নোবেল বিজয়ী হিচাপে ঘোষণা কৰে। তেওঁলোকে কয় যে, আমেৰিকাৰ মাউংগি জি বাৱেণ্ডি, লুইছ এছ ব্ৰুচ আৰু এলেক্সি আই আকিমোভে ২০২৩ চনত ৰসায়ন বিজ্ঞানৰ নোবেল বঁটাৰ বাবে যৌথভাৱে মনোনীত হৈছে। বৰ্তমান আমেৰিকাৰ নাগৰিক যদিও বাৱেণ্ডী ফৰাচী মূলৰ আৰু একিমভ ৰাছিয়ান মূলৰ।

বুধবাৰে নোবেল কমিটীয়ে এক বিবৃতিত কয় যে তেওঁলোকক ‘কোৱাণ্টাম কণা’ (‘কোৱাণ্টাম ডট’) আৱিষ্কাৰ আৰু গৱেষণাৰ বাবে এই সন্মানীয় বঁটা প্ৰদান কৰা হৈছে। ৰয়েল ছুইডিছ একাডেমী অৱ ছায়েন্সৰ বিবৃতিত কোৱা হৈছে যে তিনিওজন বিজ্ঞানীৰ এই আৱিষ্কাৰে ইলেক্ট্ৰনিকছ, নেন’টেক ক্ষেত্ৰ আৰু স্বাস্থ্য গৱেষণাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। অৰ্ধপৰিবাহী নেন’স্ফটিক ‘কোৱাণ্টাম ডট’ প্ৰথমে চিনাক্ত কৰিছিল পদাৰ্থবিজ্ঞানী মাৰ্ক ৰিডে।

ব্ৰুচ আৰু একিম’ভে ইয়াৰ চৰিত্ৰায়ন আৰু উৎপাদন প্ৰক্ৰিয়াত যথেষ্ট অৰিহণা যোগাইছিল। বাৱেণ্ডীয়ে ৰাসায়নিক পদ্ধতিৰে ইয়াৰ উৎপাদনৰ ওপৰত পোহৰ পেলায়। ১৯৮০ চনত একিমভ আৰু ব্ৰুচে তামৰ ক্লৰাইড নেনোকণাৰ পৰা কোৱাণ্টাম কণিকাৰ অধ্যয়নত সফল হয়। নব্বৈৰ দশকত বাৱেণ্ডীয়ে ৰাসায়নিক প্ৰক্ৰিয়াৰে নিখুঁত ‘কোৱাণ্টাম ডট’ সৃষ্টি কৰিছিল।

কম্পিউটাৰ মনিটৰ আৰু টেলিভিছনৰ পৰ্দা ‘কোৱাণ্টাম ডট’ ভিত্তিক LED বা QLED প্ৰযুক্তিৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হয়। ইয়াৰ সহায়ত উন্নত এল ই ডি লেম্প বিকশিত কৰা হৈছে। জৈৱিক কলাৰ মানচিত্ৰ নিৰ্মাণৰ বাবেও ‘কোৱাণ্টাম ডট’ ব্যৱহাৰ কৰা হয়। একিমভ নিউয়ৰ্ক নেন’ক্ৰিষ্টাল টেকন’লজি ইনকৰ্পৰেশ্যনৰ প্ৰাক্তন মুখ্য বিজ্ঞানী। বৰ্তমান বাৱেণ্ডী মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজি (এম আই টি)ৰ অধ্যাপক। ব্ৰুচ আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়ত শিক্ষকতা আৰু গৱেষণাৰ সৈতে জড়িত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ