--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে ৰয়েল ছুইডিছ একাডেমীয়ে তিনিজন বিজ্ঞানীৰ নাম ৰসায়ন বিজ্ঞানৰ নোবেল বিজয়ী হিচাপে ঘোষণা কৰে। তেওঁলোকে কয় যে, আমেৰিকাৰ মাউংগি জি বাৱেণ্ডি, লুইছ এছ ব্ৰুচ আৰু এলেক্সি আই আকিমোভে ২০২৩ চনত ৰসায়ন বিজ্ঞানৰ নোবেল বঁটাৰ বাবে যৌথভাৱে মনোনীত হৈছে। বৰ্তমান আমেৰিকাৰ নাগৰিক যদিও বাৱেণ্ডী ফৰাচী মূলৰ আৰু একিমভ ৰাছিয়ান মূলৰ।

বুধবাৰে নোবেল কমিটীয়ে এক বিবৃতিত কয় যে তেওঁলোকক ‘কোৱাণ্টাম কণা’ (‘কোৱাণ্টাম ডট’) আৱিষ্কাৰ আৰু গৱেষণাৰ বাবে এই সন্মানীয় বঁটা প্ৰদান কৰা হৈছে। ৰয়েল ছুইডিছ একাডেমী অৱ ছায়েন্সৰ বিবৃতিত কোৱা হৈছে যে তিনিওজন বিজ্ঞানীৰ এই আৱিষ্কাৰে ইলেক্ট্ৰনিকছ, নেন’টেক ক্ষেত্ৰ আৰু স্বাস্থ্য গৱেষণাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। অৰ্ধপৰিবাহী নেন’স্ফটিক ‘কোৱাণ্টাম ডট’ প্ৰথমে চিনাক্ত কৰিছিল পদাৰ্থবিজ্ঞানী মাৰ্ক ৰিডে।

ব্ৰুচ আৰু একিম’ভে ইয়াৰ চৰিত্ৰায়ন আৰু উৎপাদন প্ৰক্ৰিয়াত যথেষ্ট অৰিহণা যোগাইছিল। বাৱেণ্ডীয়ে ৰাসায়নিক পদ্ধতিৰে ইয়াৰ উৎপাদনৰ ওপৰত পোহৰ পেলায়। ১৯৮০ চনত একিমভ আৰু ব্ৰুচে তামৰ ক্লৰাইড নেনোকণাৰ পৰা কোৱাণ্টাম কণিকাৰ অধ্যয়নত সফল হয়। নব্বৈৰ দশকত বাৱেণ্ডীয়ে ৰাসায়নিক প্ৰক্ৰিয়াৰে নিখুঁত ‘কোৱাণ্টাম ডট’ সৃষ্টি কৰিছিল।

কম্পিউটাৰ মনিটৰ আৰু টেলিভিছনৰ পৰ্দা ‘কোৱাণ্টাম ডট’ ভিত্তিক LED বা QLED প্ৰযুক্তিৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হয়। ইয়াৰ সহায়ত উন্নত এল ই ডি লেম্প বিকশিত কৰা হৈছে। জৈৱিক কলাৰ মানচিত্ৰ নিৰ্মাণৰ বাবেও ‘কোৱাণ্টাম ডট’ ব্যৱহাৰ কৰা হয়। একিমভ নিউয়ৰ্ক নেন’ক্ৰিষ্টাল টেকন’লজি ইনকৰ্পৰেশ্যনৰ প্ৰাক্তন মুখ্য বিজ্ঞানী। বৰ্তমান বাৱেণ্ডী মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজি (এম আই টি)ৰ অধ্যাপক। ব্ৰুচ আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়ত শিক্ষকতা আৰু গৱেষণাৰ সৈতে জড়িত।






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ