--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰত্যক্ষ প্ৰভাৱ এতিয়া বৰফৰ ভাণ্ডাৰ হিচাবে পৰিচিত পৃথিৱীৰ দুই মেৰুৰ ওপৰত পৰা পৰিলক্ষিত হৈছে।উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ বহু অঞ্চলত তাপমাত্ৰা বৰফ গলি যোৱা বাবে প্ৰয়োজনীয় সীমালৈ উৰ্ধগামী হোৱা দেখা গৈছে। ফলত দুই মেৰুতে আৰম্ভ হৈছে বৰফৰ ব্যাপক গলন।দুই মেৰুৰ অভূতপূৰ্ব উষ্ণতাই বিশ্বৰ বিজ্ঞানীসকলক বিচলিত কৰি তুলিছে। এণ্টাৰ্কটিকাৰ কনকৰ্ডিয়া গৱেষণা কেন্দ্ৰত কৰ্মৰত বিজ্ঞানীসকলে দুই মেৰুৰ বিভিন্ন স্থানত -১২.২ ডিগ্ৰী চেলচিয়াছ উচ্চতা হোৱাৰ তথ্য লাভ কৰিছে। ২০১৬ চনৰ ডিচেম্বৰ মাহত সেই স্থানসমূহৰ উষ্ণতা আছিল -১৩.৭ ডিগ্ৰী চেলচিয়াছ।


এণ্টাৰ্কটিকাৰ ভষ্টক ষ্টেচনত তাপমাত্ৰা -২০.৩ ডিগ্ৰী চেলচিয়াছ নথিভুক্ত কৰা হৈছে। মেৰুত কৰ্মৰত বিজ্ঞানীসকলে কৈছে যে শূন্য বা ১০ ডিগ্ৰী চেলচিয়াছৰ ওচৰত থকা যিকোনো তাপমাত্ৰাই “বৃহৎ তাপ প্ৰবাহ” ৰ কথাই চিহ্নিত কৰে।উত্তৰ মেৰু অৱস্থিত বৰফৰ ভাণ্ডাৰসমূহৰ উষ্ণতা গড় উষ্ণতাতকৈ ৫০ ডিগ্ৰী অধিক হোৱাৰ কথাত বিজ্ঞানীসকল চিন্তিত হৈ পৰিছে।এণ্টাৰ্কটিকাত থকা জলবায়ু বিষয়ক গৱেষক ষ্টেফানো বাটিষ্টাই টুইটাৰত লিখিছিল, “এয়া ভয়াৱহ দিনৰ আগজাননী।

”মেচাচুচেটছ বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপক ড. জুলি ব্ৰিঘাম-গ্ৰেটে কৈছে যে মেৰু অঞ্চল অধিক উষ্ণ হৈ পৰাৰ কাৰণ হ’ব পাৰে বিশ্বজুৰি পশ্চিমৰ পৰা পূৱলৈ প্ৰবাহিত হোৱা গৰম বায়ুৰ প্ৰবাহ।জলবায়ু পৰিৱৰ্তনৰ ফলত বতাহ “গধুৰ” হৈ পৰিছে, যাৰ ফলত দক্ষিণ ফালে ঠাণ্ডা প্ৰবাহ আৰু উত্তৰদিশে গৰম প্ৰবাহ ববলৈ আৰম্ভ কৰিছে।প্ৰায় ৯৮ শতাংশ অঞ্চল শীতল শুভ্ৰ বৰফে ঢাকি ৰখা সুমেৰুত ২০২০ চনৰ ছেপ্তেম্বৰ মাহত প্ৰচণ্ড জুই জ্বলা দেখা গৈছিল। এয়াও গোলকীয় উষ্ণতাৰেই প্ৰভাৱত হোৱা ঘটনা বুলি ধাৰণা কৰা হৈছিল।এনে পৰিস্থিতিত সুমেৰুৰ বৰফত আৰম্ভ হৈছিল বাপক মাত্ৰাত গলন।চপৰা –চপৰে খহি পৰিছিল সুমেৰুৰ বৰফ।





সুমেৰুত লগা জুইৰ ফলত বায়ু মণ্ডলত মিহলি হৈ পৰিছিল প্ৰায় ৬২ নিযুত টন বিষাক্ত কাৰ্বন ডাই অক্সাইড গেছ।এনে পৰিস্থিতিত সুমেৰুৰ বৰফত আৰম্ভ হৈছে বাপক মাত্ৰাত গলন।চপৰা –চপৰে খহি পৰিছে সুমেৰুৰ বৰফ।বিগত  সুমেৰুত লগা জুইৰ ফলত বায়ু মণ্ডলত মিহলি হৈ পৰিছে প্ৰায় ৬২ নিযুত টন বিষাক্ত কাৰ্বন ডাই অক্সাইড গেছ।সুমেৰুৰ এই জুইক বিজ্ঞানী সকলে নাম দিছে জাম্বো ফায়াৰ বুলি।জাম্বো ফায়াৰৰ সৈতে আমাৰ উমি উমি জ্বলি থকা তুঁহ জুইকুৰাৰ বহু মিল আছে।

এই জুই দেখাকৈ বহু সময়ত নজ্বলে যদিও তলে তলে এনে জুয়ে গ্ৰাস কৰি নিয়ে বৃহৎ অঞ্চল।সুমেৰুৰ অন্তৰ্গত ৰাছিয়াৰ ছাখা প্ৰদেশৰ লগতে ছাইবেৰিয়াত জাম্বো ফায়াৰে সংহাৰী ৰূপ ধাৰণ কৰি আহিছে।পুৰি চাৰখাৰ হৈছে সুমেৰুৰ অৱশিষ্ট বনভূমি।এতিয়ালৈকে সুমেৰুৰ ২১ হাজাৰ টন বৰফ গলি নিঃশেষ হৈছে।জাম্বো ফায়াৰ আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবেই ২০২০ চনত  সুমেৰুৰ পৰা বায়ু মণ্ডলত মিহলি হৈছে ২৮৮ নিযুত টন কাৰ্বন ডাই অক্সাইড। ফলত চিন্তিত হৈছে বিজ্ঞানীসকল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল