--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নেমুত ভিটামিন-‘চি’, ফাইবাৰ, পটাছিয়াম আৰু বহুতো পুষ্টিকৰ উপাদান থাকে।এই সকলোবোৰ উপাদানে ডায়েবেটিছ ৰোগীৰ বাবে বিভিন্ন ধৰণে কাম কৰে। ইয়াৰ সমান্তৰালকৈ ডায়েবেটিছ ৰোগত নেমু সেৱন কৰিলে আন বহুতো দিশতো উপকাৰী ফল লাভ কৰে। গতিকে জানো আহক ডায়েবেটিছ ৰোগীৰ বাবে নেমু কেনেদৰে উপকাৰী।

১. ডায়েবেটিছত নেমুৰ উপকাৰিতাঃ-নেমুত ২.৪ গ্ৰাম ফাইবাৰ থাকে, যিটো ডায়েবেটিছ ৰোগীৰ হৃদৰোগৰ বৃদ্ধি হোৱা সম্ভাৱনা ৰোধ কৰাত ফলপ্ৰসূ।নেমুত থকা উচ্চ আঁহৰ পৰিমাণে গ্লাইচেমিক নিয়ন্ত্ৰণ বৃদ্ধি কৰে আৰু ইনচুলিন নিৰ্ভৰশীলতা হ্ৰাস কৰাত সহায় কৰে। সেয়েহে ডায়েবেটিছ ৰোগীৰ বাবে নেমু উপকাৰী।

২. তেজৰ শৰ্কৰা হ্ৰাস কৰেঃ-নেমু হৈছে কম গ্লাইচেমিক ইনডেক্স থকা খাদ্য। আচলতে ইয়াৰ ভিটামিন-‘চি’য়ে ছুগাৰ শোষণ কৰাত সহায় কৰে। ইয়াৰ কিছুমান চাইট্ৰাছ ফ্লেভন’ইডে ষ্টাৰচ হজম কৰাত সহায় কৰে।ই অন্ত্ৰত ছুগাৰ শোষণ হ্ৰাস কৰিব পাৰে। একে নেমু কম গ্লাইচেমিক ইনডেক্স থকা খাদ্য যিয়ে ছুগাৰ স্পাইক ৰোধ কৰে। সেয়েয়ে ডায়েবেটিছ ৰোগীয়ে দৈনিক নেমু খাব লাগে।

৩. হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে অপৰিহাৰ্যঃ-নেমুত যথেষ্ট পৰিমাণে পটাছিয়াম থাকে। পটাছিয়ামে ৰক্তচাপ হ্ৰাস কৰাৰ লগতে ষ্ট্ৰোক আৰু হাৰ্টএটেকৰ পৰা ৰক্ষা কৰাত সহায় কৰে। সেয়েহে নেমুয়ে ডায়েবেটিছ ৰোগীৰ হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে আৰু ধমনীৰ ব্লকেজ হ্ৰাস কৰাত অৰিহনা যোগায়।




FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ