ডিজিটেল ডেস্ক: ওদালগুৰিৰ ৰৌতাত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। ধাননি পথাৰৰ মাজত ৰহস্যজনকভাৱে উদ্ধাৰ অচিনাক্ত মৃতদেহ।
ৰৌতাৰ সিধাখোৱা- ঝাঁৰগাঁৱৰ সোঁমাজৰ ধাননি পথাৰত কিছু সময় পূৰ্বে ৰাইজে প্রত্যক্ষ কৰে মৃতদেহটো।
মৃত লোকজনৰ ডিঙিত চুৰীৰে আঘাত কৰাৰ চিন স্পষ্ট ৰূপত দেখা গৈছে।
কোনো দুর্বৃত্তই হত্যা কৰি ধাননি পথাৰত পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। ঘটনাস্থলীত উপস্থিত হৈছে স্থানীয় ৰৌতা আৰক্ষী।
দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ আৰক্ষীৰ।
পৰৱর্তী সময়ত আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব এয়া হত্যা নে আন কিবা?