--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • প্ৰাপ্ত তথ্য অনুসৰি, GMCHলৈ স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়াৰ সময়তে নৰকাসুৰ পাহাৰৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা কৰে ৰামানুজে। আৰক্ষীৰ গাড়ীৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা কৰোতে পাহাৰৰ পৰা পৰি যায় ৰামানুজ।

ডিজিটেল ডেস্ক: গুৱাহাটীৰ বেলতলৰাৰ বশিষ্ঠপুৰৰ বহু চৰ্চিত পত্নী হত্যাকাণ্ডৰ অভিযুক্ত ৰামানুজ গোস্বামীৰ মৃত্যু হৈছে। পত্নী ৰিয়া তালুকদাৰক ৰামানুজে নৃশংসভাৱে শিৰচ্ছেদ কৰি হত্যা কৰাৰ ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল। আৰক্ষীৰ জিম্মাত থকা ৰামানুজ গোস্বামীয়ে সোমবাৰে পুৱতি নিশা পলায়নৰ চেষ্টা চলোৱাৰ সময়তে সংঘটিত এক দুৰ্ঘটনাত তেওঁৰ মৃত্যু হয়।


প্ৰাপ্ত তথ্য অনুসৰি, GMCHলৈ স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়াৰ সময়তে নৰকাসুৰ পাহাৰৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা কৰে ৰামানুজে। আৰক্ষীৰ গাড়ীৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা কৰোতে পাহাৰৰ পৰা পৰি যায় ৰামানুজ। কাহিলীপাৰাৰ নৰকাসুৰ পাহাৰৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা। GMCHত চিকিৎসকে মৃত ঘোষণা কৰে ৰামানুজ গোস্বামীক। 


উল্লেখ্য যে, কিছুদিন পূৰ্বে গুৱাহাটীৰ বেলতলাৰ বশিষ্ঠপুৰস্থিত এটা ফ্লেটত পত্নী ৰিয়া তালুকদাৰক অতি নিৰ্মমভাৱে হত্যা কৰি মৃতদেহৰ মুণ্ডচ্ছেদ কৰাৰ লগতে মূৰটো ফ্ৰিজৰ ভিতৰত পলিথিনত ভৰাই থৈছিল ৰামানুজে। ৬ ছেপ্টেম্বৰত পোহৰলৈ আহিছিল হত্যাকাণ্ডৰ কথা। 


এই লোমহৰ্ষক ঘটনাটোৱে সকলোৰে বুকু কঁপাই তুলিছিল। ঘটনাৰ পিছতে অভিযুক্ত ৰামানুজে নিজেই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল আৰু আদালতৰ নিৰ্দেশমৰ্মে তেওঁ ৭ দিনৰ আৰক্ষী জিম্মাত আছিল। জিম্মাত থকা অৱস্থাতে ৰামানুজ গোস্বামীৰ মৃত্যু হয়। 


উল্লেখ্য যে ৰিয়া তালুকদাৰৰ আদ্যশ্ৰাদ্ধৰ দিনাই মৃত্যু ঘটে ৰামানুজৰ। গৌৰীপুৰত বোৱাৰীৰ আদ্যশ্ৰাদ্ধ পাতিছিল ৰামানুজৰ পিতৃ-মাতৃয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ