--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফিটনেছৰ প্ৰতি সচেতন বুলি পৰিচিত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সোমবাৰে ঝালডা পৌৰসভাৰ এগৰাকী অতিৰিক্ত ওজনৰ অধ্যক্ষক তেওঁৰ উখহি উঠা পেট কিদৰে কমাব সেই বিষয়ে পৰামৰ্শ দিয়া দেখা যায়। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী গৰাকীয়ে টিএমচিৰ নেতাগৰাকীক অতিমাত্ৰ ওজনৰ বাবে হাৰ্ট ব্লককে ধৰি সম্ভাৱ্য স্বাস্থ্যজনিত বিপদৰ বিষয়ে সতৰ্ক কৰি দিয়ে আৰু সঠিক উপায়েৰে প্ৰণায়াম কৰিবলৈও নিৰ্দেশ দিয়ে।

প্ৰশাসনিক পৰ্যালোচনা বৈঠকৰ সময়ত সুৰেশ কুমাৰ আগৰৱালাক কয় যে, ‘আপোনাৰ পেটটো উখহি উঠা কিয়? আৰু ই যিদৰে বাঢ়িছে আপোনাৰ নিশ্চয়কৈ হাৰ্টব্লক হ'ব।’

মমতাৰ কথাৰ প্ৰতি সঁহাৰি জনাই আগৰৱালাই কয়, ‘মোৰ ওজন প্ৰায় ১২৫ কিলোগ্ৰাম। পকোৰা খাই বৰ ভাল পাওঁ। মই ঠিকেই আছো, ডায়বেটিক নাই, ব্লাড প্ৰেচাৰৰ কোনো সমস্যা নাই আৰু কোনো ঔষধ সেৱন কৰাৰো প্ৰয়োজনীয়তা আহি পৰা নাই। প্ৰতিদিনে প্ৰায় ডেৰ ঘণ্টা শাৰীৰিক ব্যায়াম কৰো।’

আনকি ঝলদা পৌৰসভাৰ অধ্যক্ষগৰাকীয়ে মুখ্যমন্ত্ৰীগৰাকীৰ সন্মুখত তেওঁ কেনেকৈ প্ৰণায়াম কৰে সেই কথা প্ৰদৰ্শন কৰি দিনটোত কমেও ১০০০ বাৰ কপালভাটী কৰা বুলিও সদৰী কৰে।আমোদজনক ভাব পৰিধান কৰা বেনাৰ্জীয়ে তাৰ পিছত টিএমচি নেতাগৰাকীক পকোৰা খোৱা বন্ধ কৰিবলৈ পৰামৰ্শ দিয়ে।

সংবাদ মাধ্যমৰ সৈতে মুখামুখি হোৱাত ৬২ বছৰীয়া আগৰৱালাই কয় যে, তেওঁ তেওঁৰ পৰামৰ্শ মানি চলিবলৈ নিশ্চিতভাৱে চেষ্টা কৰিব। ইফালে আজিৰ এই গুৰুত্বপূৰ্ণ সভাখনত পুৰুলীয়াত এখন চলচ্চিত্ৰ নগৰ নিৰ্মাণৰ পৰিকল্পনা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে বৈঠকত প্ৰকাশ কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ