--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গৱইক ২০২৫ চনৰ ১৪ মে'ৰ পৰা কাৰ্যকৰী হোৱাকৈ ভাৰতৰ মুখ্য ন্যায়াধীশ (চি জে আই) নিযুক্ত কৰে। কেন্দ্ৰীয় আইন মন্ত্রী অর্জুন ৰাম মেঘৱালে সামাজিক মাধ্যমত এই কথা জনায়। বৰ্তমানৰ চি জে আই সঞ্জীৱ খান্নাই ১৩ মে'ত অৱসৰ গ্ৰহণ কৰিব। ন্যায়াধীশ বি আৰ গৱই হ'ব ভাৰতৰ ৫২সংখ্যক চি জে আই। 

অৱশ্যে তেওঁ ছমাহহে ভাৰতৰ মুখ্য ন্যায়াধীশৰূপে কাৰ্যনিৰ্বাহ কৰিব। ২০২৫ চনৰ নৱেম্বৰত তেওঁ অৱসৰ গ্ৰহণ কৰিব। গৱইক ২০১৯ চনৰ ২৪ মে'ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰূপে নিযুক্তি দিয়া হৈছিল। ১৯৬০ চনৰ ২৪ নৱেম্বৰত মহাৰাষ্ট্ৰৰ অমৰাৱতীত গৱইৰ জন্ম হৈছিল। তেওঁৰ পিতৃ প্রয়াত আৰ এছ গৱই আছিল বিহাৰ আৰু কেৰালাৰ প্ৰাক্তন ৰাজ্যপাল তথা প্রখ্যাত সমাজকর্মী। নৱনিযুক্ত চি জে আই গৱয়ে ২০০৩ চনৰ ১৪ নৱেম্বৰত বোম্বে' উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশৰূপে তেওঁৰ ন্যায়িক জীৱন আৰম্ভ কৰিছিল। 

২০০৫ চনৰ ১২ নৱেম্বৰত তেওঁ স্থায়ী ন্যায়াধীশ হৈছিল। অনুসূচিত জাতিৰ পৰা নিযুক্ত গৱই হৈছে দ্বিতীয়গৰাকী চি জে আই। অনুসূচিত জাতিৰ প্ৰথমজন ভাৰতৰ মুখ্য ন্যায়াধীশ আছিল কে জি বালকৃষ্ণণ। চৰকাৰৰ বিমুদ্ৰাকৰণ আঁচনিৰ সমর্থন জনায় দিয়া ৰায় লিখিছিল ন্যায়াধীশ বি আৰ গৱয়ে। কোনো অভিযুক্তৰ সম্পত্তি ধ্বংস কৰাটো অসাংবিধানিক বুলিও গৱয়ে এক ঐতিহাসিক ৰায় দিছিল। ইলেক্টৰেল বণ্ডৰ সাংবিধানিকতা পৰীক্ষা কৰা পীঠতো আছিল বি আৰ গৱই।

উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ