--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশৰ অৰ্থনৈতিক অৱস্থা এতিয়া গভীৰ উদ্বেগৰ বিষয় হৈ পৰিছে। গোলকীয় কথা ঘৰুৱা অৰ্থনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ অৰ্থনৈতিক নীতিসমূহ নতুনকৈ নিৰ্ধাৰণ কৰাৰ সময় আহি পৰিছে। এই মন্তব্য কৰিছে দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী তথা কংগ্ৰেছ সাংসদ পি চিদাম্বৰমে। এখন সংবাদ মেল সম্বোধন কৰি চিদাম্বৰমে কয়, অৰ্থনৈতিক বিকাশৰ মন্দ গতি বিগত আঠ বছৰে কাৰ্যনিৰ্বাহ কৰি থকা চৰকাৰখনৰ হলমাৰ্ক বা পৰিচয়ৰ সূচক হৈ পৰিছে। আনহাতে, মহামাৰীৰ পৰৱৰ্তী সময়ৰ পুনৰুদ্ধাৰ প্ৰক্ৰিয়াও স্থবিৰতাৰে ভৰপূৰ বুলি অভিযোগ কৰিছে চিদাম্বৰমে।

কংগ্ৰেছৰ তিনিদিনীয়া চিন্তন শিবিৰত অৰ্থনৈতিক বিষয়বোৰ আলোচনাৰ বাবে ছোনিয়া গান্ধীয়ে গঠন কৰা অৰ্থনীতি বিষয়ক পেনেলৰ মুৰব্বী হৈ আছে পি চিদাম্বৰম। তেওঁ সংবাদ মেলখনত লগতে কয় যে, এতিয়া কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত অৰ্থনৈতিক সম্পৰ্কৰ পুনৰীক্ষণ কৰাৰো প্ৰয়োজন আহি পৰিছে।

তেওঁ চৰকাৰে অতি ত্ৰুটিপূৰ্ণভাৱে খচৰা প্ৰস্তুত কৰা ভুলভাৱে বলৱৎ কৰা জিএছিটিকো অৰ্থনৈতিক অৱস্থাৰ শোচনীয় ৰূপৰ বাবে জগৰীয়া কৰে। অভূতপূৰ্ব ধৰণে ৰাজ্যসমূহৰ অৰ্থনৈতিক পৰিস্থিতি ভংগুৰ হৈ পৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে, জৰুৰীভাৱে এই অৱস্থাৰ উন্নতিৰ বাবে প্ৰতিকাৰমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন আহি পৰিছে। চিদাম্বৰমে এই কথা আলোচনা কৰাৰ সময়ত তেওঁৰ সৈতে আছিল পেনেলৰ অন্যতম সদস্য গৌৰৱ বল্লভ আৰু সুপ্ৰিয়া শ্ৰীনেতৰ দৰে সদস্যও।

১৯৯১ চনত কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰে উদাৰীকৰণৰ জৰিয়তে নতুন যুগৰ সূচনা কৰিছে বুলি উল্লেখ কৰি চিদাম্বৰমে কয় যে, সম্পদ সৃষ্টি, নতুন ব্যৱসায় আৰু নতুন উদ্যোগী, এক বৃহৎ মধ্যবিত্ত শ্ৰেণী, লাখ লাখ চাকৰি, ৰপ্তানি আৰু ১০ বছৰৰ সময়ছোৱাত ২৭ কোটি লোকক দৰিদ্ৰতাৰ পৰা উলিয়াই অনাৰ ক্ষেত্ৰত দেশখনে যথেষ্ট লাভান্বিত হৈছে। 

‘৩০ বছৰৰ পিছত, এইটো অনুভৱ কৰা হৈছে যে বিশ্বব্যাপী আৰু ঘৰুৱা উন্নয়নৰ কথা বিবেচনা কৰি, অৰ্থনৈতিক নীতিসমূহৰ পুনৰ নিৰ্ধাৰণৰ বিষয়ে চিন্তা কৰাটো প্ৰয়োজনীয় হ'ব পাৰে।’ চিদাম্বৰমে কয়। তেওঁ লগতে কয়, ‘অৰ্থনৈতিক নীতিৰ পুনৰ নিৰ্ধাৰণে বৰ্ধিত অসমতা, জনসংখ্যাৰ তলৰ ১০ শতাংশৰ মাজত চৰম দৰিদ্ৰতা, গ্লোবেল হাংগাৰ ইণ্ডেক্স ২০২১ত ভাৰতৰ স্থান (১১৬ খন দেশৰ ভিতৰত ১০১) প্ৰশ্নবোৰো সমাধান কৰিব লাগিব’ তেওঁ লগতে কয়।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ