--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশৰ অৰ্থনৈতিক অৱস্থা এতিয়া গভীৰ উদ্বেগৰ বিষয় হৈ পৰিছে। গোলকীয় কথা ঘৰুৱা অৰ্থনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ অৰ্থনৈতিক নীতিসমূহ নতুনকৈ নিৰ্ধাৰণ কৰাৰ সময় আহি পৰিছে। এই মন্তব্য কৰিছে দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী তথা কংগ্ৰেছ সাংসদ পি চিদাম্বৰমে। এখন সংবাদ মেল সম্বোধন কৰি চিদাম্বৰমে কয়, অৰ্থনৈতিক বিকাশৰ মন্দ গতি বিগত আঠ বছৰে কাৰ্যনিৰ্বাহ কৰি থকা চৰকাৰখনৰ হলমাৰ্ক বা পৰিচয়ৰ সূচক হৈ পৰিছে। আনহাতে, মহামাৰীৰ পৰৱৰ্তী সময়ৰ পুনৰুদ্ধাৰ প্ৰক্ৰিয়াও স্থবিৰতাৰে ভৰপূৰ বুলি অভিযোগ কৰিছে চিদাম্বৰমে।

কংগ্ৰেছৰ তিনিদিনীয়া চিন্তন শিবিৰত অৰ্থনৈতিক বিষয়বোৰ আলোচনাৰ বাবে ছোনিয়া গান্ধীয়ে গঠন কৰা অৰ্থনীতি বিষয়ক পেনেলৰ মুৰব্বী হৈ আছে পি চিদাম্বৰম। তেওঁ সংবাদ মেলখনত লগতে কয় যে, এতিয়া কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত অৰ্থনৈতিক সম্পৰ্কৰ পুনৰীক্ষণ কৰাৰো প্ৰয়োজন আহি পৰিছে।

তেওঁ চৰকাৰে অতি ত্ৰুটিপূৰ্ণভাৱে খচৰা প্ৰস্তুত কৰা ভুলভাৱে বলৱৎ কৰা জিএছিটিকো অৰ্থনৈতিক অৱস্থাৰ শোচনীয় ৰূপৰ বাবে জগৰীয়া কৰে। অভূতপূৰ্ব ধৰণে ৰাজ্যসমূহৰ অৰ্থনৈতিক পৰিস্থিতি ভংগুৰ হৈ পৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে, জৰুৰীভাৱে এই অৱস্থাৰ উন্নতিৰ বাবে প্ৰতিকাৰমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন আহি পৰিছে। চিদাম্বৰমে এই কথা আলোচনা কৰাৰ সময়ত তেওঁৰ সৈতে আছিল পেনেলৰ অন্যতম সদস্য গৌৰৱ বল্লভ আৰু সুপ্ৰিয়া শ্ৰীনেতৰ দৰে সদস্যও।

১৯৯১ চনত কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰে উদাৰীকৰণৰ জৰিয়তে নতুন যুগৰ সূচনা কৰিছে বুলি উল্লেখ কৰি চিদাম্বৰমে কয় যে, সম্পদ সৃষ্টি, নতুন ব্যৱসায় আৰু নতুন উদ্যোগী, এক বৃহৎ মধ্যবিত্ত শ্ৰেণী, লাখ লাখ চাকৰি, ৰপ্তানি আৰু ১০ বছৰৰ সময়ছোৱাত ২৭ কোটি লোকক দৰিদ্ৰতাৰ পৰা উলিয়াই অনাৰ ক্ষেত্ৰত দেশখনে যথেষ্ট লাভান্বিত হৈছে। 

‘৩০ বছৰৰ পিছত, এইটো অনুভৱ কৰা হৈছে যে বিশ্বব্যাপী আৰু ঘৰুৱা উন্নয়নৰ কথা বিবেচনা কৰি, অৰ্থনৈতিক নীতিসমূহৰ পুনৰ নিৰ্ধাৰণৰ বিষয়ে চিন্তা কৰাটো প্ৰয়োজনীয় হ'ব পাৰে।’ চিদাম্বৰমে কয়। তেওঁ লগতে কয়, ‘অৰ্থনৈতিক নীতিৰ পুনৰ নিৰ্ধাৰণে বৰ্ধিত অসমতা, জনসংখ্যাৰ তলৰ ১০ শতাংশৰ মাজত চৰম দৰিদ্ৰতা, গ্লোবেল হাংগাৰ ইণ্ডেক্স ২০২১ত ভাৰতৰ স্থান (১১৬ খন দেশৰ ভিতৰত ১০১) প্ৰশ্নবোৰো সমাধান কৰিব লাগিব’ তেওঁ লগতে কয়।
 
FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ