--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এক ভাৰত, অতুলনীয় ভাৰত। সকলো বিবিধতা, বিচিত্ৰতাৰ মাজত একত্ৰিত ৰূপত উজলি উঠা ভাৰত। যি ভাৰত সকলো বিভেদৰ পৰা মুক্ত। বৈচিত্ৰ্যৰ মাজতো ঐক্যবদ্ধ আত্মীয়তাপূৰ্ণ এখন ভাৰতৰ নিদৰ্শন দেখিবলৈ পোৱা গ’ল শেহতীয়াকৈ। দেখা গ’ল দুগৰাকী অসাধাৰণ শিল্পীৰ অতুলনীয় গৰিমা আৰু যুগলবন্দীৰ শেষ ঝলকো। কিংবদন্তী সন্তুৰবাদক পণ্ডিত শিৱকুমাৰ শৰ্মাৰ শেষকৃত্যত তেওঁৰ শিল্পযাত্ৰাৰ একান্ত সংগী তথা প্ৰিয়বন্ধু তবলাৰ কিংবদন্তী জাকিৰ হুছেইনৰ অন্তৰস্পৰ্শী ভূমিকাই সকলোকে কৰি তুলিছে বিমোহিত। সমগ্ৰ বিশ্বকে সংগীতৰ যুগলবন্দীৰে দীৰ্ঘদিনে আলোড়িত কৰি অহা এই দুই তাৰকাৰ শেষ যুগলবন্দীয়েও শেষবাৰৰ বাবে সমগ্ৰ বিশ্বকে তেওঁলোকৰ বিশালত্ব আৰু অসাধাৰণত্বৰ নিদৰ্শন দেখুৱাবলৈ সক্ষম হ’ল।  

 

সংগীতেই যেন ধৰ্ম! আক্ষৰিক অৰ্থতেই যেন পণ্ডিত শিৱকুমাৰ শৰ্মাই সেই কথা প্ৰমাণ কৰি দেখুৱালে। অন্তিম যাত্ৰাত তেওঁৰ নশ্বৰ দেহ কান্ধত লৈ সংগ দিছিল বন্ধু জাকিৰ হুছেইনে। তেওঁ আনকি প্ৰিয়বন্ধুৰ নশ্বৰ দেহ পঞ্চভূতত বিলীন হৈ যোৱালৈকে ৰৈ আছিল চিতাৰ কাষত। সন্তুৰ সম্ৰাট শিৱ কুমাৰ শৰ্মাৰ সৈতে তেওঁৰ যুটিয়ে দেশ আৰু বিদেশৰ বিভিন্ন মঞ্চত আলোড়ন তুলিছিল দীৰ্ঘকাল ধৰিমৃত্যুৰ পাছতো যেন হাৰ মনা নাছিল সেই অটুত বন্ধুত্বই। শিৱ কুমাৰ শৰ্মাৰ নশ্বৰ দেহ কান্ধত লৈ শ্মশানলৈকে অগ্ৰসৰ হ’ল জাকিৰ হুছেইনে। ত্ৰিৰংগা পতাকাৰে মেৰিওৱা সন্তুৰ সম্ৰাটৰ শৰীৰ কান্ধত লৈ শ্মশানযাত্ৰী হোৱা জাকিৰ হুছেইনৰ এই কাৰ্যই ভাৰতৰ সাতাম পুৰুষীয়া সম্প্ৰীতি আৰু সাংস্কৃতিক বৈভৱকে যেন পুনৰ সমগ্ৰ বিশ্বৰ সন্মুখত প্ৰতিভাত কৰি তুলিলেশিল্পই একাত্ম কৰি বান্ধি ৰখা দুই শিল্পীৰ বন্ধুত্ব আৰু অভিন্ন সম্পৰ্কৰ নিদৰ্শনে সমগ্ৰ দেশতে জাতি আৰু ধৰ্মক লৈ চলা বিতৰ্কৰ মাজতে দেশৰ বৈচিত্ৰ্যময়তাৰ অনন্য নিদৰ্শ দাঙি ধৰিলেছ’চিয়েল মিডিয়াত এতিয়া এই ছবি ভাইৰেল হৈ পৰিছে।


কেৱল এই ছবিখনেই নহয় আন এখন ছবিয়ে নেটিজেনসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে। মুম্বাইৰ পৱনহংস শ্মশান পণ্ডিত শিৱকুমাৰ শৰ্মাৰ মৃতদেহ জ্বলি থকাৰ সময়ত তেওঁৰ কাষত থিয় হৈ আছে তবলাৰ চুলতান। অলপলক নয়নে জাকিৰ হুছেইন বন্ধুৰ জ্বলি থকা চিতালৈ চাই আছে। এই ছবিখনে মানুহৰ মনত যথেষ্ট ৰেখাপাত কৰা দেখিবলৈ পোৱা গৈছে। সংগীতপ্ৰেমীসকল আকৌ এবাৰ ৰোমাঞ্চিত হৈ উঠিছে এই যুগলবন্দী দেখি। এটা সময়ত, দুয়োজনৰ সুৰত মোহাবিষ্ট হোৱা অনপৰাগীসকলে শিৱকুমাৰৰ অন্তিম যাত্ৰাতো তবলাৰ বাদশ্বাহক এজন প্ৰকৃত বন্ধুৰ দায়িত্ব পালন কৰা দেখি প্ৰশংসাৰে ওপচাই পেলাইছে। ছ'চিয়েল মিডিয়াত ৰাতিটোৰ ভিতৰতে ভাইৰেল হৈ পৰা ছবিখন ভাৰতৰ বিভিন্ন ৰাজ্যত চলি থকা হিন্দু-মুছলমান বিভাজনমুখী কাম-কাজবোৰৰো যেন এক উপযুক্ত প্ৰত্যুত্তৰস্বৰূপ হৈ পৰিছেবৈচিত্ৰ্যৰ মাজৰ একীভূত, একত্ৰিত ভাৰতৰ এই মহান নিদৰ্শন হৈ পৰিছে অনুপ্ৰেৰণাৰ উৎসজাতি-ধৰ্মৰ ঊৰ্ধ্বত অৱস্থান কৰা সংগীতৰ এই যুটীটোৰ শেষ যুগলবন্দীয়ে সমগ্ৰ দেশকে সম্প্ৰীতি আৰু দায়বদ্ধতাৰ এটা অতুলনীয় নিদৰ্শন দেখুৱাই থৈ গৈছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ