--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এক ভাৰত, অতুলনীয় ভাৰত। সকলো বিবিধতা, বিচিত্ৰতাৰ মাজত একত্ৰিত ৰূপত উজলি উঠা ভাৰত। যি ভাৰত সকলো বিভেদৰ পৰা মুক্ত। বৈচিত্ৰ্যৰ মাজতো ঐক্যবদ্ধ আত্মীয়তাপূৰ্ণ এখন ভাৰতৰ নিদৰ্শন দেখিবলৈ পোৱা গ’ল শেহতীয়াকৈ। দেখা গ’ল দুগৰাকী অসাধাৰণ শিল্পীৰ অতুলনীয় গৰিমা আৰু যুগলবন্দীৰ শেষ ঝলকো। কিংবদন্তী সন্তুৰবাদক পণ্ডিত শিৱকুমাৰ শৰ্মাৰ শেষকৃত্যত তেওঁৰ শিল্পযাত্ৰাৰ একান্ত সংগী তথা প্ৰিয়বন্ধু তবলাৰ কিংবদন্তী জাকিৰ হুছেইনৰ অন্তৰস্পৰ্শী ভূমিকাই সকলোকে কৰি তুলিছে বিমোহিত। সমগ্ৰ বিশ্বকে সংগীতৰ যুগলবন্দীৰে দীৰ্ঘদিনে আলোড়িত কৰি অহা এই দুই তাৰকাৰ শেষ যুগলবন্দীয়েও শেষবাৰৰ বাবে সমগ্ৰ বিশ্বকে তেওঁলোকৰ বিশালত্ব আৰু অসাধাৰণত্বৰ নিদৰ্শন দেখুৱাবলৈ সক্ষম হ’ল।  

 

সংগীতেই যেন ধৰ্ম! আক্ষৰিক অৰ্থতেই যেন পণ্ডিত শিৱকুমাৰ শৰ্মাই সেই কথা প্ৰমাণ কৰি দেখুৱালে। অন্তিম যাত্ৰাত তেওঁৰ নশ্বৰ দেহ কান্ধত লৈ সংগ দিছিল বন্ধু জাকিৰ হুছেইনে। তেওঁ আনকি প্ৰিয়বন্ধুৰ নশ্বৰ দেহ পঞ্চভূতত বিলীন হৈ যোৱালৈকে ৰৈ আছিল চিতাৰ কাষত। সন্তুৰ সম্ৰাট শিৱ কুমাৰ শৰ্মাৰ সৈতে তেওঁৰ যুটিয়ে দেশ আৰু বিদেশৰ বিভিন্ন মঞ্চত আলোড়ন তুলিছিল দীৰ্ঘকাল ধৰি। মৃত্যুৰ পাছতো যেন হাৰ মনা নাছিল সেই অটুত বন্ধুত্বই। শিৱ কুমাৰ শৰ্মাৰ নশ্বৰ দেহ কান্ধত লৈ শ্মশানলৈকে অগ্ৰসৰ হ’ল জাকিৰ হুছেইনে। ত্ৰিৰংগা পতাকাৰে মেৰিওৱা সন্তুৰ সম্ৰাটৰ শৰীৰ কান্ধত লৈ শ্মশানযাত্ৰী হোৱা জাকিৰ হুছেইনৰ এই কাৰ্যই ভাৰতৰ সাতাম পুৰুষীয়া সম্প্ৰীতি আৰু সাংস্কৃতিক বৈভৱকে যেন পুনৰ সমগ্ৰ বিশ্বৰ সন্মুখত প্ৰতিভাত কৰি তুলিলে। শিল্পই একাত্ম কৰি বান্ধি ৰখা দুই শিল্পীৰ বন্ধুত্ব আৰু অভিন্ন সম্পৰ্কৰ নিদৰ্শনে সমগ্ৰ দেশতে জাতি আৰু ধৰ্মক লৈ চলা বিতৰ্কৰ মাজতে দেশৰ বৈচিত্ৰ্যময়তাৰ অনন্য নিদৰ্শ দাঙি ধৰিলে। ছ’চিয়েল মিডিয়াত এতিয়া এই ছবি ভাইৰেল হৈ পৰিছে।


কেৱল এই ছবিখনেই নহয় আন এখন ছবিয়েও নেটিজেনসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে। মুম্বাইৰ পৱনহংস শ্মশানত পণ্ডিত শিৱকুমাৰ শৰ্মাৰ মৃতদেহ জ্বলি থকাৰ সময়ত তেওঁৰ কাষত থিয় হৈ আছে তবলাৰ চুলতান। অলপলক নয়নে জাকিৰ হুছেইনে বন্ধুৰ জ্বলি থকা চিতালৈ চাই আছে। এই ছবিখনেও মানুহৰ মনত যথেষ্ট ৰেখাপাত কৰা দেখিবলৈ পোৱা গৈছে। সংগীতপ্ৰেমীসকল আকৌ এবাৰ ৰোমাঞ্চিত হৈ উঠিছে এই যুগলবন্দী দেখি। এটা সময়ত, দুয়োজনৰ সুৰত মোহাবিষ্ট হোৱা অনপৰাগীসকলে শিৱকুমাৰৰ অন্তিম যাত্ৰাতো তবলাৰ বাদশ্বাহক এজন প্ৰকৃত বন্ধুৰ দায়িত্ব পালন কৰা দেখি প্ৰশংসাৰে ওপচাই পেলাইছে। ছ'চিয়েল মিডিয়াত ৰাতিটোৰ ভিতৰতে ভাইৰেল হৈ পৰা ছবিখন ভাৰতৰ বিভিন্ন ৰাজ্যত চলি থকা হিন্দু-মুছলমান বিভাজনমুখী কাম-কাজবোৰৰো যেন এক উপযুক্ত প্ৰত্যুত্তৰস্বৰূপ হৈ পৰিছে। বৈচিত্ৰ্যৰ মাজৰ একীভূত, একত্ৰিত ভাৰতৰ এই মহান নিদৰ্শন হৈ পৰিছে অনুপ্ৰেৰণাৰ উৎস। জাতি-ধৰ্মৰ ঊৰ্ধ্বত অৱস্থান কৰা সংগীতৰ এই যুটীটোৰ শেষ যুগলবন্দীয়ে সমগ্ৰ দেশকে সম্প্ৰীতি আৰু দায়বদ্ধতাৰ এটা অতুলনীয় নিদৰ্শন দেখুৱাই থৈ গৈছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ