--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভাৰতৰ পৰা প্ৰথমবাৰৰ বাবে কে-পপ শিল্পী হিচাপে স্বীকৃতি লাভ কৰিছে ওড়িশাৰ এগৰাকী ১৮বছৰীয়া যুৱতীয়ে৷ তেওঁৰ নাম শ্ৰীয়া লেংকা। লেংকাক ব্ৰাজিলৰ গেব্ৰিয়েলা ডালচিনৰ সৈতে কোৰিয়ান পপ বেণ্ড ব্লেকছৱানৰ অংশ হিচাপে বাছনি কৰা হৈছে।

ইনষ্টাগ্ৰামত এই ঘোষণা কৰিছিল ব্লেকছৱানৰ লেবেল ডিআৰ মিউজিকে। ডি আৰ মিউজিকে এটা পোষ্টত কয় যে, ‘বিগত ছমাহে গ্ল'বেল অডিচন কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছত অৱশেষত শ্ৰীয়া আৰু গাবিক ব্লেকছৱানৰ সদস্য হিচাপে নিৰ্বাচিত কৰা হয়৷’


২০২০ চনত আত্মপ্ৰকাশ কৰা ব্লেকছৱান গোটটোত বৰ্তমান ছজন সদস্য আছে৷ তেওঁলোক হৈছে ক্ৰমে- ইয়ংহিউন, ফাটু, জুডি, লিয়া, শ্ৰীয়া, আৰু গাবি।

‘দ্য নিউজ ইনছাইট’ৰ মতে, ২০০৩ চনত ৰাউৰকেলাত শ্ৰীয়া লেংকাৰ জন্ম হৈছিল। তেওঁ হিন্দুস্তানী ধ্ৰুপদীৰ লগতে ওডিচি আৰু সমসাময়িক অন্যান্য নৃত্যৰো প্ৰশিক্ষণ গ্ৰহণ কৰিছে।

ৰাউৰকেলা যুৱতীগৰাকীক বিগত বৰ্ষৰ ছিউলত ব্লেকছৱানৰ সৈতে প্ৰশিক্ষণ ল'বলৈ ফাইনেলিষ্টসকলৰ মাজৰ পৰা নিৰ্বাচিত কৰা হৈছিল। ২০২০ চনৰ নৱেম্বৰত গোটটোৰ আটাইতকৈ পুৰণি সদস্য হাইমে ত্যাগ কৰাৰ পাছতে পঞ্চম সদস্যৰ সন্ধান আৰম্ভ কৰা হয়৷ যোৱা বছৰৰে মে'  মাহত, ডিআৰ মিউজিকে হাইমৰ স্থান ল'বলৈ এক গ্ল'বেল অডিচনো অনুষ্ঠিত কৰা হৈছিল। শ্ৰীয়া লেংকা আৰু গেব্ৰিয়েলা ডালচিন আছিল ৪,০০০ আবেদনকাৰীৰ মাজৰ পৰা নিৰ্বাচিত হোৱা ফাইনেলিষ্ট।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ