--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভাৰতৰ পৰা প্ৰথমবাৰৰ বাবে কে-পপ শিল্পী হিচাপে স্বীকৃতি লাভ কৰিছে ওড়িশাৰ এগৰাকী ১৮বছৰীয়া যুৱতীয়ে৷ তেওঁৰ নাম শ্ৰীয়া লেংকা। লেংকাক ব্ৰাজিলৰ গেব্ৰিয়েলা ডালচিনৰ সৈতে কোৰিয়ান পপ বেণ্ড ব্লেকছৱানৰ অংশ হিচাপে বাছনি কৰা হৈছে।

ইনষ্টাগ্ৰামত এই ঘোষণা কৰিছিল ব্লেকছৱানৰ লেবেল ডিআৰ মিউজিকে। ডি আৰ মিউজিকে এটা পোষ্টত কয় যে, ‘বিগত ছমাহে গ্ল'বেল অডিচন কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছত অৱশেষত শ্ৰীয়া আৰু গাবিক ব্লেকছৱানৰ সদস্য হিচাপে নিৰ্বাচিত কৰা হয়৷’


২০২০ চনত আত্মপ্ৰকাশ কৰা ব্লেকছৱান গোটটোত বৰ্তমান ছজন সদস্য আছে৷ তেওঁলোক হৈছে ক্ৰমে- ইয়ংহিউন, ফাটু, জুডি, লিয়া, শ্ৰীয়া, আৰু গাবি।

‘দ্য নিউজ ইনছাইট’ৰ মতে, ২০০৩ চনত ৰাউৰকেলাত শ্ৰীয়া লেংকাৰ জন্ম হৈছিল। তেওঁ হিন্দুস্তানী ধ্ৰুপদীৰ লগতে ওডিচি আৰু সমসাময়িক অন্যান্য নৃত্যৰো প্ৰশিক্ষণ গ্ৰহণ কৰিছে।

ৰাউৰকেলা যুৱতীগৰাকীক বিগত বৰ্ষৰ ছিউলত ব্লেকছৱানৰ সৈতে প্ৰশিক্ষণ ল'বলৈ ফাইনেলিষ্টসকলৰ মাজৰ পৰা নিৰ্বাচিত কৰা হৈছিল। ২০২০ চনৰ নৱেম্বৰত গোটটোৰ আটাইতকৈ পুৰণি সদস্য হাইমে ত্যাগ কৰাৰ পাছতে পঞ্চম সদস্যৰ সন্ধান আৰম্ভ কৰা হয়৷ যোৱা বছৰৰে মে'  মাহত, ডিআৰ মিউজিকে হাইমৰ স্থান ল'বলৈ এক গ্ল'বেল অডিচনো অনুষ্ঠিত কৰা হৈছিল। শ্ৰীয়া লেংকা আৰু গেব্ৰিয়েলা ডালচিন আছিল ৪,০০০ আবেদনকাৰীৰ মাজৰ পৰা নিৰ্বাচিত হোৱা ফাইনেলিষ্ট।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা