--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শালীনতাৰ সীমা উলংঘনৰ অভিযোগ থাইলেণ্ডৰ এখন কেফেৰ বিৰুদ্ধে। শেহতীয়াকৈ কোম্পানীটোৱে তেওঁলোকৰ চাহৰ বিজ্ঞাপন আড়ম্বৰপূৰ্ণভাৱে আৰম্ভ কৰিছিল। কিন্তু সাধাৰণৰ নাগৰিকৰ ৰোষত পৰি  অৱশেষত ক্ষমা খুজিবলৈ বাধ্য হ’ল কেফেৰ স্বত্বাধিকাৰী।

থাইলেণ্ডৰ ছুনকালা প্ৰদেশত কেইবাদিনো ধৰি চৰাইন কেফে নামটোৱে বিশেষ চৰ্চা লাভ কৰা দেখা গৈছে।  জানিবলৈ পোৱা মতে, কেফেখনত বিভিন্ন ধৰণৰ সুস্বাদু চাহ উপলব্ধ। কম সময়ৰ ভিতৰত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে কেফেখনে। কিন্তু আৰু অধিক গ্ৰাহকক আকৰ্ষণ কৰাৰ উদ্দেশ্যে কেফে কৰ্তৃপক্ষই আড়ম্বৰপূৰ্ণ প্ৰচাৰ কৌশল গ্ৰহণ কৰি ৰোষত পৰিবলগীয়া হ’ল।

কেফে কৰ্তৃপক্ষই ছ’চিয়েল মিডিয়াত এখন ছবি পোষ্ট কৰিছিল। ছবিখনত এজন ব্যক্তিয়ে কেফেত তৈয়াৰী ঠাণ্ডা পানীয় পেকেট লৈ থকা দেখা গৈছে। এইখিনিলৈকে সকলো ঠিকেই আছিল। কিন্তু পেকেটটোৰ গঠনক লৈ আপত্তি দৰ্শাইছে একাংশই। পেকেটৰ মূৰটো অলপ দীঘল কৰি পুৰুষৰ যৌনাংগৰ দৰে তৈয়াৰ কৰা হৈছিল। আৰু এই কথাটোৱে  গ্ৰাহকসকলৰ মাজত ক্ষোভৰ সৃষ্টি কৰে।

এই ছবিখন পোষ্ট কৰি  কেফে কৰ্তৃপক্ষই কেপচনত লিখিছে, ‘এইখন বেছি সময় নাচাব। সহ্য কৰিব নোৱাৰিব। ’ লগতে লিখিছে, ‘অনুগ্ৰহ কৰি বিষয়টো গুৰুত্ব সহকাৰে নল’ব৷ কেৱল কৌতুকৰ বাবে এনে কাৰ্য কৰা হৈছে।’ কিন্তু কেফে কৰ্তৃপক্ষৰ এই কৌতুক যে গুৰুতৰ কাৰণ হৈ পৰিব সেই বিষয়ে ভবা নাছিল কৰ্তৃপক্ষই। অৱশেষত, কেফেখনৰ বিৰুদ্ধে শালীনতা ভংগৰ অভিযোগ উত্থাপন হোৱাৰ লগে লগে কৰ্তৃপক্ষই গ্ৰাহকৰ ওচৰত ক্ষমা বিচাৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ