--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শালীনতাৰ সীমা উলংঘনৰ অভিযোগ থাইলেণ্ডৰ এখন কেফেৰ বিৰুদ্ধে। শেহতীয়াকৈ কোম্পানীটোৱে তেওঁলোকৰ চাহৰ বিজ্ঞাপন আড়ম্বৰপূৰ্ণভাৱে আৰম্ভ কৰিছিল। কিন্তু সাধাৰণৰ নাগৰিকৰ ৰোষত পৰি  অৱশেষত ক্ষমা খুজিবলৈ বাধ্য হ’ল কেফেৰ স্বত্বাধিকাৰী।

থাইলেণ্ডৰ ছুনকালা প্ৰদেশত কেইবাদিনো ধৰি চৰাইন কেফে নামটোৱে বিশেষ চৰ্চা লাভ কৰা দেখা গৈছে।  জানিবলৈ পোৱা মতে, কেফেখনত বিভিন্ন ধৰণৰ সুস্বাদু চাহ উপলব্ধ। কম সময়ৰ ভিতৰত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে কেফেখনে। কিন্তু আৰু অধিক গ্ৰাহকক আকৰ্ষণ কৰাৰ উদ্দেশ্যে কেফে কৰ্তৃপক্ষই আড়ম্বৰপূৰ্ণ প্ৰচাৰ কৌশল গ্ৰহণ কৰি ৰোষত পৰিবলগীয়া হ’ল।

কেফে কৰ্তৃপক্ষই ছ’চিয়েল মিডিয়াত এখন ছবি পোষ্ট কৰিছিল। ছবিখনত এজন ব্যক্তিয়ে কেফেত তৈয়াৰী ঠাণ্ডা পানীয় পেকেট লৈ থকা দেখা গৈছে। এইখিনিলৈকে সকলো ঠিকেই আছিল। কিন্তু পেকেটটোৰ গঠনক লৈ আপত্তি দৰ্শাইছে একাংশই। পেকেটৰ মূৰটো অলপ দীঘল কৰি পুৰুষৰ যৌনাংগৰ দৰে তৈয়াৰ কৰা হৈছিল। আৰু এই কথাটোৱে  গ্ৰাহকসকলৰ মাজত ক্ষোভৰ সৃষ্টি কৰে।

এই ছবিখন পোষ্ট কৰি  কেফে কৰ্তৃপক্ষই কেপচনত লিখিছে, ‘এইখন বেছি সময় নাচাব। সহ্য কৰিব নোৱাৰিব। ’ লগতে লিখিছে, ‘অনুগ্ৰহ কৰি বিষয়টো গুৰুত্ব সহকাৰে নল’ব৷ কেৱল কৌতুকৰ বাবে এনে কাৰ্য কৰা হৈছে।’ কিন্তু কেফে কৰ্তৃপক্ষৰ এই কৌতুক যে গুৰুতৰ কাৰণ হৈ পৰিব সেই বিষয়ে ভবা নাছিল কৰ্তৃপক্ষই। অৱশেষত, কেফেখনৰ বিৰুদ্ধে শালীনতা ভংগৰ অভিযোগ উত্থাপন হোৱাৰ লগে লগে কৰ্তৃপক্ষই গ্ৰাহকৰ ওচৰত ক্ষমা বিচাৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি