--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : নিউজিলেণ্ডৰ প্ৰাক্তন পেচাৰ ছাইমন ডুলে টুইটাৰত সন্মুখীন হৈছে তীব্ৰ আক্ৰমণৰ৷ ৰাজস্থান ৰয়েলছ (আৰআৰ)ৰ খেলুৱৈ তথা অসম সন্তান ৰিয়ান পৰাগৰ বিষয়ে কৰা মন্তব্যৰ পাছতে  নেটিজেনৰ ৰোষৰ বলি হৈ এতিয়া খেলুৱৈগৰাকীয়ে স্পষ্টীকৰণ দিব লগা হৈছে৷

ৰিয়ান পৰাগে যোৱা কেইটামান ছিজনৰ পৰা ৰয়েলছৰ হৈ খেলি আছে। কিন্তু কেইখনমান খেলৰ বাহিৰে, তেওঁ বিশেষভাৱে সফল হ'ব পৰা নাই। ৰাজস্থানে এইবাৰ ৰিয়ানক ৩.৮ কোটি টকাৰ বিনিময়ত চুক্তিবদ্ধ কৰিছিল চলিত ছিজনৰ বাবে৷ তাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ছাইমনে। পিছে ছাইমনৰ মন্তব্যৰ বিৰোধিতাৰে এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে কয় যে ৰিয়ান পৰাগ সম্পৰ্কে পূৰ্বৰ মন্তব্যবোৰ অপ্ৰয়োজনীয় আছিল। ৰিয়ান এজন সামাজিক মাধ্যমৰ তাৰকা কিন্তু সেইটো এখন খেলত গৌন বিষয় বুলি মন্তব্য কৰিছিল ছাইমন ডুলে।

এজন ক্ৰিকেট অনুৰাগীয়ে টুইটাৰযোগে উল্লেখ কৰে যে ছাইমন ডুলে তেওঁৰ সামান্য ৰেকৰ্ড থকা স্বত্বেও পৰাগক খেলিবলৈ আৰআৰৰ সিদ্ধান্তৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল আৰু সেয়া সঠিক আছিল, কিন্তু তেওঁ আৰ আৰ যুৱকজনক ৰাষ্ট্ৰীয় টিভিত ছ'চিয়েল মিডিয়া তাৰকা বুলি ক'ব নালাগিছিল। 

ছাইমন ডুলে সমালোচনাৰ সন্মুখীন হৈ আৰু অনুৰাগীজনৰ প্ৰতি তৎক্ষণাৎ সঁহাৰি দিছিল। তেওঁ কয় যে যদিও ৰিয়ান পৰাগ সঁচাকৈয়ে এজন ছ'চিয়েল মিডিয়া তাৰকা, আইপিএলত বেট আৰু বলৰ সৈতে তেওঁৰ পৰিসংখ্যা ইমান উৎসাহজনক নহয়। অৱশ্যে, ডুলে তেওঁৰ কথা সঠিকভাৱে জনোৱা নাছিল বাবে ক্ষমাও বিচাৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ