--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : নিউজিলেণ্ডৰ প্ৰাক্তন পেচাৰ ছাইমন ডুলে টুইটাৰত সন্মুখীন হৈছে তীব্ৰ আক্ৰমণৰ৷ ৰাজস্থান ৰয়েলছ (আৰআৰ)ৰ খেলুৱৈ তথা অসম সন্তান ৰিয়ান পৰাগৰ বিষয়ে কৰা মন্তব্যৰ পাছতে  নেটিজেনৰ ৰোষৰ বলি হৈ এতিয়া খেলুৱৈগৰাকীয়ে স্পষ্টীকৰণ দিব লগা হৈছে৷

ৰিয়ান পৰাগে যোৱা কেইটামান ছিজনৰ পৰা ৰয়েলছৰ হৈ খেলি আছে। কিন্তু কেইখনমান খেলৰ বাহিৰে, তেওঁ বিশেষভাৱে সফল হ'ব পৰা নাই। ৰাজস্থানে এইবাৰ ৰিয়ানক ৩.৮ কোটি টকাৰ বিনিময়ত চুক্তিবদ্ধ কৰিছিল চলিত ছিজনৰ বাবে৷ তাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ছাইমনে। পিছে ছাইমনৰ মন্তব্যৰ বিৰোধিতাৰে এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে কয় যে ৰিয়ান পৰাগ সম্পৰ্কে পূৰ্বৰ মন্তব্যবোৰ অপ্ৰয়োজনীয় আছিল। ৰিয়ান এজন সামাজিক মাধ্যমৰ তাৰকা কিন্তু সেইটো এখন খেলত গৌন বিষয় বুলি মন্তব্য কৰিছিল ছাইমন ডুলে।

এজন ক্ৰিকেট অনুৰাগীয়ে টুইটাৰযোগে উল্লেখ কৰে যে ছাইমন ডুলে তেওঁৰ সামান্য ৰেকৰ্ড থকা স্বত্বেও পৰাগক খেলিবলৈ আৰআৰৰ সিদ্ধান্তৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল আৰু সেয়া সঠিক আছিল, কিন্তু তেওঁ আৰ আৰ যুৱকজনক ৰাষ্ট্ৰীয় টিভিত ছ'চিয়েল মিডিয়া তাৰকা বুলি ক'ব নালাগিছিল। 

ছাইমন ডুলে সমালোচনাৰ সন্মুখীন হৈ আৰু অনুৰাগীজনৰ প্ৰতি তৎক্ষণাৎ সঁহাৰি দিছিল। তেওঁ কয় যে যদিও ৰিয়ান পৰাগ সঁচাকৈয়ে এজন ছ'চিয়েল মিডিয়া তাৰকা, আইপিএলত বেট আৰু বলৰ সৈতে তেওঁৰ পৰিসংখ্যা ইমান উৎসাহজনক নহয়। অৱশ্যে, ডুলে তেওঁৰ কথা সঠিকভাৱে জনোৱা নাছিল বাবে ক্ষমাও বিচাৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত