--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ‘ভাৰতে যুদ্ধ নকৰাকৈয়ে পাকিস্তানৰ ওচৰত হাৰ মানিলে’... ছ’চিয়েল মিডিয়াত  এনেদৰে আপত্তিজনক পোষ্ট দিয়াৰ বাবে গ্ৰেপ্তাৰ হ’ল এজন যুৱক।

পশ্চিম বংগৰ পূব ৱৰ্ধমান জিলাত ভাৰত বিৰোধী পোষ্ট কৰাৰ অপৰাধত মিলন শ্বেখ (৩২) নামৰ যুৱক এজনক গ্ৰেপ্তাৰ কৰে কাটোৱা আৰক্ষীয়ে। অভিযুক্তই ফেচবুকত লিখিছিল যে ভাৰতে যুদ্ধ নকৰাকৈয়ে পাকিস্তানৰ ওচৰত আত্মসমৰ্পণ কৰিছে। ইয়াৰ লগতে মিলন শ্বেখে বহু ভুৱা ছবিও পোষ্ট কৰিছিল। দেশদ্ৰোহকে ধৰি কেইবাটাও ধাৰাত অভিযুক্ত মিলন শ্বেখৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি চাৰিদিনীয়া আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

আৰক্ষীৰ মতে, অভিযুক্তই ফেচবুকত আপত্তিজনক আৰু বিভ্ৰান্তিকৰ পোষ্ট কৰি লিখিছিল যে ‘যুদ্ধত যোগদান নকৰাকৈয়ে ভাৰতে পাকিস্তানৰ সন্মুখত পৰাজয় মানি লৈছে। ইয়াৰ সমান্তৰালকৈ তেওঁ যুদ্ধবিধ্বস্ত অঞ্চলৰ ভুৱা আৰু আপত্তিজনক ছবিও শ্বেয়াৰ কৰি মানুহক বিপথে পৰিচালিত কৰাৰ লগতে ভাৰতীয় সেনাৰ মনোবল ভাঙিবলৈ চেষ্টা কৰিছিল বুলি অভিযোগ উঠিছে।

এই পোষ্টটো ক্ষন্তেকতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত যথেষ্ট ক্ষোভৰ সৃষ্টি হয়। এই সন্দৰ্ভত কাটোৱা থানাত এজাহাৰ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৪৯, ১৫২, ১৯৬, ১৯৭, ২৯৯, ২৫২, ২৫৫ বিএনএছএছ ধাৰাত গোচৰ ৰুজু কৰিছে।

এই ধাৰাত দেশদ্ৰোহ, জাতীয় বিৰোধী উচতনিমূলক বক্তব্য, দেশৰ সাৰ্বভৌমত্বক ভেঙুচালি কৰা আৰু সেনাৰ মনোবল ক্ষতিগ্ৰস্ত কৰা আদি গুৰুতৰ অভিযোগ উত্থাপিৃত হৈছে। কাটোৱা মহকুমা আদালতত হাজিৰ কৰোৱা হৈছে অভিযুক্ত যুৱকজনক। আৰক্ষীয়ে ৭ দিনৰ জিম্মাত বিচাৰিছিল যদিও আদালতে অভিযুক্তক চাৰি দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে অভিযুক্ত মিলন শ্বেখৰ পক্ষ ল’বলৈ কোনো অধিবক্তাই আদালতত হাজিৰ নহ’ল, যাৰ ফলত সামাজিক ক্ষোভৰ মাত্ৰা স্পষ্ট হৈ পৰিল। মিলন শ্বেখে ​​আৰক্ষীক জনোৱা মতে, তেওঁ এই কথা অজানিতে আৰু ভুলতে পোষ্ট কৰিছিল। আৰক্ষীয়ে বিষয়টো গুৰুতৰ ষড়যন্ত্ৰ বুলি তদন্ত কৰি আছে। সমগ্ৰ বিষয়টোৰ বিতং তদন্ত অব্যাহত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ