--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ‘ভাৰতে যুদ্ধ নকৰাকৈয়ে পাকিস্তানৰ ওচৰত হাৰ মানিলে’... ছ’চিয়েল মিডিয়াত  এনেদৰে আপত্তিজনক পোষ্ট দিয়াৰ বাবে গ্ৰেপ্তাৰ হ’ল এজন যুৱক।

পশ্চিম বংগৰ পূব ৱৰ্ধমান জিলাত ভাৰত বিৰোধী পোষ্ট কৰাৰ অপৰাধত মিলন শ্বেখ (৩২) নামৰ যুৱক এজনক গ্ৰেপ্তাৰ কৰে কাটোৱা আৰক্ষীয়ে। অভিযুক্তই ফেচবুকত লিখিছিল যে ভাৰতে যুদ্ধ নকৰাকৈয়ে পাকিস্তানৰ ওচৰত আত্মসমৰ্পণ কৰিছে। ইয়াৰ লগতে মিলন শ্বেখে বহু ভুৱা ছবিও পোষ্ট কৰিছিল। দেশদ্ৰোহকে ধৰি কেইবাটাও ধাৰাত অভিযুক্ত মিলন শ্বেখৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি চাৰিদিনীয়া আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

আৰক্ষীৰ মতে, অভিযুক্তই ফেচবুকত আপত্তিজনক আৰু বিভ্ৰান্তিকৰ পোষ্ট কৰি লিখিছিল যে ‘যুদ্ধত যোগদান নকৰাকৈয়ে ভাৰতে পাকিস্তানৰ সন্মুখত পৰাজয় মানি লৈছে। ইয়াৰ সমান্তৰালকৈ তেওঁ যুদ্ধবিধ্বস্ত অঞ্চলৰ ভুৱা আৰু আপত্তিজনক ছবিও শ্বেয়াৰ কৰি মানুহক বিপথে পৰিচালিত কৰাৰ লগতে ভাৰতীয় সেনাৰ মনোবল ভাঙিবলৈ চেষ্টা কৰিছিল বুলি অভিযোগ উঠিছে।

এই পোষ্টটো ক্ষন্তেকতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত যথেষ্ট ক্ষোভৰ সৃষ্টি হয়। এই সন্দৰ্ভত কাটোৱা থানাত এজাহাৰ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৪৯, ১৫২, ১৯৬, ১৯৭, ২৯৯, ২৫২, ২৫৫ বিএনএছএছ ধাৰাত গোচৰ ৰুজু কৰিছে।

এই ধাৰাত দেশদ্ৰোহ, জাতীয় বিৰোধী উচতনিমূলক বক্তব্য, দেশৰ সাৰ্বভৌমত্বক ভেঙুচালি কৰা আৰু সেনাৰ মনোবল ক্ষতিগ্ৰস্ত কৰা আদি গুৰুতৰ অভিযোগ উত্থাপিৃত হৈছে। কাটোৱা মহকুমা আদালতত হাজিৰ কৰোৱা হৈছে অভিযুক্ত যুৱকজনক। আৰক্ষীয়ে ৭ দিনৰ জিম্মাত বিচাৰিছিল যদিও আদালতে অভিযুক্তক চাৰি দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে অভিযুক্ত মিলন শ্বেখৰ পক্ষ ল’বলৈ কোনো অধিবক্তাই আদালতত হাজিৰ নহ’ল, যাৰ ফলত সামাজিক ক্ষোভৰ মাত্ৰা স্পষ্ট হৈ পৰিল। মিলন শ্বেখে ​​আৰক্ষীক জনোৱা মতে, তেওঁ এই কথা অজানিতে আৰু ভুলতে পোষ্ট কৰিছিল। আৰক্ষীয়ে বিষয়টো গুৰুতৰ ষড়যন্ত্ৰ বুলি তদন্ত কৰি আছে। সমগ্ৰ বিষয়টোৰ বিতং তদন্ত অব্যাহত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল