--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ভাৰত আৰু পাকিস্তানৰ যুদ্ধত পুনৰ শ্বহীদ হ’ল আন এজন ভাৰতীয় সেনা জোৱান। শ্বহীদ হ’ল বিহাৰৰ সেনা জোৱান ৰামবাবু সিং। সেনা জোৱানজন শ্বহীদ হোৱাৰ খবৰ পোৱাৰ পাছতেই সমগ্ৰ গাঁৱতে গভীৰ শোকৰ ছাঁ পৰিছে। তেওঁক জম্মু-কাশ্মীৰৰ ভাৰত-পাকিস্তান সীমান্তত পোষ্ট কৰা হৈছিল। বুধবাৰে শ্বহীদ ৰামবাবু সিঙৰ মৃতদেহ গৌতম বুধ নগৰ থানা এলেকাৰ নিজৰ জন্ম গাঁও বাচিলপুৰলৈ অনা হ’ব।

মাত্ৰ ৩ মাহ আগতে বিয়া হৈছিল জোৱান ৰামবাবুৰ। ৰামবাবুৰ পূৰ্বে সাৰণ জিলাৰ মহম্মদ ইমতিয়াজো পাকিস্তানৰ গুলীচালনাত শ্বহীদ হৈছিল। সোমবাৰে নিজ গাঁও নাৰায়ণপুৰত সমাধিস্থ কৰা হয়  মহম্মদ ইমতিয়াজক।

শ্বহীদ ৰামবাবুৰ পিতৃ বৰহাৰীয়া ব্লকৰ হৰিৰপুৰ পঞ্চায়তৰ বাসিন্দা ৰামবিচাৰ সিঙৰ ইতিমধ্যে দেহাৱসান ঘটিছে। ৰামবাবুৰ সৰুৰে পৰা দেশ সেৱা কৰাৰ সপোন আছিল। 

২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত বিবাহপাশত আবদ্ধ হোৱা জোৱান ৰামবাবুৱে বিয়াৰ মাত্ৰ কেইদিনমান পিছতে কৰ্তব্যলৈ উভতিছিল। এতিয়া তেওঁৰ শ্বহীদ হোৱাৰ খবৰে সকলোকে মৰ্মাহত কৰি তুলিলে। 

তেওঁৰ অন্তিম অনুষ্ঠান নিজ গাঁৱত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব। স্থানীয় প্ৰশাসন আৰু সেনাৰ বিষয়াসকলেও অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিব।

গাঁওবাসীয়ে কয় যে শ্বহীদ ৰামবাবুৰ বলিদানক লৈ সমগ্ৰ গাঁওখন গৌৰৱান্বিত। অৱশ্যে তেওঁৰ আকস্মিক বিদায়ে গাঁৱখনত অসহ্যকৰ যন্ত্ৰণাৰ সৃষ্টি কৰিছে।

জম্মু-কাশ্মীৰ সীমান্তত ৰামবাবু সিং শ্বহীদ হোৱাত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁক দেশে সদায় স্মৰণ কৰি থাকিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। শ্বহীদ জোৱানজনৰ পৰিয়াললৈ ৰাজ্য চৰকাৰে ৫০ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব।




FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত