--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ভাৰত আৰু পাকিস্তানৰ যুদ্ধত পুনৰ শ্বহীদ হ’ল আন এজন ভাৰতীয় সেনা জোৱান। শ্বহীদ হ’ল বিহাৰৰ সেনা জোৱান ৰামবাবু সিং। সেনা জোৱানজন শ্বহীদ হোৱাৰ খবৰ পোৱাৰ পাছতেই সমগ্ৰ গাঁৱতে গভীৰ শোকৰ ছাঁ পৰিছে। তেওঁক জম্মু-কাশ্মীৰৰ ভাৰত-পাকিস্তান সীমান্তত পোষ্ট কৰা হৈছিল। বুধবাৰে শ্বহীদ ৰামবাবু সিঙৰ মৃতদেহ গৌতম বুধ নগৰ থানা এলেকাৰ নিজৰ জন্ম গাঁও বাচিলপুৰলৈ অনা হ’ব।

মাত্ৰ ৩ মাহ আগতে বিয়া হৈছিল জোৱান ৰামবাবুৰ। ৰামবাবুৰ পূৰ্বে সাৰণ জিলাৰ মহম্মদ ইমতিয়াজো পাকিস্তানৰ গুলীচালনাত শ্বহীদ হৈছিল। সোমবাৰে নিজ গাঁও নাৰায়ণপুৰত সমাধিস্থ কৰা হয়  মহম্মদ ইমতিয়াজক।

শ্বহীদ ৰামবাবুৰ পিতৃ বৰহাৰীয়া ব্লকৰ হৰিৰপুৰ পঞ্চায়তৰ বাসিন্দা ৰামবিচাৰ সিঙৰ ইতিমধ্যে দেহাৱসান ঘটিছে। ৰামবাবুৰ সৰুৰে পৰা দেশ সেৱা কৰাৰ সপোন আছিল। 

২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত বিবাহপাশত আবদ্ধ হোৱা জোৱান ৰামবাবুৱে বিয়াৰ মাত্ৰ কেইদিনমান পিছতে কৰ্তব্যলৈ উভতিছিল। এতিয়া তেওঁৰ শ্বহীদ হোৱাৰ খবৰে সকলোকে মৰ্মাহত কৰি তুলিলে। 

তেওঁৰ অন্তিম অনুষ্ঠান নিজ গাঁৱত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব। স্থানীয় প্ৰশাসন আৰু সেনাৰ বিষয়াসকলেও অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিব।

গাঁওবাসীয়ে কয় যে শ্বহীদ ৰামবাবুৰ বলিদানক লৈ সমগ্ৰ গাঁওখন গৌৰৱান্বিত। অৱশ্যে তেওঁৰ আকস্মিক বিদায়ে গাঁৱখনত অসহ্যকৰ যন্ত্ৰণাৰ সৃষ্টি কৰিছে।

জম্মু-কাশ্মীৰ সীমান্তত ৰামবাবু সিং শ্বহীদ হোৱাত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁক দেশে সদায় স্মৰণ কৰি থাকিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। শ্বহীদ জোৱানজনৰ পৰিয়াললৈ ৰাজ্য চৰকাৰে ৫০ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ