--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগত তিনিমাহৰ ভিতৰত শুকুৰবাৰে দেশত দৈনিক কৰ’না সংক্ৰমণৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাইছে। ২৪ ঘণ্টাত ৪ হাজাৰৰ ওপৰলৈ বৃদ্ধি পাইছিল আক্ৰান্তৰ সংখ্যা। শনিবাৰৰ দিনটোত কৰ’নাক্ৰান্তৰ সংখ্যা শুকুৰবাৰৰ তুলনাত কিছু কম থাকিলেও চিন্তা মুক্ত হ’ব পৰা নাই দেশৰ নাগৰিক। আজিৰ দিনটোত পুনৰ প্ৰায় চাৰি হাজাৰ লোক এই মাৰাত্মক ভাইৰাছৰ কবলত পৰিছে। দেশত এনেদৰে কৰ’না সংক্ৰমণ পুনৰ বৃদ্ধি পোৱাৰ লগে লগে উদ্বিগ্ন হৈ পৰিছে  প্ৰশাসন। কৰ’নাসৃষ্ট পৰিৱেশৰ প্ৰতি লক্ষ্যৰাখি শুকুৰবাৰে কেন্দ্ৰই সৰ্বাধিক আক্ৰান্ত পাঁচখন ৰাজ্যলৈ সতৰ্কবাণী জাৰি কৰিছে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত ৩৯৬২ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। বৰ্তমান দেশত ২২ হাজাৰ ৪১৬ জন সক্ৰিয় কৰ’না ৰোগী আছে। প্ৰতিবেদন অনুসৰি, কৰ’নাই এদিনতে ২৬ জন লোকৰ প্ৰাণ কাঢ়িছে। দেশত এতিয়ালৈকে ক’ভিড ১৯ত মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৫ লাখ ২৪ হাজাৰ ৬৭৭ জন।

দৈনিক আক্ৰান্তৰ সংখ্যাৰ লগে লগে আৰোগ্যৰ হাৰো চিন্তনীয় বিষয় হৈ পৰিছে। পৰিসংখ্যা অনুসৰি, দেশত এই পৰ্যন্ত ৪ কোটি ২৬ লাখ ২০ হাজাৰ ৩৯৪ জন লোক কৰ’নাৰ পৰা মুক্তি লাভ কৰিছে। ইয়াৰে ২৬৯৭ জন লোক বিগত ২৪ ঘণ্টাত সুস্থ হৈ উঠিছে। আৰোগ্যৰ হাৰ ৯৮.৭৩ শতাংশলৈ হ্ৰাস পাইছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি, দেশত এই পৰ্যন্ত ১৯৩ কোটি ৯৬ লাখতকৈ অধিক লোকক কৰ’না ভেকচিনৰ ড’জ দিয়া হৈছে। ইয়াৰে ১১ লাখৰো অধিক লোকে শুকুৰবাৰে টিকাকৰণ কৰে।

ইফালে, কেন্দ্রই শেহতীয়া কৰ’না পৰিস্থিতিৰ প্ৰতি লক্ষ ৰাখি ৫খন ৰাজ্যলৈ সতৰ্কবাণী প্ৰেৰণ কৰিছে। তামিলনাডু, কেৰেলা, তেলেংগানা, কৰ্ণাটক আৰু মহাৰাষ্ট্ৰ চৰকাৰক এখন পত্ৰযোগে সতৰ্ক কৰি দিছে কেন্দ্ৰই। কৰ’নাসৃষ্ট পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিছে কেন্দ্ৰই। এই ৰাজ্যসমূহক কোনো ধৰণৰ লক্ষণ দেখা দিলে নমুনা পৰীক্ষাৰ ওপৰত অতিৰিক্ত গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰে ভিতৰত বিগত ৩দিনত মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকত এহেজাৰৰো অধিক লোক আক্ৰান্ত হৈছে। যিটো যথেষ্ট চিন্তাৰ বিষয় বুলি বিবেচিত হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ