--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগত তিনিমাহৰ ভিতৰত শুকুৰবাৰে দেশত দৈনিক কৰ’না সংক্ৰমণৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাইছে। ২৪ ঘণ্টাত ৪ হাজাৰৰ ওপৰলৈ বৃদ্ধি পাইছিল আক্ৰান্তৰ সংখ্যা। শনিবাৰৰ দিনটোত কৰ’নাক্ৰান্তৰ সংখ্যা শুকুৰবাৰৰ তুলনাত কিছু কম থাকিলেও চিন্তা মুক্ত হ’ব পৰা নাই দেশৰ নাগৰিক। আজিৰ দিনটোত পুনৰ প্ৰায় চাৰি হাজাৰ লোক এই মাৰাত্মক ভাইৰাছৰ কবলত পৰিছে। দেশত এনেদৰে কৰ’না সংক্ৰমণ পুনৰ বৃদ্ধি পোৱাৰ লগে লগে উদ্বিগ্ন হৈ পৰিছে  প্ৰশাসন। কৰ’নাসৃষ্ট পৰিৱেশৰ প্ৰতি লক্ষ্যৰাখি শুকুৰবাৰে কেন্দ্ৰই সৰ্বাধিক আক্ৰান্ত পাঁচখন ৰাজ্যলৈ সতৰ্কবাণী জাৰি কৰিছে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত ৩৯৬২ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। বৰ্তমান দেশত ২২ হাজাৰ ৪১৬ জন সক্ৰিয় কৰ’না ৰোগী আছে। প্ৰতিবেদন অনুসৰি, কৰ’নাই এদিনতে ২৬ জন লোকৰ প্ৰাণ কাঢ়িছে। দেশত এতিয়ালৈকে ক’ভিড ১৯ত মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৫ লাখ ২৪ হাজাৰ ৬৭৭ জন।

দৈনিক আক্ৰান্তৰ সংখ্যাৰ লগে লগে আৰোগ্যৰ হাৰো চিন্তনীয় বিষয় হৈ পৰিছে। পৰিসংখ্যা অনুসৰি, দেশত এই পৰ্যন্ত ৪ কোটি ২৬ লাখ ২০ হাজাৰ ৩৯৪ জন লোক কৰ’নাৰ পৰা মুক্তি লাভ কৰিছে। ইয়াৰে ২৬৯৭ জন লোক বিগত ২৪ ঘণ্টাত সুস্থ হৈ উঠিছে। আৰোগ্যৰ হাৰ ৯৮.৭৩ শতাংশলৈ হ্ৰাস পাইছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি, দেশত এই পৰ্যন্ত ১৯৩ কোটি ৯৬ লাখতকৈ অধিক লোকক কৰ’না ভেকচিনৰ ড’জ দিয়া হৈছে। ইয়াৰে ১১ লাখৰো অধিক লোকে শুকুৰবাৰে টিকাকৰণ কৰে।

ইফালে, কেন্দ্রই শেহতীয়া কৰ’না পৰিস্থিতিৰ প্ৰতি লক্ষ ৰাখি ৫খন ৰাজ্যলৈ সতৰ্কবাণী প্ৰেৰণ কৰিছে। তামিলনাডু, কেৰেলা, তেলেংগানা, কৰ্ণাটক আৰু মহাৰাষ্ট্ৰ চৰকাৰক এখন পত্ৰযোগে সতৰ্ক কৰি দিছে কেন্দ্ৰই। কৰ’নাসৃষ্ট পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিছে কেন্দ্ৰই। এই ৰাজ্যসমূহক কোনো ধৰণৰ লক্ষণ দেখা দিলে নমুনা পৰীক্ষাৰ ওপৰত অতিৰিক্ত গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰে ভিতৰত বিগত ৩দিনত মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকত এহেজাৰৰো অধিক লোক আক্ৰান্ত হৈছে। যিটো যথেষ্ট চিন্তাৰ বিষয় বুলি বিবেচিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ