--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: কাইলৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ৪৯সংখ্যক জন্মদিন৷ কাইলৈ তেওঁৰ সমৰ্থকসকলে জন্মদিন উদযাপন কৰিবলৈ যো-জা চলাইছে৷ প্ৰিয়নেতাগৰাকীৰ জন্মদিনটোক উলহ-মালহেৰে উদযাপন কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে যোগীৰ শুভাকাংক্ষীসকলে৷

যোগী আদিত্যনাথৰ জন্মদিন উপলক্ষে, তেওঁৰ সমৰ্থকসকলে কাইলৈ এটা ,১০০ কিলোগ্ৰাম ওজনৰ কেক কাটিব বুলি জানিব পৰা গৈছে। যোগীৰ জন্মদিন উপলক্ষে বিশেষভাৱে প্ৰস্তুত কৰি উলিওৱা এই বিশালকায় কেকটোৰ উচ্চতা ১৪ ফুট আৰু কেকটোৰ ব্যাস ১২ ফুট। খবৰ অনুসৰি, মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে অযোধ্যাকে ধৰি উত্তৰ প্ৰদেশৰ বিভিন্ন চহৰত প্ৰায় পাঁচ লাখ লোকে হনুমান চালিছা পাঠ কৰিব।

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ জন্মদিন উদযাপন এইবেলি বিশাল আয়োজনেৰে অনুষ্ঠিত ব৷ কিয়নো, যোগী আদিত্যনাথে উত্তৰ প্ৰদেশত একেৰাহে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈছে৷ যোগী আদিত্যনাথৰ ঘনিষ্ঠ সূত্ৰই কয় যে মুখ্যমন্ত্ৰীয়ে কেতিয়াও তেওঁৰ জন্মদিন উদযাপন কৰা নাছিল আৰু অনুষ্ঠানটোৰ প্ৰস্তুতিৰ বিষয়েও অৱগত নাছিল।

মুখ্যমন্ত্ৰীয়ে জন্মদিনত কেৱল শুভেচ্ছা গ্ৰহণ কৰে৷ মুখ্যমন্ত্ৰী হিচাপে বিগত পাঁচ বছৰত তেওঁ উদযাপন বাদ দিছে আৰু কেৱল তেওঁৰ ৰাজনৈতিক সহকৰ্মী আৰু আমোলাসকলৰ পৰা শুভেচ্ছা গ্ৰহণ কৰে। অৱশ্যে, এই বছৰ মুখ্যমন্ত্ৰী যোগীৰ সমৰ্থকসকলে তেওঁৰ জন্মদিন জাকজমকতাৰে উদযাপন কৰাৰ পৰিকল্পনা কৰিছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ১৯৭২ চনৰ জুনত উত্তৰাখণ্ডৰ পাউৰী গড়ৱালত জন্ম হৈছিল৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা