--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: কাইলৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ৪৯সংখ্যক জন্মদিন৷ কাইলৈ তেওঁৰ সমৰ্থকসকলে জন্মদিন উদযাপন কৰিবলৈ যো-জা চলাইছে৷ প্ৰিয়নেতাগৰাকীৰ জন্মদিনটোক উলহ-মালহেৰে উদযাপন কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে যোগীৰ শুভাকাংক্ষীসকলে৷

যোগী আদিত্যনাথৰ জন্মদিন উপলক্ষে, তেওঁৰ সমৰ্থকসকলে কাইলৈ এটা ,১০০ কিলোগ্ৰাম ওজনৰ কেক কাটিব বুলি জানিব পৰা গৈছে। যোগীৰ জন্মদিন উপলক্ষে বিশেষভাৱে প্ৰস্তুত কৰি উলিওৱা এই বিশালকায় কেকটোৰ উচ্চতা ১৪ ফুট আৰু কেকটোৰ ব্যাস ১২ ফুট। খবৰ অনুসৰি, মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে অযোধ্যাকে ধৰি উত্তৰ প্ৰদেশৰ বিভিন্ন চহৰত প্ৰায় পাঁচ লাখ লোকে হনুমান চালিছা পাঠ কৰিব।

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ জন্মদিন উদযাপন এইবেলি বিশাল আয়োজনেৰে অনুষ্ঠিত ব৷ কিয়নো, যোগী আদিত্যনাথে উত্তৰ প্ৰদেশত একেৰাহে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈছে৷ যোগী আদিত্যনাথৰ ঘনিষ্ঠ সূত্ৰই কয় যে মুখ্যমন্ত্ৰীয়ে কেতিয়াও তেওঁৰ জন্মদিন উদযাপন কৰা নাছিল আৰু অনুষ্ঠানটোৰ প্ৰস্তুতিৰ বিষয়েও অৱগত নাছিল।

মুখ্যমন্ত্ৰীয়ে জন্মদিনত কেৱল শুভেচ্ছা গ্ৰহণ কৰে৷ মুখ্যমন্ত্ৰী হিচাপে বিগত পাঁচ বছৰত তেওঁ উদযাপন বাদ দিছে আৰু কেৱল তেওঁৰ ৰাজনৈতিক সহকৰ্মী আৰু আমোলাসকলৰ পৰা শুভেচ্ছা গ্ৰহণ কৰে। অৱশ্যে, এই বছৰ মুখ্যমন্ত্ৰী যোগীৰ সমৰ্থকসকলে তেওঁৰ জন্মদিন জাকজমকতাৰে উদযাপন কৰাৰ পৰিকল্পনা কৰিছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ১৯৭২ চনৰ জুনত উত্তৰাখণ্ডৰ পাউৰী গড়ৱালত জন্ম হৈছিল৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ