--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শুনিবলৈ আচৰিত যেন লাগিলেও এইকথা সত্য যে, ভাৰতৰ ৭১ শতাংশ লোকৰে এতিয়াও স্বাস্থ্যকৰ খাদ্য গ্ৰহণৰ সক্ষমতা নাই। আনহাতে প্ৰতিবছৰে অপুষ্টিজনিত কাৰণৰ সৃষ্টি হোৱাৰ ৰোগৰ চিকাৰ হৈ মৃত্যু হয় ১.৭ নিযুত লোকৰ। এই তথ্য প্ৰকাশ পাইছে শেহতীয়া এক অধ্যয়নত। ‘চেণ্টাৰ ফৰ ছাইন্স এণ্ড এনভাৰমেণ্ট’ চমুকৈ ‘চিএছই’ আৰু ‘ডাউন টু আৰ্থ’ আলোচনীয়ে এই প্ৰতিবেদন প্ৰকাশ কৰিছে।  

 ‘ষ্টেট অব ইণ্ডিয়াজ এনভাৰমেণ্ট-২০২২’ শীৰ্ষক প্ৰতিবেদনখনত কোৱা হৈছে যে, পুষ্টিৰ সৈতে সম্পৰ্কিত বিভিন্ন ৰোগৰ ভিতৰত আছে শ্বাস-প্ৰশ্বাসজনিত ৰোগ, ডায়েবিটিছ, কেনচাৰ, ষ্ট্ৰোক, হৃদ ৰোগ আদি। প্ৰতিবেদনখনত কোৱা হৈছে যে, খাদ্যৰ তালিকাত ফল-মূল কমকৈ থকা, শাক-পাচলিৰ অভাৱ, হোল গ্ৰেইন নথকা, উচ্চ হাৰত সংসাধিত খাদ্য বিশেষকৈ মাংস গ্ৰহণ কৰা, ৰেড মীট বেছিকৈ খোৱা আৰু চেনীযুক্ত পানীয় গ্ৰহণৰ ফলতো বিভন্ন স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হয়।

 তিবেদনখনত কোৱা হৈছে যে, ৭১ শতাংশ ভাৰতীয়ই স্বাস্থ্যকৰ খাদ্যগ্ৰহণৰ পৰা বঞ্চিত হৈ আছে। স্বাস্থ্যকৰ খাদ্যবঞ্চিত লোকৰ গোলকীয় গড় হাৰ হৈছে ৪২ শতাংশ। ২০২১ চনৰ গ্লোবেল নিউট্ৰিচন ৰিপৰ্টই এই তথ্য প্ৰকাশ পাইছিল। সৰহসংখ্যক ভাৰতীয়ৰে খাদ্যৰ তালিকাত ফলমূল, শাক-পাচলি, মাহজাতীয় খাদ্য, বাদাম আৰু হোল গ্ৰেইন নাথাকে। তাৰ সলনি মাছ, মাংস আৰু গাখীৰজাতীয় বস্তুতে তেওঁলোকৰ খাদ্যৰ তালিকা সীমাবদ্ধ থাকে আৰু বহুতেই সেইখিনিও জোগাৰ কৰিবলৈ অক্ষম।

ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেচন’ৰ মতে যেতিয়া এজন লোকৰ আয়তকৈ স্বাস্থ্যকৰ খাদ্যৰ ব্যয় ৬৩ শতাংশৰ অধিক হয় তেতিয়া লোকজনক এই খাদ্য ক্ৰয়ৰ বাবে অক্ষম বুলি ধৰা হয়। ভাৰতত ২০ বছৰ বা তাৰ ঊৰ্ধ্বৰ এজন লোকে দৈনিক গড়ে মাত্ৰ ৩৫.৮ গ্ৰাম ফল-মূল খাবলৈ পায়। আনহাতে ইয়াৰ নিৰ্ধাৰিত পৰিমাণ হৈছে ২০০ গ্ৰাম। আনহাতে তেওঁলোকে শাক-পাচলি খাবলৈ পায় মাত্ৰ ১৬৮.৭ গ্ৰাম। অথচ ইয়াৰ নিৰ্ধাৰিত পৰিমাণ হৈছে দৈনিক ৩০০ গ্ৰাম।

কেদৰে এনে এজন প্ৰাপ্তবয়স্ক লোকে দৈনিক মাত্ৰ ২৪.৯ গ্ৰাম দাইল বা মাহজাতীয় শস্য আপ ৩.২ গ্ৰাম বাদাম খাবলৈ পায়। প্ৰতিবেদনখন কোৱা হৈছে যে, কিছু উন্নতি ঘটিলেও খাদ্যৰ তালিকা এতিয়াও স্বাস্থ্যকৰ হৈ উঠা নাই সৰহসংখ্যক ভাৰতীয়ৰ বাবে। এইক্ষেত্ৰত মূল্যবৃদ্ধিয়ে বিশেষ প্ৰভাৱ বিস্তাৰ কৰা বুলি প্ৰকাশ কৰা হৈছে।

কেৱল এয়াই নহয়, আন এটা দিশো এইখিনিতে মন কৰিব লাগিব যে, চৰকাৰে দৰিদ্ৰজনৰ বাবে বিনামূলীয়া চাউলৰ যোগান ধৰিছে ঠিকেই কিন্তু স্বাস্থ্যকৰ এসাঁজ খোৱাৰ বাবে বেছিভাগ লোকৰে কোনো সম্বল নাই। এনে পৰিস্থিতিত তেওঁলোক স্বাস্থ্যজনিত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাটো নিশ্চিত। চৰকাৰে এই পৰিস্থিতিৰ পৰা সৰ্বসাধাৰণত মুক্তি দিবলৈ কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হব। কিয়নো যদিহে স্বাস্থ্যকৰ এসাঁজ খোৱাৰ পৰা সৰ্বসাধাৰণ বঞ্চিত হৈ ৰয়, তেন্তে দেশৰ তথাকথিত প্ৰগতি অৰ্থহীন বুলিহে বিবেচিত হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ