--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশদ্ৰোহীসকলৰ  বিৰুদ্ধে চৰকাৰ আৰু আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। দেশৰ ভিন্ন কোণৰ পৰা গ্ৰেপ্তাৰ হৈছে বহুকেইজন। অসমতে এতিয়ালৈকে গ্ৰেপ্তাৰ হৈছে ৭১ জন দেশদ্ৰোহী। দেশদ্ৰোহীসকলক ৰেহাই দিয়া নহ'ব বুলি বাৰে বাৰে সকিয়াই থকা হৈছে। ইয়াৰ পাছতো ভাৰততে থাকি ভাৰতৰে হাৱা-পানী খাই পাকিস্তানক সমৰ্থন কৰা লোক ওলায়েই আছে। 

এইবাৰ পাকিস্তানক সমৰ্থন কৰি নিলম্বিত হ'ল এগৰাকী চৰকাৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰী। পাকিস্তানী সেনাৰ সপক্ষে পোষ্ট কৰিছিল শ্বাহনাজ পাৰবীন নামৰ শিক্ষয়িত্ৰীগৰাকীয়ে। শিক্ষয়িত্ৰী শ্বাহনাজ পাৰবীনে কৰা এই পোষ্ট ছ’চিয়েল মিডিয়াত মুহূৰ্ততে ভাইৰেল হৈছিল। পাকিস্তানৰ পক্ষ লৈ মন্তব্য কৰিছিল  শ্বাহনাজ পাৰবীনে। এই বিষয় পোহৰলৈ অহাৰ পাছতেই জিলা শিক্ষা বিভাগে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰি শিক্ষয়িত্ৰীগৰাকীক নিলম্বন কৰে।

এই ঘটনা মধ্যপ্ৰদেশৰ। জিলা শিক্ষা বিষয়া সঞ্জয় সিং টোমাৰে শ্বাহনাজ পাৰবীনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

শিক্ষা বিভাগে জনোৱা মতে, শ্বাহনাজ পাৰবীনে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা উলংঘা কৰিছিল আৰু ইয়াক অসৎ আচৰণ বুলি বিবেচনা কৰি এই সিদ্ধান্ত লোৱা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত