--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাজ্য চৰকাৰে ঢাক-ঢোল বজাই পঞ্চায়ত নির্বাচন পাতিছে আৰু কেইবাহাজাৰ প্রার্থী নামিছে পঞ্চায়ত দখলৰ যুঁজত; কিন্তু আমাৰ ৰাজ্যৰ পঞ্চায়তবোৰৰ অৱস্থা কি? জাতিৰ পিতা মহাত্মা গান্ধীয়ে পঞ্চায়তীৰাজ ব্যৱস্থাৰে গ্ৰাম স্বৰাজৰ সপোন দেখিছিল। 

নিয়ম মতে কথাই পতি গান্ধীৰ নাম লোৱা চৰকাৰে স্বৰাজোত্তৰ ৮টা দশকত পঞ্চায়তবিলাক চালে চকুৰোৱা কৰি তুলিব লাগিছিল। কিন্তু অসমত এই গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ বৃহৎ সংখ্যকৰ অৱস্থা জৰাজীৰ্ণ হৈয়ে আছে। তদুপৰি পঞ্চায়তীৰাজ ব্যৱস্থা সঠিকভাৱে চলিবলৈ নাই কৰ্মচাৰী। চৰকাৰে বছৰ বছৰ ধৰি যোগান ধৰা নাই গাড়ী। গাঁও পঞ্চায়তৰ প্ৰধান চালিকা শক্তি পঞ্চায়ত সচিবৰ বহু পদ দীর্ঘদিনৰ পৰা খালী হৈ আছে। 

অহা দুই আৰু সাত মে' তাৰিখে ৰাজ্যত দুটা পৰ্যায়ত তিনি তৰপীয়া ব্যৱস্থাৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। শাসকীয় পক্ষই গাঁও পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰৰ পৰা আৰম্ভ কৰি আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত সদস্যৰ সংখ্যা ৰাজহুৱা কৰিছে। ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ উদ্দেশ্য আগত ৰাখি পঞ্চায়তীৰাজ ব্যৱস্থাৰ নামত নির্বাচন অনুষ্ঠিত হ'ব যদিও চৰকাৰে স্থানীয় প্ৰশাসনৰ এই ব্যৱস্থাক কিমান গুৰুত্ব দিব সেই লৈ প্ৰশ্নৰ অৱতাৰণা হৈছে। কাৰণ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তুলিবলৈ ডিব্রুগড়ত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সচিবালয় নিৰ্মাণ কৰা হৈছে। টুইন টাৱাৰৰ আৰ্হিত সমন্বিত সঞ্চালকালয়ৰ লগতে আন আন বিভাগৰ সুউচ্চ অট্টালিকাৰে কাৰ্যালয়ৰ আন্তঃগাঁথনি নির্মাণ হৈছে। আনফালে জাতিৰ পিতা মহত্মা গান্ধীৰ সপোনৰ পঞ্চায়তীৰাজ ব্যৱস্থাৰ আধাৰ ২৫৮টা গাঁও পঞ্চায়তৰ কাৰ্যালয় জৰাজীৰ্ণ আন্তঃগাঁথনিৰে চলি আছে। 

পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ তথ্য অনুসৰি ৰাজ্যত থকা ২১৯২টা গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ ভিতৰত ১৯৩৪টাৰহে আন্তঃগাঁথনি উন্নত। পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ মন্ত্ৰীৰ গৃহ জিলা বৰপেটাতে ২৫টা গাঁও পঞ্চায়তৰ কাৰ্যালয় গৃহৰ আন্তঃগাঁথনি দুৰ্বল। কাছাৰত ৩৬ টা, হাইলাকান্দিত ৩৪ টা, শিৱসাগৰত ২২ টা, দৰঙত ১৫ টা, লখিমপুৰত ১৭ টা গাঁও পঞ্চায়তৰ কার্যালয় গৃহৰ অৱস্থা শোচনীয়। নির্বাচিত সভাপতিজনৰ পাছতে পঞ্চায়ত সচিবজন বিভাগীয়ভাৱে সর্বাধিক গুৰুত্বপূৰ্ণ কৰ্মচাৰী অৰ্থাৎ পঞ্চায়তৰ চালিকা শক্তি। কিন্তু ৰাজ্যৰ ৭৭৬টা গাঁও পঞ্চায়তত সচিবৰ পদ খালী হৈ আছে। পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তে নির্বাচিত প্রতিনিধিসকলে প্রতিমাহে পাৰিতোষিক পাব লাগে যদিও যোৱা কাৰ্যকালৰ বাবে নিৰ্বাচিতসকলে বছৰ বছৰ ধৰি পাৰিতোষিক নোপোৱাকৈ দায়িত্ব এৰিবলগীয়া হৈছিল। পঞ্চায়তীৰাজ ব্যৱস্থাত উন্নয়ন খণ্ডসমূহৰ গুৰুত্ব সৰ্বাধিক। কিন্তু এই উন্নয়ন খণ্ডসমূহলৈ শেষবাৰৰ বাবে ২০১৩-১৪ চনতে চৰকাৰে গাড়ীৰ যোগান ধৰিছিল। সেই গাড়ীসমূহ এতিয়া অচল হৈ আছে। অর্থাৎ ৰাজ্য চৰকাৰে যোৱা ১১ টা বছৰ ধৰি ২৯৯ টা উন্নয়ন খণ্ডলৈ যোগান ধৰা নাই এখনো গাড়ী। পঞ্চায়ত আৰু গ্রামোন্নয়ন এটা বিয়াগোম বিভাগ। তৃণমূল পৰ্যায়ৰ লগত এই বিভাগটোৰ সম্পৰ্ক থাকিব লাগে। 

বিভাগটোৰ তথ্য মতে জিলা পৰিষদ পর্যায়ত ৫৯৪টা আৰু উন্নয়ন খণ্ড পর্যায়ত ২৭১০ টা পদ খালী হৈ আছে। বিভিন্ন পর্যায়ত ৭৫৮৭ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ দ্বাৰা কাম-কাজ চলাই থকা হৈছে যদিও সেই কৰ্মচাৰীসকলক নিয়মীয়াকৰণ কৰি পঞ্চায়তীৰাজ ব্যৱস্থাক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া নাই ৰাজ্য চৰকাৰে। পঞ্চায়ত নিৰ্বাচনৰ অন্তত তিনিতৰপীয়াকৈ গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদসমূহ গঠন হ'ব। নিৰ্বাচনৰ পাছত প্রকৃততে ক্ষমতা বিকেন্দ্রীকৰণৰ জৰিয়তে গ্রাম্য শাসন ব্যৱস্থা শক্তিশালী কৰা হ'ব নে পঞ্চায়তসমূহ আগৰ দৰে জৰাজীৰ্ণ গৃহত কৰ্মচাৰী, পঞ্চায়ত সচিবৰ অবিহনে স্থানীয় প্রশাসন পৰিচালিত হ'ব এই প্ৰশ্নৰ অৱতাৰণা কৰিছে বিভাগটোৰ তথ্যই।

উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়