--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ পত্নীৰ সৈতে পাকিস্তানৰ কি লিংক আছে সেয়া তদন্ত কৰাৰ বাবে অসম আৰক্ষীৰ এছ আই টিয়ে অহা জুন- জুলাই মাহত সাংসদগৰাকীৰ লগতে তেওঁৰ পত্নীক সোধা-পোছা কৰিব। 

বৃহস্পতিবাৰে এই কথা প্রকাশ কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। লোকসেৱা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিগত সময়ছোৱাত এছ আই টিয়ে বিভিন্ন সংস্থা, ব্যক্তিৰ সৈতে কথা পাতিছে। ইতিমধ্যে তদন্ত প্রক্রিয়া বহুখিনি আগবাঢ়িছে। অহা জুন-জুলাই মাহত সাংসদগৰাকীৰ লগতে তেওঁৰ পৰিয়ালৰ মতামত গ্ৰহণ কৰি ছেপ্টেম্বৰ মাহৰ ভিতৰত এছ আই টিয়ে নিজৰ প্ৰতিবেদন দাখিল কৰিব।' 

আনহাতে, সাংসদ গগৈ পোন্ধৰ দিন অসম আৰু ভাৰত চৰকাৰক নজনোৱাকৈ ইছলামাবাদত আছিল বুলি জনাই তেওঁ লগতে কয়, 'ৰাইজৰ চকুৰ পৰা আঁতৰি পঞ্জাবৰ তেওঁ আটাৰী সীমান্তৰে পাকিস্তানলৈ গৈছিল। কোনে তেওঁক সীমান্তৰ পৰা ইছলামাবাদলৈ লৈ গ'ল। তেওঁ তাত কি কৰি আছিল? সেয়া এক ডাঙৰ প্রশ্ন। ইতিমধ্যে এছ আই টিয়ে অত্যন্ত গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিছে। আনকি সাংসদগৰাকীৰ পত্নী পাকিস্তানৰ পৰা আহি নতুন দিল্লীত আন এটা সংস্থাত যোগদান কৰাৰ পাছতো তেওঁ পাকিস্তানৰ পৰাই তিনি বছৰ ধৰি বেতন পাই আছিল। সাংসদগৰাকীৰ পত্নীৰ বেতন উক্ত সংস্থাটোলৈ পাকিস্তানৰ পৰা আহিছিল। এই সকলো তথ্য অসম আৰক্ষীৰ হাতত আছে। 

আনকি এছ আই টিয়ে সংস্থাটোৰ বিষয়াসকলক সোধা-পোছা কৰাৰ সময়ত তেওঁলোকে প্রকাশ কৰিছে যে এই ব্যক্তিগৰাকীক আমাৰ কোনো প্রয়োজন নাছিল। কিন্তু পাকিস্তানৰ পৰা কোৱা হৈছিল যে তেওঁৰ বেতন আমি দিম। তেওঁক আপোনালোকে চাকৰিত ৰাখক।' সাংসদ গগৈৰ পত্নীৰ পাকিস্তান লিংক সন্দর্ভত অনাগত দিনত আৰু বহুতো তথ্য পোহৰলৈ আহিব বুলি অৱগত কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয়, 'এছ আই টিয়ে দাখিল কৰা প্রতিবেদন সদনত দাখিল কৰাৰ লগতে সংবাদ মাধ্যমৰ আগত ৰাজহুৱা কৰা হ'ব। আমি যিমানখিনি পাৰোঁ তদন্ত কৰিম আৰু নোৱৰাখিনি কেন্দ্ৰীয় চৰকাৰৰ সংস্থাক প্রদান কৰিম।' 

প্রণিধানযোগ্য যে একমাত্র পাকিস্তানেই নহয়, নেপাললৈকো গৈছিল সাংসদ গগৈ। মুখ্যমন্ত্রীয়ে প্ৰকাশ কৰা মতে, 'যিসময়ত আই এছ আই নেপালত সক্রিয় হৈ আছিল, সেই সময়ত সাংসদগৰাকী নেপাললৈও গৈছিল। তেওঁ ৰাজহুৱা কামত দেশখনলৈ যোৱা নাছিল। সেয়েহে আমি নেপাল আৰু পাকিস্তানৰ ভ্ৰমণৰ কিবা সম্পর্ক আছে নেকি, সেয়াও পৰীক্ষা কৰি আছোঁ। কিয়নো ইয়াৰ সৈতে দেশৰ সুৰক্ষাৰ বিষয়টো জড়িত হৈ আছে।'

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ