--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : 'যেতিয়ালৈকে গৌৰৱ গগৈ প্রদেশ কংগ্ৰেছৰ সভাপতি নহয়, সেই পর্যন্ত অসমত বিৰোধী ঐক্যমঞ্চ সম্ভৱ নহয়। ভূপেন বৰা আৰু গৌৰৱ গগৈৰ কাজিয়াৰ বাবেই পঞ্চায়ত নির্বাচনত নহ'ল বিৰোধীৰ মিত্ৰতা। শিৱসাগৰত শনিবাৰে এই বিস্ফোৰণ ঘটালে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। 

শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কালি কংগ্ৰেছ দলৰ লগতে কংগ্ৰেছ নেতা, সাংসদ গৌৰৱ গগৈ, বিৰোধী দলপতি দেৱব্রত শইকীয়া আৰু কংগ্ৰেছ নেতা শুভ্রমিত্ৰ গগৈৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে। বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত পঞ্চায়ত নিৰ্বাচনৰ সন্দৰ্ভত সাংসদ গৌৰৱ গগৈ, বিৰোধী দলপতি দেৱব্রত শইকীয়া আৰু কংগ্ৰেছ নেতা শুভ্রমিত্র গগৈৰ বিৰুদ্ধে এটাৰ পাছত এটা বিস্ফোৰক অভিযোগ উত্থাপন কৰি যায়। সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ দলৰ সৈতে কংগ্রেছে মিত্ৰতা নকৰাৰ সন্দর্ভত প্রদেশ কংগ্রেছকে পোনছাটে দোষাৰোপ কৰে। 

বিধায়কগৰাকীয়ে কয় যে পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত কংগ্ৰেছে ৰাইজৰ দলৰ সৈতে বিশ্বাসঘাতকতা কৰিছে। তেওঁ কয় যে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ বাবে অসমত ৰাইজৰ দলৰ সৈতে কংগ্ৰেছে মিত্ৰতা কৰাৰ পৰা বিৰত আছে। যদি ভূপেন বৰাৰ নেতৃত্বত ৰাইজৰ দলৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা হয় তেন্তে কংগ্ৰেছৰ ফলাফল অতিকৈ ভাল হ'লহেঁতেন। কিন্তু গৌৰৱ গগৈয়ে এনে হ'বলৈ দিয়া নাই। যদিহে গৌৰৱ গগৈয়ে অসম প্রদেশৰ সভাপতি হিচাপে দায়িত্ব লয় সেইদিনাহে কংগ্ৰেছে বিৰোধী ঐক্য মঞ্চ গঠন কৰিব। শিৱসাগৰতো যোৱাটো বিধানসভাৰ নির্বাচনত শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকটত প্রতিদ্বন্দ্বিতা আগবঢ়োৱা শুভ্রমিত্ৰ গগৈ আৰু শিৱসাগৰ জিলা কংগ্ৰেছৰ সভাপতি মঞ্জীৰ গগৈক ৰাইজৰ দলৰ সৈতে মিত্ৰতা নকৰিবলৈ সাংসদ গৌৰৱ গগৈয়ে আৰু অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই নির্দেশ দিছে।

বিশেষকৈ শিৱসাগৰ জিলাখনত ৰাইজৰ দলৰ সৈতে কংগ্ৰেছক মিত্ৰতা কৰিবলৈ নিদিয়াৰ মূল ব্যক্তিগৰাকীয়েই হ'ল কংগ্ৰেছ নেতা শুভ্রমিত্র গগৈ। শুভ্রমিত্র গগৈ দাদা বিগ্ৰেডৰ মানুহ হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী পীযূষ হাজৰিকাৰ মানুহ হোৱাৰ সমান্তৰালভাৱে একেটা সময়তে সাংসদ গৌৰৱ গগৈৰো শুভ্রমিত্র গগৈ এগৰাকী প্রিয় মানুহ হয় বুলি অখিল গগৈয়ে অভিযোগ কৰে। 

তেওঁ কয় যে গৌৰৱ গগৈৰ সন্দৰ্ভত আইএছআইক কেন্দ্ৰ কৰি যিটো গোচৰ আছে এই গোচৰৰ বাবেই গৌৰৱ গগৈ বিজেপি চৰকাৰৰ ওচৰত দুৰ্বল হৈ পৰিছে। এইবাৰ পঞ্চায়ত নিৰ্বাচনত গৌৰৱ গগৈক এই গোচৰৰ বাবেই একলগ হ'বলৈ দিয়া নাই বুলি এক বিস্ফোৰক অভিযোগ বিধায়ক অখিল গগৈয়ে উত্থাপন কৰে। ইফালে বিধায়ক অখিল গগৈয়ে উত্থাপন কৰা এনে গুৰুতৰ অভিযোগৰ বিৰুদ্ধে কংগ্ৰেছ - নেতা শুভ্রমিত্র গগৈ সৰৱ হৈ পৰিছে। নেতাগৰাকীয়ে কয় যে কাৰাৰুদ্ধ হৈ চিকিৎসাধীন অৱস্থাত থকা মানুহজনে নির্বাচনত জয়ী হৈ কাৰ আশীৰ্বাদ লাভকৰি কাৰাগাৰৰ পৰা বাহিৰ হ'ল সেয়া অসমৰ জনসাধাৰণে জানে। প্রথমে নিজৰ দলটোক অখিল গগৈয়ে ঠিক কৰি লওক। বাৰে বাৰে তেওঁ কিয় কংগ্ৰেছৰ লগত মিত্ৰতা কৰিবলৈ ঘূৰি ফুৰে সেয়াহে এক ৰহস্যৰ বিষয়। আমি আজন্ম কংগ্রেছী। এটা সময়ত বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ নেতা আছিল। কংগ্ৰেছ চৰকাৰত তেওঁ মন্ত্ৰী আছিল। তেওঁৰ লগত মোৰ লগতে কংগ্ৰেছৰ বহু সতীৰ্থৰ পূৰ্বতে সম্পৰ্ক আছিল। আমি কংগ্ৰেছৰ বেয়া দিনৰ পৰাই কংগ্ৰেছৰ সৈতে একজোঁট হৈ আছোঁ। অখিল গগৈয়ে নিজৰ প্ৰাৰ্থী জয়ী কৰোৱাৰ প্ৰচেষ্টা হাতত ন'লৈ মোৰ পিছত লাগি আছে। যদি অখিল গগৈক ওলোটাই প্রশ্ন কৰা হয়, তেওঁ যে আগতে হাতত ৰঙা-নীলা ফাইলকেইটা লৈ প্ৰতিবাদৰ নামত ঘূৰি ফুৰিছিল সেই ফাইলকেইটা এতিয়া ক'ত হেৰাল। তেওঁ কিয় সেই ৰঙা-নীলা ফাইলকেইটাৰ কথা ৰাজহুৱা নকৰে। এই ফাইলকেইটাক লৈ আমাৰ সন্দেহ আছে। সেই ফাইলকেইটা তেওঁৰ হাতৰ পৰা নাইকিয়া হোৱাৰ ৰহস্য কি বুলি শুভ্রমিত্র গগৈয়ে আন এক অভিযোগ আখিল গগৈৰ বিৰুদ্ধে উত্থাপন কৰে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement