--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খেলপথাৰত তাৰকা ফুটবলাৰ  ক্ৰিষ্টিয়ানো ৰ’নাল্ডৰ খং উঠা দেখিছে অনুৰাগীয়ে।  কিন্তু এইবাৰ, মানচেষ্টাৰ ইউনাইটেডৰ ষ্ট্ৰাইকাৰজনে খেলপথাৰৰ বাহিৰত খঙৰ ভমকত এজন অনুৰাগীৰ ভাঙিলে ফোন। ভিডিঅ'টো ছ’চিয়েল মাধ্যমত ভাইৰেল হৈ পৰিছে। তাৰকা ফুটবলাৰ গৰাকীৰ এনে কাৰ্যক সমালোচনাৰ দৃষ্টিৰে চাইছে একাংশই। অৱশ্যে, পৰৱৰ্তী সময়ত এনে কাৰ্যৰ বাবে ক্ষমা বিচাৰে ক্ৰিষ্টিয়ানো ৰ’নাল্ডই। 

মন কৰিবলগীয়া যে, শনিবাৰে ইংলিছ প্ৰিমিয়াৰ লীগত ম্যানচেষ্টাৰ ইউনাইটেডৰ খেলখন এভাৰটনৰ বিৰুদ্ধে আছিল। ফলাফল অনুসৰী ৰ’নাল্ডো বাহিনীয়ে ১-০ৰ ব্যৱদানত পৰাস্ত হয়। এই পৰাজয়ে হৈ পৰে ৰ’নাল্ডৰ খং উঠাৰ কাৰণ। খেলৰ শেষত, ড্ৰেছিং ৰুমলৈ উভতি অহাৰ সময়ত, এগৰাকী সমৰ্থকৰ হাতৰ পৰা মোবাইল ফন কাঢ়ি দলিয়াই দিয়ে। ৰ’নাল্ডৰ এনে আচৰণত হতবাক হৈ পৰিছে অনুৰাগী। অৱশ্যে, নিজৰ ভুলৰ উপলব্ধিৰ পাছত তাৰকা ফুটবলাৰগৰাকীয়ে ইনষ্টাগ্ৰামৰ যোগেদি নিজৰ ভুল স্বীকাৰ কৰিছে। তেওঁ লিখে, ‘আৱেগ নিয়ন্ত্ৰণ কৰাটো কেতিয়াবা কঠিন হৈ পৰে। কিন্তু আমি সদায় আনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো উচিত। ধৈৰ্য্যশীল হোৱা উচিত। এনেদৰে ৰাজহুৱাভাৱে খং দেখুওৱাৰ বাবে মই ক্ষমা বিচাৰিছোঁ। মই সেই সমৰ্থকজনক অল্ড ট্ৰেফৰ্ডত পৰৱৰ্তী খেলখন চাবলৈ আমন্ত্ৰণ জনাব বিচাৰো। ’

ইফালে, এভাৰটনৰ হাতত পৰাজিত হোৱাৰ পাছত, মানচেষ্টাৰ ইউনাইটেডে  চেম্পিয়নছ লীগৰ বাবে যোগ্যতা অৰ্জনৰ দৌৰৰ পৰা ক্ৰমশঃ আঁতৰি অহা দেখা গৈছে। ইয়ো  ৰ’নাল্ডৰ খং উঠাৰ অন্যতম কাৰণ বুলি সদৰী কৰিছে টীম মেনেজমেণ্টে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত