--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খেলপথাৰত তাৰকা ফুটবলাৰ  ক্ৰিষ্টিয়ানো ৰ’নাল্ডৰ খং উঠা দেখিছে অনুৰাগীয়ে।  কিন্তু এইবাৰ, মানচেষ্টাৰ ইউনাইটেডৰ ষ্ট্ৰাইকাৰজনে খেলপথাৰৰ বাহিৰত খঙৰ ভমকত এজন অনুৰাগীৰ ভাঙিলে ফোন। ভিডিঅ'টো ছ’চিয়েল মাধ্যমত ভাইৰেল হৈ পৰিছে। তাৰকা ফুটবলাৰ গৰাকীৰ এনে কাৰ্যক সমালোচনাৰ দৃষ্টিৰে চাইছে একাংশই। অৱশ্যে, পৰৱৰ্তী সময়ত এনে কাৰ্যৰ বাবে ক্ষমা বিচাৰে ক্ৰিষ্টিয়ানো ৰ’নাল্ডই। 

মন কৰিবলগীয়া যে, শনিবাৰে ইংলিছ প্ৰিমিয়াৰ লীগত ম্যানচেষ্টাৰ ইউনাইটেডৰ খেলখন এভাৰটনৰ বিৰুদ্ধে আছিল। ফলাফল অনুসৰী ৰ’নাল্ডো বাহিনীয়ে ১-০ৰ ব্যৱদানত পৰাস্ত হয়। এই পৰাজয়ে হৈ পৰে ৰ’নাল্ডৰ খং উঠাৰ কাৰণ। খেলৰ শেষত, ড্ৰেছিং ৰুমলৈ উভতি অহাৰ সময়ত, এগৰাকী সমৰ্থকৰ হাতৰ পৰা মোবাইল ফন কাঢ়ি দলিয়াই দিয়ে। ৰ’নাল্ডৰ এনে আচৰণত হতবাক হৈ পৰিছে অনুৰাগী। অৱশ্যে, নিজৰ ভুলৰ উপলব্ধিৰ পাছত তাৰকা ফুটবলাৰগৰাকীয়ে ইনষ্টাগ্ৰামৰ যোগেদি নিজৰ ভুল স্বীকাৰ কৰিছে। তেওঁ লিখে, ‘আৱেগ নিয়ন্ত্ৰণ কৰাটো কেতিয়াবা কঠিন হৈ পৰে। কিন্তু আমি সদায় আনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো উচিত। ধৈৰ্য্যশীল হোৱা উচিত। এনেদৰে ৰাজহুৱাভাৱে খং দেখুওৱাৰ বাবে মই ক্ষমা বিচাৰিছোঁ। মই সেই সমৰ্থকজনক অল্ড ট্ৰেফৰ্ডত পৰৱৰ্তী খেলখন চাবলৈ আমন্ত্ৰণ জনাব বিচাৰো। ’

ইফালে, এভাৰটনৰ হাতত পৰাজিত হোৱাৰ পাছত, মানচেষ্টাৰ ইউনাইটেডে  চেম্পিয়নছ লীগৰ বাবে যোগ্যতা অৰ্জনৰ দৌৰৰ পৰা ক্ৰমশঃ আঁতৰি অহা দেখা গৈছে। ইয়ো  ৰ’নাল্ডৰ খং উঠাৰ অন্যতম কাৰণ বুলি সদৰী কৰিছে টীম মেনেজমেণ্টে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ