--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীৱন সঁচাকৈয়ে এক দুৰ্বোধ্য সাঁথৰ। হাঁহি থাকোতেই কেতিয়া আহি দুখে মেৰিয়াইহি সেয়া ক’বই নোৱাৰি। সেয়াই যেন হ’ল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ পেচ বলাৰ তথা দলটোৰ অন্যতম গুৰুত্বপূৰ্ণ খেলুৱৈ হৰ্ষল পেটেলৰ জীৱনত। আইপিএল আধাতে সামৰি ঘৰলৈ উভতিবলগীয়া হয় হৰ্ষল পেটেল। হৰ্ষলৰ ভগ্নী অৰ্চিতা পেটেলৰ মৃত্যু ঘটিছে। 

তিনি ভাই-ভনীৰ ভিতৰত আটাইতকৈ কনিষ্ঠ অৰ্চিতা পেটেল কিছুদিন ধৰি অসুস্থ হৈ আছিল। মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলা খেলখনৰ পাছতে হঠাতে অহা খবৰে শোকস্তব্ধ কৰি তুলিছে হৰ্ষলক। ভগ্নীৰ মৃত্যুৰ বাতৰি লাভ কৰাৰ পিছতে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ অন্য খেলুৱৈ আৰু মেনেজমেণ্টৰ সহযোগত গুজৰাটৰ সানন্দস্থিত ঘৰলৈ ৰাওনা হয় ৩১ বছৰীয়া খেলুৱৈগৰাকী।অৱশ্যে তেওঁ ভগ্নীৰ অন্তিম সংস্কাৰত উপস্থিত থকাৰ পিছত পুনৰ দলৰ মাজলৈ ঘূৰি আহিব বুলি জানিব পৰা গৈছে। কিন্তু ‘বায়’ বাবল’ৰ পৰা বাহিৰ হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁ কিছুদিন কোৱাৰেণ্টাইন হৈ থাকিবলগা হ’ব পাৰে। যাৰ বাবে ১২ এপ্ৰিলত অনুষ্ঠিত হবলগীয়া চেন্নাই চুপাৰ কিংগছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মাজৰ খেলখনত অংশ ল’ব নোৱাৰিব পাৰে হৰ্ষল পেটেলে। 

উল্লেখ্য যে হৰ্ষল পেটেলে আঠখন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলিছে। হৰ্ষলে যোৱা ছিজনত আই পি এলত 'পাৰ্পল টুপী'ও জিকিছিল। তেওঁ ১৫ খন মেচত ৩২ টা উইকেট লাভ কৰা সৰ্বাধিক উইকেট সংগ্ৰহকাৰী আছিল। তেওঁ সদায় আৰচিবিৰ এজন তাৰকা খেলুৱৈ হিচাপে পৰিচিতি পাই আহিছে। চলিত ছিজনত খেলা চাৰিখন মেচত ছয়টা উইকেট দখল কৰিছিল পেটেলে। আৰচিবিয়ে এই ছিজনত এতিয়ালৈকে চাৰিখন খেলৰ ভিতৰত তিনিখনত জয় লাভ কৰিছে।চলিত আইপিএলৰ মেগা ইভেন্টত আৰচিবিয়ে ১০.৭৫ কোটি টকাৰে ক্ৰয় কৰিছে হৰ্ষল পেটেলক।বিগত ৪ বছৰ ধৰি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ হৈ খেলি আছে হৰ্ষল পেটেলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ