--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীৱন সঁচাকৈয়ে এক দুৰ্বোধ্য সাঁথৰ। হাঁহি থাকোতেই কেতিয়া আহি দুখে মেৰিয়াইহি সেয়া ক’বই নোৱাৰি। সেয়াই যেন হ’ল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ পেচ বলাৰ তথা দলটোৰ অন্যতম গুৰুত্বপূৰ্ণ খেলুৱৈ হৰ্ষল পেটেলৰ জীৱনত। আইপিএল আধাতে সামৰি ঘৰলৈ উভতিবলগীয়া হয় হৰ্ষল পেটেল। হৰ্ষলৰ ভগ্নী অৰ্চিতা পেটেলৰ মৃত্যু ঘটিছে। 

তিনি ভাই-ভনীৰ ভিতৰত আটাইতকৈ কনিষ্ঠ অৰ্চিতা পেটেল কিছুদিন ধৰি অসুস্থ হৈ আছিল। মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলা খেলখনৰ পাছতে হঠাতে অহা খবৰে শোকস্তব্ধ কৰি তুলিছে হৰ্ষলক। ভগ্নীৰ মৃত্যুৰ বাতৰি লাভ কৰাৰ পিছতে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ অন্য খেলুৱৈ আৰু মেনেজমেণ্টৰ সহযোগত গুজৰাটৰ সানন্দস্থিত ঘৰলৈ ৰাওনা হয় ৩১ বছৰীয়া খেলুৱৈগৰাকী।অৱশ্যে তেওঁ ভগ্নীৰ অন্তিম সংস্কাৰত উপস্থিত থকাৰ পিছত পুনৰ দলৰ মাজলৈ ঘূৰি আহিব বুলি জানিব পৰা গৈছে। কিন্তু ‘বায়’ বাবল’ৰ পৰা বাহিৰ হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁ কিছুদিন কোৱাৰেণ্টাইন হৈ থাকিবলগা হ’ব পাৰে। যাৰ বাবে ১২ এপ্ৰিলত অনুষ্ঠিত হবলগীয়া চেন্নাই চুপাৰ কিংগছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মাজৰ খেলখনত অংশ ল’ব নোৱাৰিব পাৰে হৰ্ষল পেটেলে। 

উল্লেখ্য যে হৰ্ষল পেটেলে আঠখন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলিছে। হৰ্ষলে যোৱা ছিজনত আই পি এলত 'পাৰ্পল টুপী'ও জিকিছিল। তেওঁ ১৫ খন মেচত ৩২ টা উইকেট লাভ কৰা সৰ্বাধিক উইকেট সংগ্ৰহকাৰী আছিল। তেওঁ সদায় আৰচিবিৰ এজন তাৰকা খেলুৱৈ হিচাপে পৰিচিতি পাই আহিছে। চলিত ছিজনত খেলা চাৰিখন মেচত ছয়টা উইকেট দখল কৰিছিল পেটেলে। আৰচিবিয়ে এই ছিজনত এতিয়ালৈকে চাৰিখন খেলৰ ভিতৰত তিনিখনত জয় লাভ কৰিছে।চলিত আইপিএলৰ মেগা ইভেন্টত আৰচিবিয়ে ১০.৭৫ কোটি টকাৰে ক্ৰয় কৰিছে হৰ্ষল পেটেলক।বিগত ৪ বছৰ ধৰি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ হৈ খেলি আছে হৰ্ষল পেটেলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত