--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰাপত্তা বেষ্টনীক বুঢ়া আঙুলি দেখুৱাই বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰে হাত মিলাবলৈ খেলপথাৰত প্ৰৱেশ কৰিলে এগৰাকী সমৰ্থকে। ঘটনাক লৈ তুমুল চৰ্চা হোৱা দেখা গৈছে ক্ৰীড়া এৰিনাত। আৰক্ষীৰ বিধি নিষেধ নেওচি খেলপথাৰত এনেদৰে প্ৰৱেশ কৰাৰ অপৰাধত সমৰ্থকগৰাকীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। মন কৰিবলগীয়া যে, ঘটনাটো শনিবাৰে পুনে ষ্টেডিয়ামত বাংগালুৰু বনাম মুম্বাই ইণ্ডিয়ানছৰ মাজত খেল চলাকালীন সময়তে সংঘটিত হৈছিল। অৱশ্যে, এই ঘটনাৰ তদন্তৰ বাবে উঠি পৰি লাগিছে  মহাৰাষ্ট্ৰ ক্ৰিকেট সংস্থা (এমচিএ) আৰু মহাৰাষ্ট্ৰ আৰক্ষী।

দশৰথ যাদৱ নামৰ ২৬ বছৰীয়া সমৰ্থকজনক দেওবাৰে পিম্প্ৰি-চিচৱাদ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। তেওঁৰ বিৰুদ্ধে নিৰাপত্তা বেষ্টনী ভংগ কৰা আৰু খেলৰ মাজত অনাহুত পৰিৱেশৰ সৃষ্টি কৰা বাবে কেইবাটাও ধাৰাত অভিযুক্ত কৰা হৈছে। সমৰ্থকজনক প্ৰথমে খেলপথাৰত প্ৰৱেশ কৰে আৰু বেটি কৰি থকা কোহলীৰ সৈতে হাত মিলোৱা দেখা গৈছে এটা ভিডিঅ’ত। তাৰ পাছত পইণ্টত ফিল্ডিং কৰি থকা ৰোহিতৰ সৈতে হাত মিলায় সমৰ্থকজনে। 

পাছে এই ঘটনাটোক লৈ সুখী নহয় মহাৰাষ্ট্ৰ ক্ৰিকেট সংস্থা। আৰক্ষীৰ গাফিলতিৰ বাবে এনে ঘটনা সংঘটিত হ’বলৈ পালে বুলি সদৰী কৰে এমচিএ। আৰক্ষীৰ এনে কাণ্ডত সৰব হৈ পৰিছে এনচিএৰ সভাপতি বিকাশ কাকাতকৰৰ। তেওঁ কয়, ‘ নিৰাপত্তাৰ ক্ৰুটি স্পষ্ট। সমৰ্থকগৰাকীক এনেদৰে প্ৰৱেশ কৰিবলৈ দিয়াতো কোনোপধ্যে উচিত হোৱা নাই আৰক্ষীৰ।’
প্ৰাক্তন ক্ৰিকেটাৰ দিলীপ ভেংচৰকাৰেও ঘটনাটোক লৈ ক্ষুব্ধ হৈ পৰিছে। জানিবলৈ পোৱা মতে, ঘটনাটো  সংঘটিত হোৱা সময়ত পিম্প্ৰি-চিচৱাদ আৰক্ষী আয়ুক্ত কৃষ্ণ কুমাৰ দায়িত্বত আছিল। কুমাৰে অৱশ্যে কয়, ‘এয়া নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ভুল নহয়। এজন অতি উৎসাহী সমৰ্থকে এই কাৰ্য কৰিছে। খেলপথাৰখনত ৬০০ গৰাকী নিৰাপত্তা আৰক্ষী আছিল। তেনেস্থলত নিৰাপত্তাৰ অভাৱ কেনেকৈ হ'ব পাৰে?’

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২৭ত মহাকাশলৈ মানৱসহ ভাৰতে প্ৰেৰণ কৰিব প্ৰথমখন মহাকাশ যান, ২০২৮ চনত চন্দ্রলৈ প্ৰেৰণৰ লক্ষ্য চন্দ্রযান-৪
সেমেকা মন, সেমেকা দুচকু; ‘হিয়াৰ আমঠু’ অবিহনে আজি প্ৰথমটো জন্মদিন উদযাপন অসমীয়াৰ
নগৰবেৰাত ১২টা চুৰি গৰু জব্দ; গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী চাত্তাৰ আলী আৰু আবেদ আলী
ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনা; ডাম্পাৰ-মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত সেনা জোৱান
মহাৰাষ্ট্ৰত মহাবিকাশ অঘাড়ীত বিভাজনৰ সম্ভাৱনা, BMCৰ নিৰ্বাচনত অকলে যুঁজিব কংগ্ৰেছে
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন ৩ দিনীয়াকৈ উদযাপন আছুৰ
হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হুৱাদুৱা! বিদ্যালয়খনৰ পুৰণি বিজ্ঞান ভৱনৰ দুৱাৰত দুৰ্বৃত্তই লগাই দিলে জুই
দিল্লীত বছৰটোৰ ভিতৰতে সবাতোকৈ শোচনীয় বায়ুৰ মান সূচকাংক
ফতেহপুৰৰ ঘৰে ঘৰে চলালে তালাচী; ফালাহ বিশ্ববিদ্যালয়ত এহাজাৰ আৰক্ষীৰ
ঘৰত অপৰাজিতাৰ ফুল থকাটো অতি শুভ! কোন দিশত ৰোপণ কৰিলে শুভফল পোৱা যায়, জানেনে?
দিল্লী ৰক্তাক্ত কৰা ৫ ডাক্তৰৰ গেং
ৰাজ্যত পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু , এমাহৰ ভিতৰতে চাৰিটাকৈ বন্যহস্তীৰ মৃত্যু ওদালগুৰিত
ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ সফল অভিযান, লক্ষীপুৰত জব্দ বৃহৎ পৰিমাণৰ হেৰ’ইন
ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তবৰ্তী অঞ্চলত ভাৰতীয় জালনোটসহ এজন যুৱক আটক