--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰাপত্তা বেষ্টনীক বুঢ়া আঙুলি দেখুৱাই বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰে হাত মিলাবলৈ খেলপথাৰত প্ৰৱেশ কৰিলে এগৰাকী সমৰ্থকে। ঘটনাক লৈ তুমুল চৰ্চা হোৱা দেখা গৈছে ক্ৰীড়া এৰিনাত। আৰক্ষীৰ বিধি নিষেধ নেওচি খেলপথাৰত এনেদৰে প্ৰৱেশ কৰাৰ অপৰাধত সমৰ্থকগৰাকীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। মন কৰিবলগীয়া যে, ঘটনাটো শনিবাৰে পুনে ষ্টেডিয়ামত বাংগালুৰু বনাম মুম্বাই ইণ্ডিয়ানছৰ মাজত খেল চলাকালীন সময়তে সংঘটিত হৈছিল। অৱশ্যে, এই ঘটনাৰ তদন্তৰ বাবে উঠি পৰি লাগিছে  মহাৰাষ্ট্ৰ ক্ৰিকেট সংস্থা (এমচিএ) আৰু মহাৰাষ্ট্ৰ আৰক্ষী।

দশৰথ যাদৱ নামৰ ২৬ বছৰীয়া সমৰ্থকজনক দেওবাৰে পিম্প্ৰি-চিচৱাদ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। তেওঁৰ বিৰুদ্ধে নিৰাপত্তা বেষ্টনী ভংগ কৰা আৰু খেলৰ মাজত অনাহুত পৰিৱেশৰ সৃষ্টি কৰা বাবে কেইবাটাও ধাৰাত অভিযুক্ত কৰা হৈছে। সমৰ্থকজনক প্ৰথমে খেলপথাৰত প্ৰৱেশ কৰে আৰু বেটি কৰি থকা কোহলীৰ সৈতে হাত মিলোৱা দেখা গৈছে এটা ভিডিঅ’ত। তাৰ পাছত পইণ্টত ফিল্ডিং কৰি থকা ৰোহিতৰ সৈতে হাত মিলায় সমৰ্থকজনে। 

পাছে এই ঘটনাটোক লৈ সুখী নহয় মহাৰাষ্ট্ৰ ক্ৰিকেট সংস্থা। আৰক্ষীৰ গাফিলতিৰ বাবে এনে ঘটনা সংঘটিত হ’বলৈ পালে বুলি সদৰী কৰে এমচিএ। আৰক্ষীৰ এনে কাণ্ডত সৰব হৈ পৰিছে এনচিএৰ সভাপতি বিকাশ কাকাতকৰৰ। তেওঁ কয়, ‘ নিৰাপত্তাৰ ক্ৰুটি স্পষ্ট। সমৰ্থকগৰাকীক এনেদৰে প্ৰৱেশ কৰিবলৈ দিয়াতো কোনোপধ্যে উচিত হোৱা নাই আৰক্ষীৰ।’
প্ৰাক্তন ক্ৰিকেটাৰ দিলীপ ভেংচৰকাৰেও ঘটনাটোক লৈ ক্ষুব্ধ হৈ পৰিছে। জানিবলৈ পোৱা মতে, ঘটনাটো  সংঘটিত হোৱা সময়ত পিম্প্ৰি-চিচৱাদ আৰক্ষী আয়ুক্ত কৃষ্ণ কুমাৰ দায়িত্বত আছিল। কুমাৰে অৱশ্যে কয়, ‘এয়া নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ভুল নহয়। এজন অতি উৎসাহী সমৰ্থকে এই কাৰ্য কৰিছে। খেলপথাৰখনত ৬০০ গৰাকী নিৰাপত্তা আৰক্ষী আছিল। তেনেস্থলত নিৰাপত্তাৰ অভাৱ কেনেকৈ হ'ব পাৰে?’

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ