--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আইপিএল বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট লীগ, ইয়াৰ ১৮ সংখ্যক সংস্কৰণ বৰ্তমান চলি আছে। প্ৰতি বছৰে ক্ৰমাৎ ইয়াৰ জনপ্ৰিয়তা বাঢ়িছে, খেলুৱৈসকলৰ উপাৰ্জনৰ লগতে পুৰস্কাৰৰ ধনো বাঢ়িছে। 

এইবাৰ ঋষভ পন্ত, শ্ৰেয়াছ আয়েৰ, বিৰাট কোহলীকে ধৰি বহু খেলুৱৈয়ে লাভ কৰিছে ২০ কোটিৰো অধিক টকা। কেৱল অভিজ্ঞসকলেই নহয়, বহু নতুন খেলুৱৈয়েও লাভ কৰিছে কোটি কোটি টকা। অনকেপড খেলুৱৈৰ নিয়ম সলনি হোৱাৰ পিছত এই শাখাত এম এছ ধোনী আহিছিল, তাৰ পিছত তেওঁক চি এছ কেয়ে ৪ কোটি টকাৰ বিনিময়ত দলত চামিল কৰি ৰাখিছিল। এই নিয়মৰ পৰিৱৰ্তনক লৈ উদ্বেগ প্ৰকাশ কৰিছে সুনীল গাভাস্কৰে।

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা বৰ্তমান মন্তব্যকাৰী সুনীল গাভাস্কাৰৰ মতে অধিক ধন দিলে খেলুৱৈসকলৰ ক্ৰিকেটৰ প্ৰতি থকা আকৰ্ষণ আৰু টিম ইণ্ডিয়াৰ হৈ খেলাৰ ক্ষুধা হ্ৰাস পাব পাৰে। তেওঁৰ মতে, ফ্ৰেঞ্চাইজিৰ ওপৰত ইয়াৰ কোনো প্ৰভাৱ নপৰে, বৰঞ্চ ই তেওঁলোকৰ বাবে ভাল হ’ব পাৰে কিন্তু ভাৰতীয় ক্ৰিকেটৰ বাবে ইয়াৰ ফলত ক্ষতি হ’ব পাৰে।

শেহতীয়াকৈ গাভাস্কাৰে তেওঁৰ কলমত লিখিছে, “বহুত ধনৰ বিনিময়ত কিনাৰ পিছত বহু খেলুৱৈয়ে ভোক আৰু উৎসাহ হেৰুৱাই পেলায়। ফ্ৰেঞ্চাইজিৰ বাবে হয়তো ইয়াৰ কোনো গুৰুত্ব নাই, কাৰণ তেওঁলোকে ইয়াক ভাল বুলি ভাবে। কিন্তু ভাৰতীয় ক্ৰিকেটে ইয়াৰ ফলত বহুত ক্ষতিগ্ৰস্ত হয়। এজন খেলুৱৈ সফল হওক বা নহওক, তেওঁৰ বিদায়ে ভাৰতীয় ক্ৰিকেটত প্ৰভাৱ পেলায়। যোৱা বছৰ মেগা নিলামৰ পূৰ্বে মহেন্দ্ৰ সিং ধোনী এজন অনকেপড খেলুৱৈ হৈ পৰিছিল। লীগত অন্তৰ্ভুক্ত কৰিবলৈহে ধনৰ সীমা ৪ কোটিলৈ বৃদ্ধি কৰা হৈছিল।”

গাভাস্কাৰৰ মতে, “এতিয়ালৈকে এনে কোনো অনকেপড খেলুৱৈ হোৱা নাই যিয়ে বিপুল ধনত কিনাৰ পাছত ডাঙৰ মঞ্চত নিজৰ প্ৰতিভা প্ৰমাণ কৰিছে।” তেওঁ কয়, “যোৱা কেইবছৰমানৰ কোনো অনকেপড খেলুৱৈৰ নাম পেলোৱাটো কঠিন যাক বৃহৎ পৰিমাণৰ ধনত কিনাৰ পিছত দলত নিজৰ যোগ্যতা প্ৰমাণ কৰিছিল। হয়তো অহা কেইবছৰমানৰ ভিতৰত তেওঁ অভিজ্ঞতাৰ সৈতে অলপ ভাল হ’ব। কিন্তু যদি তেওঁ একেখন স্থানীয় লীগত খেলি আছে, তেন্তে উন্নতিৰ সম্ভাৱনা বৰ বেছি নহ’ব।”





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ