--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : লছ এঞ্জেলছ চহৰৰ দুখন ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ২০২৮ চনৰ অলিম্পিক গেমছৰ উদ্বোধনী অনুষ্ঠান। অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত দুখন ষ্টেডিয়াম অন্তর্ভুক্ত কৰা প্ৰথমখন চহৰত পৰিণত হ'ব লছ এঞ্জেলছ। 

২০২৮ চনৰ ১৪ জুলাইত লছ এঞ্জেলছ মেম'ৰিয়েল কলিজিয়াম আৰু ছুফি ষ্টেডিয়ামত উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি নিশ্চিত কৰিছে লছ এঞ্জেলছ-২৮-ৰ আয়োজকে। অৱশ্যে, ষ্টেডিয়াম দুখন কেনেদৰে ব্যৱহাৰ কৰা হ'ব তাকে ধৰি মুকলি অনুষ্ঠানৰ সবিশেষ এতিয়াও নিশ্চিত হোৱা নাই। 

লছ এঞ্জেলছ অলিম্পিকৰ প্রথম সপ্তাহৰ ভিতৰতে কলেজিয়েট আমেৰিকান ফুটবল দল ইউ এছ চি ট্ৰজানছৰ ঘৰুৱা ষ্টেডিয়াম কলিজিয়ামত অনুষ্ঠিত হ'ব ট্রেক এণ্ড ফিল্ড ইভেন্ট। অলিম্পিকৰ দ্বিতীয় সপ্তাহত ছুফি ষ্টেডিয়ামত সাঁতোৰ প্রতিযোগিতা অনুষ্ঠিত হ'ব। লছ এঞ্জেলছত অনুষ্ঠিত হ'ব লগীয়া অলিম্পিকত ক্রিকেট, লেক্ৰছ আৰু স্কোৱাছ অন্তর্ভুক্ত কৰা হৈছে। আনহাতে, অলিম্পিকত ফ্লেগ ফুটবলৰ অভিষেক ঘটিব। ইয়াৰ উপৰি, এন এফ এলৰ দল লছ এঞ্জেলছ ৰেমছ আৰু লছ এঞ্জেলছ চাজিছিৰ ঘৰুৱা ষ্টেডিয়াম ছুফি ষ্টেডিয়ামত ১৫ আগষ্টত পুৱা অলিম্পিকৰ মুকলি অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু ২৭ আগষ্টত কলিজিয়ামত সামৰণী অনুষ্ঠান অনুষ্ঠিত হ'ব।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ