--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : লছ এঞ্জেলছ চহৰৰ দুখন ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ২০২৮ চনৰ অলিম্পিক গেমছৰ উদ্বোধনী অনুষ্ঠান। অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত দুখন ষ্টেডিয়াম অন্তর্ভুক্ত কৰা প্ৰথমখন চহৰত পৰিণত হ'ব লছ এঞ্জেলছ। 

২০২৮ চনৰ ১৪ জুলাইত লছ এঞ্জেলছ মেম'ৰিয়েল কলিজিয়াম আৰু ছুফি ষ্টেডিয়ামত উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি নিশ্চিত কৰিছে লছ এঞ্জেলছ-২৮-ৰ আয়োজকে। অৱশ্যে, ষ্টেডিয়াম দুখন কেনেদৰে ব্যৱহাৰ কৰা হ'ব তাকে ধৰি মুকলি অনুষ্ঠানৰ সবিশেষ এতিয়াও নিশ্চিত হোৱা নাই। 

লছ এঞ্জেলছ অলিম্পিকৰ প্রথম সপ্তাহৰ ভিতৰতে কলেজিয়েট আমেৰিকান ফুটবল দল ইউ এছ চি ট্ৰজানছৰ ঘৰুৱা ষ্টেডিয়াম কলিজিয়ামত অনুষ্ঠিত হ'ব ট্রেক এণ্ড ফিল্ড ইভেন্ট। অলিম্পিকৰ দ্বিতীয় সপ্তাহত ছুফি ষ্টেডিয়ামত সাঁতোৰ প্রতিযোগিতা অনুষ্ঠিত হ'ব। লছ এঞ্জেলছত অনুষ্ঠিত হ'ব লগীয়া অলিম্পিকত ক্রিকেট, লেক্ৰছ আৰু স্কোৱাছ অন্তর্ভুক্ত কৰা হৈছে। আনহাতে, অলিম্পিকত ফ্লেগ ফুটবলৰ অভিষেক ঘটিব। ইয়াৰ উপৰি, এন এফ এলৰ দল লছ এঞ্জেলছ ৰেমছ আৰু লছ এঞ্জেলছ চাজিছিৰ ঘৰুৱা ষ্টেডিয়াম ছুফি ষ্টেডিয়ামত ১৫ আগষ্টত পুৱা অলিম্পিকৰ মুকলি অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু ২৭ আগষ্টত কলিজিয়ামত সামৰণী অনুষ্ঠান অনুষ্ঠিত হ'ব।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত