--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইপিএলত নতুন অভিলেখ গঢ়িলে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বেগী বলাৰ উমৰাণ মালিকে। আইপিএলত ২০ বা তাতকৈ অধিক উইকেট দখল কৰা আটাইতকৈ কম বয়সীয়া ভাৰতীয় বলাৰ হিচাপে বিবেচিত হৈছে উমৰাণ মালিক। ইয়াৰ পূৰ্বে এই অভিলেখ মুম্বাই ইণ্ডিয়ানছৰ বলাৰ যশপ্ৰীত বুমৰাৰ হাতত আছিল।

মাত্ৰ ২২ বছৰ বয়সত জম্মু-কাশ্মীৰৰ বলাৰ গৰাকীয়ে এই অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ২০১৬ চনৰ আইপিএলত ২৩ বছৰীয়া বুমৰাহে ২০টাতকৈ অধিক উইকেট দখল কৰি চমক দিছিল ক্ৰীড়াবিশ্বক। ২০০৯ চনৰ আইপিএলত এই কৃতিত্বৰ দাবীদাৰ আছিল ভাৰতীয় বলাৰ আৰ পি সিং। তেতিয়া তেওঁৰ বয়স আছিল ২৩ বছৰ। ২০১০ চনৰ আইপিএলত ২৩ বছৰ বয়সত ২০টাতকৈও অধিক উইকেট দখল কৰি অনন্য কৃতিত্বৰ দাবীদাৰ হৈছিল প্ৰজ্ঞান ওঝা।

ৱানখেড়ে ষ্টেডিয়ামত মুম্বাইৰ বিৰুদ্ধে এই অভিলেখ গঢ়ে উমৰাণ মালিকে। ৰোহিতৰ বিৰুদ্ধে ৩ অ’ভাৰত ২৩ ৰানত ৩টা উইকেট দখল কৰে উমৰাণ মালিকে। ইয়াৰ লগে লগে তেওঁৰ উইকেটৰ সংখ্যা ২১লৈ বৃদ্ধি পায়। প্ৰথম অ’ভাৰ আশানুৰূপ নহ’লেও পৰৱৰ্তী সময়ত পুনৰ প্ৰত্যাৱৰ্তন কৰে উমৰাণ মালিকে। পৰৱৰ্তী দুটা অ’ভাৰত মুম্বাইৰ বেটছমেনে উমৰাণৰ গতিত তিষ্টি থাকিব নোৱাৰিলে। ঈশান কিষাণ, ডেনিয়েল ছেমছ আৰু তিলক বাৰ্মাৰ দৰে আগশাৰীৰ বেটছমেনক পেভেলিয়নমুখী কৰে। ১৩খন মেচত ২১টা উইকেট দখল কৰি বেঙুনীয়া ৰঙৰ টুপীৰ দৌৰত চতুৰ্থ স্থানত আছে উমৰাণ মালিক।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ