--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়া কান চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত দৃষ্টি নিবদ্ধ সমগ্ৰ বিশ্বৰ। কোন চেলিব্ৰিটিয়ে কেনেধৰণৰ পোছাক পিন্ধিলে তাকে লৈ সৰ্বত্ৰে চৰ্চা হোৱা দেখিবলৈ পোৱা যায়। বিশ্বৰ সকলো প্ৰান্তৰ পৰা ফ্ৰান্সৰ চহৰবোৰত উপস্থিত হৈছে সংবাদ মাধ্যম। গতিকে, প্ৰতিবাদৰ উপযুক্ত স্থান যে এয়াই সেই বিষয়ে আগতীয়াকৈ জানিছিল এগৰাকী মহিলাই। সেইবাবেই কান চলচ্চিত্ৰ মহোৎসৱত ৰেড কাৰ্পেটত কেমেৰাৰ সন্মুখত পোজ দিয়াত ব্যস্ত হৈ থকাৰ সময়ত এগৰাকী মহিলাই নিৰাপত্তাৰক্ষীৰ বেৰ ভাঙি অৰ্ধ উলংগ হৈ ৰেড কাৰ্পেটত প্ৰৱেশ কৰে!  

ফ্ৰান্সৰ কান চলচ্চিত্ৰ মহোৎসৱত ইউক্ৰেনীয়ান মহিলাগৰাকীৰ প্ৰতিবাদে ভবাই তুলিছে সকলোকে। ইয়াৰ পূৰ্বে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে এই মহোৎসৱত ভাৰ্চুৱেল ভাষণ দিছিল। প্ৰতিবাদী মহিলাগৰাকীৰ স্পষ্ট মত, ‘আমাক ধৰ্ষণ কৰা বন্ধ কৰক!’ ইয়াৰোপৰি মহিলাগৰাকীৰ সৰ্বশৰীৰত তেজৰ দৰে ৰঙা দাগ। নিৰাপত্তাৰক্ষীয়ে ততাতৈয়াকৈ তেওঁক আঁতৰাই নিয়ে উক্ত স্থানৰ পৰা। জেলেনস্কিয়ে পূৰ্বে কৈছিল যে, শতাধিক ইউক্ৰেনীয়ান মহিলাক ৰাছিয়াৰ সৈন্যই ধৰ্ষণ কৰাৰ খবৰ ওলাইছিল তদন্তত। ৰুছ সৈন্যৰ এনে বৰ্বৰতাৰ বলী হ’বলগীয়া হৈছিল দেশখনৰ অলেখ  শিশু।

ইফালে, যুদ্ধৰ গতি মন্থৰ হোৱাৰ লগে লগে বিশ্বৰ আটাইতকৈ ধনাঢ্য গোট জি-৭-এ যুদ্ধ বিধ্বস্ত ইউক্ৰেইন পুনৰ নিৰ্মাণৰ আলোচনা আৰম্ভ কৰিছে। বিশেষকৈ যুদ্ধকালীন সময়ত যুদ্ধৰ বোজা পূৰণৰ বাবে জি-৭ গোটে ১.৮৪ বিলিয়ন সাহায্যৰ কথা ঘোষণা কৰিছে। ইউক্ৰেইনৰ প্ৰধানমন্ত্ৰী ডেনিছ শ্বমিহালে কয় যে, এই পুঁজিয়ে দেশখনক জয়ৰ দিশত আগুৱাই নিব। একে সময়তে জেলেনস্কিয়ে কয় যে, ‘ৰাছিয়াই ডনবাছৰ ঔদ্যোগিক অঞ্চলটো সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছে। নিৰ্বিচাৰে বোমা নিক্ষেপ কৰিলে। ডনবাছ এতিয়া নৰকত পৰিণত হৈছে।’ 

যোৱা নিশা এক ভিডিঅ’ কনফাৰেন্সত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, ৰাছিয়াই এতিয়াও অডেছা অঞ্চলত ধাৰাবাহিক আক্ৰমণ চলাই আছে। ডনবাছ সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। ৰাছিয়াই ইচ্ছাকৃতভাৱে এই কাম কৰিছে। তেওঁলোকৰ লক্ষ্য আছিল যিমান পাৰি সিমান ইউক্ৰেনীয়ান নাগৰিকক হত্যা কৰা।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ