--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়া কান চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত দৃষ্টি নিবদ্ধ সমগ্ৰ বিশ্বৰ। কোন চেলিব্ৰিটিয়ে কেনেধৰণৰ পোছাক পিন্ধিলে তাকে লৈ সৰ্বত্ৰে চৰ্চা হোৱা দেখিবলৈ পোৱা যায়। বিশ্বৰ সকলো প্ৰান্তৰ পৰা ফ্ৰান্সৰ চহৰবোৰত উপস্থিত হৈছে সংবাদ মাধ্যম। গতিকে, প্ৰতিবাদৰ উপযুক্ত স্থান যে এয়াই সেই বিষয়ে আগতীয়াকৈ জানিছিল এগৰাকী মহিলাই। সেইবাবেই কান চলচ্চিত্ৰ মহোৎসৱত ৰেড কাৰ্পেটত কেমেৰাৰ সন্মুখত পোজ দিয়াত ব্যস্ত হৈ থকাৰ সময়ত এগৰাকী মহিলাই নিৰাপত্তাৰক্ষীৰ বেৰ ভাঙি অৰ্ধ উলংগ হৈ ৰেড কাৰ্পেটত প্ৰৱেশ কৰে!  

ফ্ৰান্সৰ কান চলচ্চিত্ৰ মহোৎসৱত ইউক্ৰেনীয়ান মহিলাগৰাকীৰ প্ৰতিবাদে ভবাই তুলিছে সকলোকে। ইয়াৰ পূৰ্বে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে এই মহোৎসৱত ভাৰ্চুৱেল ভাষণ দিছিল। প্ৰতিবাদী মহিলাগৰাকীৰ স্পষ্ট মত, ‘আমাক ধৰ্ষণ কৰা বন্ধ কৰক!’ ইয়াৰোপৰি মহিলাগৰাকীৰ সৰ্বশৰীৰত তেজৰ দৰে ৰঙা দাগ। নিৰাপত্তাৰক্ষীয়ে ততাতৈয়াকৈ তেওঁক আঁতৰাই নিয়ে উক্ত স্থানৰ পৰা। জেলেনস্কিয়ে পূৰ্বে কৈছিল যে, শতাধিক ইউক্ৰেনীয়ান মহিলাক ৰাছিয়াৰ সৈন্যই ধৰ্ষণ কৰাৰ খবৰ ওলাইছিল তদন্তত। ৰুছ সৈন্যৰ এনে বৰ্বৰতাৰ বলী হ’বলগীয়া হৈছিল দেশখনৰ অলেখ  শিশু।

ইফালে, যুদ্ধৰ গতি মন্থৰ হোৱাৰ লগে লগে বিশ্বৰ আটাইতকৈ ধনাঢ্য গোট জি-৭-এ যুদ্ধ বিধ্বস্ত ইউক্ৰেইন পুনৰ নিৰ্মাণৰ আলোচনা আৰম্ভ কৰিছে। বিশেষকৈ যুদ্ধকালীন সময়ত যুদ্ধৰ বোজা পূৰণৰ বাবে জি-৭ গোটে ১.৮৪ বিলিয়ন সাহায্যৰ কথা ঘোষণা কৰিছে। ইউক্ৰেইনৰ প্ৰধানমন্ত্ৰী ডেনিছ শ্বমিহালে কয় যে, এই পুঁজিয়ে দেশখনক জয়ৰ দিশত আগুৱাই নিব। একে সময়তে জেলেনস্কিয়ে কয় যে, ‘ৰাছিয়াই ডনবাছৰ ঔদ্যোগিক অঞ্চলটো সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছে। নিৰ্বিচাৰে বোমা নিক্ষেপ কৰিলে। ডনবাছ এতিয়া নৰকত পৰিণত হৈছে।’ 

যোৱা নিশা এক ভিডিঅ’ কনফাৰেন্সত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, ৰাছিয়াই এতিয়াও অডেছা অঞ্চলত ধাৰাবাহিক আক্ৰমণ চলাই আছে। ডনবাছ সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। ৰাছিয়াই ইচ্ছাকৃতভাৱে এই কাম কৰিছে। তেওঁলোকৰ লক্ষ্য আছিল যিমান পাৰি সিমান ইউক্ৰেনীয়ান নাগৰিকক হত্যা কৰা।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ