--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণৰ তাৰকা ধনুষ আমাৰ সন্তান! অভিনেতা হ’বলৈ সৰুতে ঘৰৰ পৰা পলায়ন কৰিছিল ধনুষে। মাদুৰাইৰ এক দম্পতীয়ে ২০১৬ চনত এই সন্দৰ্ভত আদালতত তৰিছিল গোচৰ। তেওঁলোকে দাবী, তেওঁলোকে দক্ষিণৰ তাৰকা ধনুষক জন্ম দিছিল। ধনুষ দম্পতীহালৰ তৃতীয় সন্তান।
পুত্ৰক ঘূৰাই পাবলৈ তামিলনাডুৰ মাদুৰাই জিলাৰ মেলুৰ দণ্ডাধীশ আদালতত গোচৰ ৰুজু কৰিছিল দম্পতীয়ে। 

এইবাৰ মাদ্ৰাজ উচ্চ ন্যায়ালয়ত দাৰস্থ হৈছে এই দম্পতী। ধনুষকো মাতি অনা হৈছিল। অভিনেতা ধনুষে ২০১৭ চনত এই গোচৰত জয়ী হৈছিল। মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মাদুৰাই বিচাৰপীঠে বৃদ্ধ দম্পতীৰ অভিযোগ খাৰিজ কৰিছিল। আদালতে বাৰে বাৰে এই দম্পতীৰ দাবী মানি নল’লেও আশা এৰি দিয়া নাই বৃদ্ধ দম্পতীয়ে।

অৱশ্যে, এইবাৰ এই বিতৰ্কৰ অন্ত পেলাবলৈ নিজেই আগবাঢ়ি আহিল অভিনেতা ধনুষ। মাদুৰাইৰ বৃদ্ধ দম্পতীলৈ আইনী জাননী প্ৰেৰণ কৰা হ’ল। অভিনেতা ধনুষৰ পিতৃ কস্তুৰী ৰাজাৰ মতে, ‘ধনুষ আমাৰ সন্তান। আৰু এই বৃদ্ধ দম্পতীৰ গোচৰৰ বাবেই ধনুষ আৰু আমাৰ পৰিয়ালক বাৰে বাৰে বদনাম কৰা হৈছে। এই জাননীখনৰ জৰিয়কে বৃদ্ধ দম্পতীক সকীয়াই দিয়া হৈছে যে, তেওঁলোকৰ এই দাবী সম্পূৰ্ণ মিছা।’

ব্যক্তিগত জীৱনত যিমানেই সমস্যা নহওক কিয়, পেছাদাৰী জীৱনত ধনুষৰ সফলতা অব্যাহত আছে। দক্ষিণৰ ছুপাৰষ্টাৰগৰাকীয়ে পুনৰ হলিউড চিনেমাত অভিনয় কৰিছে। এইবাৰ ‘দ্য এভেঞ্জাৰছ’ ছিৰিজ এন্থনী আৰু জো ৰুছ’ক দেখা যাব ‘দ্য গ্ৰে মেন’ত। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অস্কাৰ বিজয়ী হলিউড তাৰকা ৰায়ান গ’ছলিঙে।

ৰুছ’ ভাতৃদ্বয়ৰ ছবি ‘এভেঞ্জাৰছ: এণ্ডগেম’য়ে সমগ্ৰ বিশ্বৰ লগতে ভাৰততো অভিলেখ ব্যৱসায় কৰিছিল। পৰিচালক যুটিৰ এই নতুন একচন থ্ৰিলাৰ ছবিখনত অভিনয় কৰিছে ধনুশে। ছবিখনত চিআইএৰ এজেণ্টৰ চৰিত্ৰত অভিনয় কৰিছে ৰায়ানে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ