--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণৰ তাৰকা ধনুষ আমাৰ সন্তান! অভিনেতা হ’বলৈ সৰুতে ঘৰৰ পৰা পলায়ন কৰিছিল ধনুষে। মাদুৰাইৰ এক দম্পতীয়ে ২০১৬ চনত এই সন্দৰ্ভত আদালতত তৰিছিল গোচৰ। তেওঁলোকে দাবী, তেওঁলোকে দক্ষিণৰ তাৰকা ধনুষক জন্ম দিছিল। ধনুষ দম্পতীহালৰ তৃতীয় সন্তান।
পুত্ৰক ঘূৰাই পাবলৈ তামিলনাডুৰ মাদুৰাই জিলাৰ মেলুৰ দণ্ডাধীশ আদালতত গোচৰ ৰুজু কৰিছিল দম্পতীয়ে। 

এইবাৰ মাদ্ৰাজ উচ্চ ন্যায়ালয়ত দাৰস্থ হৈছে এই দম্পতী। ধনুষকো মাতি অনা হৈছিল। অভিনেতা ধনুষে ২০১৭ চনত এই গোচৰত জয়ী হৈছিল। মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মাদুৰাই বিচাৰপীঠে বৃদ্ধ দম্পতীৰ অভিযোগ খাৰিজ কৰিছিল। আদালতে বাৰে বাৰে এই দম্পতীৰ দাবী মানি নল’লেও আশা এৰি দিয়া নাই বৃদ্ধ দম্পতীয়ে।

অৱশ্যে, এইবাৰ এই বিতৰ্কৰ অন্ত পেলাবলৈ নিজেই আগবাঢ়ি আহিল অভিনেতা ধনুষ। মাদুৰাইৰ বৃদ্ধ দম্পতীলৈ আইনী জাননী প্ৰেৰণ কৰা হ’ল। অভিনেতা ধনুষৰ পিতৃ কস্তুৰী ৰাজাৰ মতে, ‘ধনুষ আমাৰ সন্তান। আৰু এই বৃদ্ধ দম্পতীৰ গোচৰৰ বাবেই ধনুষ আৰু আমাৰ পৰিয়ালক বাৰে বাৰে বদনাম কৰা হৈছে। এই জাননীখনৰ জৰিয়কে বৃদ্ধ দম্পতীক সকীয়াই দিয়া হৈছে যে, তেওঁলোকৰ এই দাবী সম্পূৰ্ণ মিছা।’

ব্যক্তিগত জীৱনত যিমানেই সমস্যা নহওক কিয়, পেছাদাৰী জীৱনত ধনুষৰ সফলতা অব্যাহত আছে। দক্ষিণৰ ছুপাৰষ্টাৰগৰাকীয়ে পুনৰ হলিউড চিনেমাত অভিনয় কৰিছে। এইবাৰ ‘দ্য এভেঞ্জাৰছ’ ছিৰিজ এন্থনী আৰু জো ৰুছ’ক দেখা যাব ‘দ্য গ্ৰে মেন’ত। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অস্কাৰ বিজয়ী হলিউড তাৰকা ৰায়ান গ’ছলিঙে।

ৰুছ’ ভাতৃদ্বয়ৰ ছবি ‘এভেঞ্জাৰছ: এণ্ডগেম’য়ে সমগ্ৰ বিশ্বৰ লগতে ভাৰততো অভিলেখ ব্যৱসায় কৰিছিল। পৰিচালক যুটিৰ এই নতুন একচন থ্ৰিলাৰ ছবিখনত অভিনয় কৰিছে ধনুশে। ছবিখনত চিআইএৰ এজেণ্টৰ চৰিত্ৰত অভিনয় কৰিছে ৰায়ানে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ