--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : একাধিক প্ৰতিষেধকৰ উদ্ভাৱন তথা এই প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া বিশ্বজুৰি আৰম্ভ হোৱাৰ পাছত কৰ’না ভাইৰাছক লৈ আতংক সামান্য হ্ৰাস হৈছে যদিও মানৱ জাতিৰ পৰা যেন সংকটৰ ডাৱৰ আঁতৰা নাই। এইবাৰ ক’ভিডতকৈও ভয়ংকৰ এক ব্যাধিয়ে মানৱ জাতিক গ্ৰাস কৰাৰ আশংকা ব্যক্ত কৰিছে বিশেষজ্ঞই। চাৰি দশকৰ পূৰ্বে ইবোলাৰ দৰে ভয়ংকৰ ভাইৰাছৰ আৱিষ্কাৰ কৰা বিশেষজ্ঞগৰাকীয়েই এই সকীয়নি দিছে।

আৰু পঢ়িব পাৰিব : দেশে দেশে চীনৰ জাল! কাবুলত বন্দী ১০ চীনা চোৰাংচোৱা, প্ৰত্যৰ্পন

তেওঁ সকীয়নি দিছে যে, আফ্ৰিকাৰ ক্ৰান্তীয় বৰ্ষাৰণ্যৰ পৰা বিয়পিব পৰা এই অজ্ঞাত আৰু অধিক মাৰাত্মক ভাইৰাছে প্ৰবল সংকট নমাই আনিব পাৰে মানৱ জাতিলৈ। কংগো গণৰাজ্যৰ এখন প্ৰান্তীয় চহৰৰ এগৰাকী মহিলাৰ দেহত ইতিমধ্যে এনে ভাইৰাছে সৃষ্টি কৰা ৰোগৰ লক্ষণ দেখা গৈছে বুলিও প্ৰকাশ কৰিছে বিশেষজ্ঞগৰাকীয়ে। ই বিশ্বত আন এক মাৰাত্মক ৰোগৰ বীজাণু বিয়পি পৰাৰ আশংকা গাঢ় কৰি তুলিছে। আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান চিএনএনৰ বাতৰি অনুসৰি অসুস্থ মহিলাগৰকীৰ ৰোগ নিৰ্ণয়ৰ বাবে বিভিন্ন পৰীক্ষা কৰা হৈছিল।

আৰু পঢ়িব পাৰিব : বিদ্যালয়ত উপস্থিত থাকিলে ছাত্ৰীসকলে দিনে পাব ১০০ টকাকৈ!

ইয়াৰ ভিতৰত ইবোলাৰ দৰে ৰোগৰ পৰীক্ষাও কৰা হৈছিল যদিও সকলোৰে ফলাফল নিগেটিভ বুলি চিহ্নিত হয়। ফলত এই অসুস্থতাৰ কাৰণ ‘ডিজিজ এক্স’ বুলি চিহ্নিত এক অজ্ঞাত ৰোগ হোৱাৰ আশংকা গাঢ় হৈ পৰিছে। এবিধ অজ্ঞাত, নতুন ৰোগৰ বীজাণুৰ ফলত হোৱা এই ৰোগ কৰ’নাতকৈ অতি বেছি হোৱাৰ লগতে আৰু ইয়াৰ ফলত ৰোগীৰ মৃত্যুৰ হাৰ ইবোলাৰ দৰে ৫০ৰপৰা ৯০ শতাংশ বুলি আশংকা কৰা হৈছে। বিশ্ব সাস্থ্য সংস্থাই ‘ডিজিজ এক্স’ৰ আশংকা এতিয়াও কাল্পনিক বুলি মন্তব্য কৰিছে যদিও এনে এক বিশ্বজোৰা সংক্ৰমণৰ আশংকা নুই কৰা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ