--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : একাধিক প্ৰতিষেধকৰ উদ্ভাৱন তথা এই প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া বিশ্বজুৰি আৰম্ভ হোৱাৰ পাছত কৰ’না ভাইৰাছক লৈ আতংক সামান্য হ্ৰাস হৈছে যদিও মানৱ জাতিৰ পৰা যেন সংকটৰ ডাৱৰ আঁতৰা নাই। এইবাৰ ক’ভিডতকৈও ভয়ংকৰ এক ব্যাধিয়ে মানৱ জাতিক গ্ৰাস কৰাৰ আশংকা ব্যক্ত কৰিছে বিশেষজ্ঞই। চাৰি দশকৰ পূৰ্বে ইবোলাৰ দৰে ভয়ংকৰ ভাইৰাছৰ আৱিষ্কাৰ কৰা বিশেষজ্ঞগৰাকীয়েই এই সকীয়নি দিছে।

আৰু পঢ়িব পাৰিব : দেশে দেশে চীনৰ জাল! কাবুলত বন্দী ১০ চীনা চোৰাংচোৱা, প্ৰত্যৰ্পন

তেওঁ সকীয়নি দিছে যে, আফ্ৰিকাৰ ক্ৰান্তীয় বৰ্ষাৰণ্যৰ পৰা বিয়পিব পৰা এই অজ্ঞাত আৰু অধিক মাৰাত্মক ভাইৰাছে প্ৰবল সংকট নমাই আনিব পাৰে মানৱ জাতিলৈ। কংগো গণৰাজ্যৰ এখন প্ৰান্তীয় চহৰৰ এগৰাকী মহিলাৰ দেহত ইতিমধ্যে এনে ভাইৰাছে সৃষ্টি কৰা ৰোগৰ লক্ষণ দেখা গৈছে বুলিও প্ৰকাশ কৰিছে বিশেষজ্ঞগৰাকীয়ে। ই বিশ্বত আন এক মাৰাত্মক ৰোগৰ বীজাণু বিয়পি পৰাৰ আশংকা গাঢ় কৰি তুলিছে। আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান চিএনএনৰ বাতৰি অনুসৰি অসুস্থ মহিলাগৰকীৰ ৰোগ নিৰ্ণয়ৰ বাবে বিভিন্ন পৰীক্ষা কৰা হৈছিল।

আৰু পঢ়িব পাৰিব : বিদ্যালয়ত উপস্থিত থাকিলে ছাত্ৰীসকলে দিনে পাব ১০০ টকাকৈ!

ইয়াৰ ভিতৰত ইবোলাৰ দৰে ৰোগৰ পৰীক্ষাও কৰা হৈছিল যদিও সকলোৰে ফলাফল নিগেটিভ বুলি চিহ্নিত হয়। ফলত এই অসুস্থতাৰ কাৰণ ‘ডিজিজ এক্স’ বুলি চিহ্নিত এক অজ্ঞাত ৰোগ হোৱাৰ আশংকা গাঢ় হৈ পৰিছে। এবিধ অজ্ঞাত, নতুন ৰোগৰ বীজাণুৰ ফলত হোৱা এই ৰোগ কৰ’নাতকৈ অতি বেছি হোৱাৰ লগতে আৰু ইয়াৰ ফলত ৰোগীৰ মৃত্যুৰ হাৰ ইবোলাৰ দৰে ৫০ৰপৰা ৯০ শতাংশ বুলি আশংকা কৰা হৈছে। বিশ্ব সাস্থ্য সংস্থাই ‘ডিজিজ এক্স’ৰ আশংকা এতিয়াও কাল্পনিক বুলি মন্তব্য কৰিছে যদিও এনে এক বিশ্বজোৰা সংক্ৰমণৰ আশংকা নুই কৰা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ