--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : পুনৰ আয়কৰ বিভাগৰ জালত পৰিছে ব্যৱসায়ী তথা কংগ্ৰেছ সভাপতি ছোনিয়া গান্ধীৰ জোঁৱাই ৰবাৰ্ট ভাদ্ৰা। কৰ ফাকিৰ অভিযোগত সোমবাৰে ভাদ্ৰাক সংস্থাটোৱে জেৰা কৰে আৰু তেওঁৰ জবানবন্দী বাণীবদ্ধ কৰে।

আৰু পঢ়িব পাৰিব : ‘ডিজিজ এক্স’ : কৰ’নাৰ পাছত বিশ্বলৈ আফ্ৰিকান ভাইৰাছৰ ভাবুকি!

অস্ত্ৰ ব্যৱসায়ী সঞ্জয় ভাণ্ডাৰীৰ জৰিয়তে ইংলেণ্ডত সম্পত্তি ক্ৰয় সম্পৰ্কীয় এটা গোচৰত ভাদ্ৰাৰ বিৰুদ্ধে কৰ ফাকিৰ অভিযোগ উঠিছিল। ইতিমধ্যে ইয়াৰ সৈতে জড়িত ধনৰ অবৈধ লেনদেনৰ ২০০৮ চনৰ এটা গোচৰত তেওঁৰ বিৰুদ্ধে তদন্ত চলাই আছে এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেট চমুকৈ ইডি-এ। আয়কৰ বিভাগৰ দলটোৱে আজি দিনৰ ভাগত ভাদ্ৰাৰ দিল্লীৰ সুখদেৱ বিহাৰত থকা কাৰ্যালয়ত উপস্থিত হয়।

আৰু পঢ়িব পাৰিব : দেশে দেশে চীনৰ জাল! কাবুলত বন্দী ১০ চীনা চোৰাংচোৱা, প্ৰত্যৰ্পন

ইয়াৰ পূৰ্বে তেওঁলৈ আয়কৰ বিভাগে চমন জাৰি কৰিছিল যদিও কৰ’নাৰ দোহাই দি তেওঁ সংস্থাটোৰপৰা অধিক সময় বিচাৰিছিল। অভিযোগ অনুসৰি ৰবাৰ্ট ভাদ্ৰাই ইংলেণ্ডত ভালেমান সম্পত্তি ক্ৰয় কৰিছিল আৰু ইয়াৰে এটা হৈছে লণ্ডনৰ ব্ৰিষ্টোন স্কুয়েৰত থকা ১.৯ নিযুত পাউণ্ডৰ এটা সম্পত্তি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ