--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ গ্ৰেপ্তাৰে এতিয়া ৰাজধানী চহৰ দিল্লীৰ ৰাজনৈতিক বতাহ গৰম কৰি তুলিছে।জৈনৰ গ্ৰেপ্তাৰ সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি মন্তব্য কৰিছে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই।দিল্লীৰ স্বাস্থ্য মন্ত্ৰী জৈনক ইডিয়ে গ্ৰেপ্তাৰ কৰি আপৰ মনোবল ভাঙিব বিচৰা বুলি চিছোদিয়াই অভিযোগ কৰিছে। 

দিল্লীৰ উপ মুখ্যমন্ত্ৰী  চিছোদিয়াই জৈনৰ গ্ৰেপ্তাৰৰ পিছতে কৰা এটা  টুইটত এইবুলি কৈছে, "৮ বছৰ ধৰি সত্যেন্দ্ৰ  জৈনৰ বিৰুদ্ধে এটা ভুৱা চলাই থকা হৈছে। এতিয়ালৈকে তেওঁক কেইবাবাৰো ইডিয়ে মতাই নি জেৰা কৰিছে। মাজতে কেইবা বছৰ ধৰি ইডিয়ে গোচৰটো সন্এদৰ্কোভত কোনো প্ৰমাণ নোপোৱাৰ বাবে জৈনক এই বিষয়ত ফোন কৰা বন্ধ কৰি দিছিল। এতিয়া পুনৰ গোচৰটো আৰম্ভ কৰা হৈছে, কাৰণ সতীন্দ্ৰ জৈন হিমাচলৰ নিৰ্বাচনী ভাৰপ্ৰাপ্ত বিষয়া।"

কিন্তু হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ সৈতে কি সম্পৰ্ক আছে জৈনৰ? দৰাচলতে হিমাচল প্ৰদেশ বিধান সভাৰ ৬৮ জন সদস্যক নিৰ্বাচিন কৰিবলৈ ২০২২ চনৰ নৱেম্বৰ মাহত ৰাজ্য খনৰ বিধান সভা নিৰ্বাচন অনুষ্ঠিত হ'ব। পঞ্জাৱত ধুমুহাৰ গতিৰে আম আদমী পাৰ্টিয়ে শাসনলৈ অহাৰ লেখীয়াকৈ হিমাচল প্ৰদেশতো আপে খোপনি পোতাৰ চেষ্টা অব্যাহত ৰাখিছে। ইতিমধ্য আপে ৰাজ্য খনৰ বহু সাধাৰণ ভোটাৰৰ মন জয় কৰিবলৈ সক্ষম হৈছে বুলি আপৰ তৰফৰ পৰাই দাবী কৰি অহা হৈছে। পঞ্জাৱৰ বিধানসভা নিৰ্বাচনৰ বাবে আপৰ নেতা সত্যেন্দ্ৰ জৈনক আপে দায়িত্ব অৰ্পন কৰিছে।সেইবাবেই জৈমক গ্ৰেপ্তাৰ কৰা হৈছে বুলি চিছোদিয়াই দাবী কৰিছে।

উল্লেখ্য এনফোৰ্চমেণ্ট সঞ্চালকালয়ে কালি  দিল্লী স্বাস্থ্য মন্ত্ৰী জৈনক কলকাতাৰ এটা কোম্পানী  হাৱালা লেনদেনৰ এটা গোচৰত গ্ৰেপ্তাৰ কৰে।
জৈনে দিল্লী চৰকাৰৰ স্বাস্থ্য, গৃহ, শক্তি আৰু গড়কাপ্তানি মন্ত্ৰী হিচাবেও দায়িত্ব গ্ৰহণ কৰি আছিল।
 জৈনে হাৱালাৰ জৰিয়তে ৪.৮১ কোটিৰ সৰবৰাহ কৰা বুলি ইডিয়ে অভিযোগ কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ