--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ গ্ৰেপ্তাৰে এতিয়া ৰাজধানী চহৰ দিল্লীৰ ৰাজনৈতিক বতাহ গৰম কৰি তুলিছে।জৈনৰ গ্ৰেপ্তাৰ সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি মন্তব্য কৰিছে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই।দিল্লীৰ স্বাস্থ্য মন্ত্ৰী জৈনক ইডিয়ে গ্ৰেপ্তাৰ কৰি আপৰ মনোবল ভাঙিব বিচৰা বুলি চিছোদিয়াই অভিযোগ কৰিছে। 

দিল্লীৰ উপ মুখ্যমন্ত্ৰী  চিছোদিয়াই জৈনৰ গ্ৰেপ্তাৰৰ পিছতে কৰা এটা  টুইটত এইবুলি কৈছে, "৮ বছৰ ধৰি সত্যেন্দ্ৰ  জৈনৰ বিৰুদ্ধে এটা ভুৱা চলাই থকা হৈছে। এতিয়ালৈকে তেওঁক কেইবাবাৰো ইডিয়ে মতাই নি জেৰা কৰিছে। মাজতে কেইবা বছৰ ধৰি ইডিয়ে গোচৰটো সন্এদৰ্কোভত কোনো প্ৰমাণ নোপোৱাৰ বাবে জৈনক এই বিষয়ত ফোন কৰা বন্ধ কৰি দিছিল। এতিয়া পুনৰ গোচৰটো আৰম্ভ কৰা হৈছে, কাৰণ সতীন্দ্ৰ জৈন হিমাচলৰ নিৰ্বাচনী ভাৰপ্ৰাপ্ত বিষয়া।"

কিন্তু হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ সৈতে কি সম্পৰ্ক আছে জৈনৰ? দৰাচলতে হিমাচল প্ৰদেশ বিধান সভাৰ ৬৮ জন সদস্যক নিৰ্বাচিন কৰিবলৈ ২০২২ চনৰ নৱেম্বৰ মাহত ৰাজ্য খনৰ বিধান সভা নিৰ্বাচন অনুষ্ঠিত হ'ব। পঞ্জাৱত ধুমুহাৰ গতিৰে আম আদমী পাৰ্টিয়ে শাসনলৈ অহাৰ লেখীয়াকৈ হিমাচল প্ৰদেশতো আপে খোপনি পোতাৰ চেষ্টা অব্যাহত ৰাখিছে। ইতিমধ্য আপে ৰাজ্য খনৰ বহু সাধাৰণ ভোটাৰৰ মন জয় কৰিবলৈ সক্ষম হৈছে বুলি আপৰ তৰফৰ পৰাই দাবী কৰি অহা হৈছে। পঞ্জাৱৰ বিধানসভা নিৰ্বাচনৰ বাবে আপৰ নেতা সত্যেন্দ্ৰ জৈনক আপে দায়িত্ব অৰ্পন কৰিছে।সেইবাবেই জৈমক গ্ৰেপ্তাৰ কৰা হৈছে বুলি চিছোদিয়াই দাবী কৰিছে।

উল্লেখ্য এনফোৰ্চমেণ্ট সঞ্চালকালয়ে কালি  দিল্লী স্বাস্থ্য মন্ত্ৰী জৈনক কলকাতাৰ এটা কোম্পানী  হাৱালা লেনদেনৰ এটা গোচৰত গ্ৰেপ্তাৰ কৰে।
জৈনে দিল্লী চৰকাৰৰ স্বাস্থ্য, গৃহ, শক্তি আৰু গড়কাপ্তানি মন্ত্ৰী হিচাবেও দায়িত্ব গ্ৰহণ কৰি আছিল।
 জৈনে হাৱালাৰ জৰিয়তে ৪.৮১ কোটিৰ সৰবৰাহ কৰা বুলি ইডিয়ে অভিযোগ কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ