--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ কোভিডে সমগ্ৰ বিশ্বৰ লগতে ভাৰততো কেনে বিষম পৰিস্থিতিৰ সৃষ্টি কৰিছিল সেইবোৰৰ তথ্য লাহে লাহে পোহৰলৈ আহিবলৈ ধৰিছে। কোভিডকালত দেশৰ প্ৰতিটো প্ৰান্ততে বন্ধ হৈ পৰিছিল সকলো শিক্ষানুষ্ঠান। মাহৰ পিছত মাহ ধৰি ছাত্ৰ-ছাত্ৰীসকলে ঘৰতে বহি থাকিবলগীয়া হৈছিল। অনলাইন শিক্ষাৰ কথা চৰকাৰে কৈ আহিছিল যদিও বাস্তৱিক ৰূপত অনলাইন শিক্ষা লাভৰ পৰা দেশৰ গৰিষ্ঠসংখ্যক শিক্ষাৰ্থীয়েই বঞ্চিত হ'বলগীয়া হৈছিল।
ভাৰতৰ প্ৰায় ১৪০ নিযুত গ্ৰাম্য দৰিদ্ৰ লোকৰ বহু সন্তানেই সেই সময়ছোৱাত শিক্ষালাভৰ কোনো উপায় বিচাৰি পোৱা নাছিল। শেহতীয়া তথ্য অনুসৰি দেশৰ ২০ শতাংশতকৈও কম শিক্ষাৰ্থীয়েহে কোভিডকালত শিক্ষা লাভৰ সুবিধা পাইছিল।

শিক্ষাৰ অধিকাৰ  আইনৰ অধীনত ভাৰত চৰকাৰে ৬ ৰ পৰা ১৪ বছৰ বয়সৰ শিশুসকলৰ বাবে বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা কৰিছে। কিন্তু বহু  শিশু এতিয়াও শিক্ষালাভৰ পৰা বঞ্চিত হৈয়েই আছে।

শিক্ষাৰ পৰা বঞ্চিত তেনে বহু শিশুৱে শিশু  শ্ৰমিক হিচাপে অসংগঠিত খণ্ডত নিয়োজিত হৈ আহিছে।  এনে তিনিটা শিশুক তিনিটা ভাগত ভগাব পাৰি – প্ৰথমটো হৈছে অভিভাৱক আন ঠাইত নিযুক্ত   হোৱা বাবে  গাওঁ এৰি যোৱা, দ্বিতীয় ভাগটোত  তেওঁলোকৰ পিতৃ-মাতৃৰ সৈতে আন কোনো কাৰণত  প্ৰব্ৰজন কৰা । এনে শিশুৰ অভিভাৱকসকল মূলতঃ নিৰ্মাণ খণ্ড, ইটা ভাটা,  কৃষি খণ্ডত নিয়োজিত লোক। তৃতীয় ভাগটোত অন্তৰ্ভুক্ত  হৈ থাকে কামৰ সন্ধানত ওলাই যোৱা অভিভাৱকৰ সৈতে থকা শিশুসকল।

মহামাৰীৰ সময়ত ঘোষণা কৰা  লকডাউনৰ সময়ত  পিতৃ-মাতৃৰ মজুৰি হ্ৰাস বা কৰ্মসংস্থাপন নোহোৱা হোৱাৰ ফলত এনে শিশুসকলৰ  খাদ্য গ্ৰহণৰ বিষয়টোত বিৰূপ প্ৰভাৱ পৰিছিল।

ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে  প্ৰকাশ কৰা তথ্য অনুসৰি মাৰ্চ ২০২০-ৰ পৰা এতিয়ালৈ কোভিডৰ বাবেই  ৯,৩০০ ৰো অধিক শিশুৱে  তেওঁলোকৰ পিতৃ-মাতৃক হেৰুৱাই অনাথ হৈ পৰিছে।

কোভিড অতিমাৰীয়ে শিশুৰ পুষ্টিহীনতাৰ শংকাৰ কাৰকবোৰ বৃদ্ধি কৰিছে। অংগনৱাড়ী সেৱা আৰু এম.ডি.এম. বন্ধ হৈ যোৱাৰ বাবে অসংখ্য শিশুৱে নিয়মীয়া পুষ্টিকৰ আহাৰ লাভ কৰাৰ পৰা বঞ্চিত হৈছিল। ৰাষ্ট্ৰীয় পাৰিবাৰিক স্বাস্থ্য জৰীপ (এনএফএইচএছ) ২০১৯-২০ ৰ কেইখনমান ৰাজ্যত আগৰ জৰীপ বৰ্ষ ২০১৫-১৬ৰ তুলনাত শিশুসকলৰ মাজত পুষ্টিহীনতাৰ হাৰ  বৃদ্ধি পাইছে। ইয়াৰ বাবেই  ভাৰতে ২০২২ চনৰ  পোষণ অভিযানৰ (পূৰ্বৰ ৰাষ্ট্ৰীয় পুষ্টি অভিযান) অধীনত নিৰ্ধাৰিত পুষ্টি সূচক প্ৰাপ্তিৰ লক্ষ্য পূৰণ কৰাত ব্যৰ্থ হ'ব পাৰে বুলি বহুতে আশংকা কৰিছে।

দেশৰ সাতখন চহৰত সংবাদ গোষ্ঠী এটাই চলোৱা সমীক্ষা অনুসৰি প্ৰব্ৰজনকাৰী শিশুসকলৰ ভিতৰৰে ৩০ শতাংশই  কেতিয়াও বিদ্যালয়ত নামভৰ্তি কৰা নাছিল, ৮০ শতাংশৰ  শিক্ষা লাভৰ কোনো  সুবিধা নাছিল আৰু ৯০ শতাংশ শিশুক ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট চাৰ্ভিচেছ (আইচিডিএছ) স্পৰ্শ কৰা নাছিল। বেছিভাগ শিশু বিপজ্জনক  আৰু অস্বাস্থ্যকৰ পৰিস্থিতিত বাস কৰা দেখা গৈছিল ।

কোভিড অতিমাৰীৰ সেই ভয়াৱহ দিনবোৰ এতিয়া আৰু নাই, কিন্তু শিশুসকলৰ দিনবোৰ কোভিডকালৰ ভয়াৱহতাৰ অন্ত পৰাৰ পিছতো ভয়াৱহ হৈয়েই আছে। দেশত বাঢ়িয়েই আছে অপুষ্টিত ভোগা, শিক্ষালাভৰ সুবিধা নোপোৱা শিশুৰ সংখ্যা। এনেদৰেই আমাৰ দেশ আগুৱাই গৈছে 'বিকাশ'ৰ বাটেৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
'ককাদেউতা নাতি আৰু হাতী ২'ৰ প'ষ্টাৰ-ল'গ' মুকলি
ভাৰতৰ বিৰুদ্ধে এইবাৰ ৫০ শতাংশ শুল্ক ঘোষণা ট্রাম্পৰ
অসমীয়া জাতিক নিঃশেষ কৰিব খুজিলে পৰিস্থিতি বেয়া হ'ব, মুখ্যমন্ত্ৰীৰ পুনৰ সকীয়নি
৭ বছৰৰ মূৰত চীনলৈ যাব মোদী
'উচ্ছেদৰ পাছতে আমাক লাগিব নেঘেৰিবিল, পূৰ্বপুৰুষৰ ভূমি ঘূৰাই লাগিবই': অসমক হুংকাৰ দিলে নগাই
মোদীৰ প্ৰতিচ্ছবিৰে হাতেৰে সজ্জিত কৰিলে অংগবস্ত্ৰ! প্ৰধানমন্ত্ৰীলৈ বিশেষ সন্মান অসমৰ প্ৰখ্যাত ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ
শ্রীহৰিকোটাৰ পৰা উৎক্ষেপণ বিশ্বৰ ব্যয়বহুল আর্থ ইমেজিং ছেটেলাইট
হাস্পতালৰ ৱাৰ্ডগাৰ্লৰ সৈতে অসংযত অৱস্থাত ধৰা পৰিল ASI সঞ্জীৱ গয়াৰী
অবৈধ কয়লাৰ কোটি কোটি টকাৰ ব্যৱসায় চলি আছে অসমত
তিনিচুকীয়া ৰে’লৱে ষ্টেচনত উদ্ধাৰ মানৱ সৰবৰাহকাৰীৰ ভয়ংকৰ ৰেকেট
বড়োলেণ্ড এফ চিৰ জয়, বিদায় কাৰ্বি আংলং মৰ্ণিং ষ্টাৰৰ
মেঘালয়ৰ হত্যাকাণ্ডৰ পটভূমিত নির্মাণ হ'ব 'হনিমুন ইন শ্বিলং'
এইবোৰ কাৰণত ঘৰত সৃষ্টি হ’ব পাৰে বাস্তু দোষ! এইদৰে কৰক চিনাক্ত
বিশিষ্ট অভিনেতা-পৰিচালক অৰুণ নাথলৈ ভবেন বৰুৱা বঁটা ঘোষণা