--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ কোভিডে সমগ্ৰ বিশ্বৰ লগতে ভাৰততো কেনে বিষম পৰিস্থিতিৰ সৃষ্টি কৰিছিল সেইবোৰৰ তথ্য লাহে লাহে পোহৰলৈ আহিবলৈ ধৰিছে। কোভিডকালত দেশৰ প্ৰতিটো প্ৰান্ততে বন্ধ হৈ পৰিছিল সকলো শিক্ষানুষ্ঠান। মাহৰ পিছত মাহ ধৰি ছাত্ৰ-ছাত্ৰীসকলে ঘৰতে বহি থাকিবলগীয়া হৈছিল। অনলাইন শিক্ষাৰ কথা চৰকাৰে কৈ আহিছিল যদিও বাস্তৱিক ৰূপত অনলাইন শিক্ষা লাভৰ পৰা দেশৰ গৰিষ্ঠসংখ্যক শিক্ষাৰ্থীয়েই বঞ্চিত হ'বলগীয়া হৈছিল।
ভাৰতৰ প্ৰায় ১৪০ নিযুত গ্ৰাম্য দৰিদ্ৰ লোকৰ বহু সন্তানেই সেই সময়ছোৱাত শিক্ষালাভৰ কোনো উপায় বিচাৰি পোৱা নাছিল। শেহতীয়া তথ্য অনুসৰি দেশৰ ২০ শতাংশতকৈও কম শিক্ষাৰ্থীয়েহে কোভিডকালত শিক্ষা লাভৰ সুবিধা পাইছিল।

শিক্ষাৰ অধিকাৰ  আইনৰ অধীনত ভাৰত চৰকাৰে ৬ ৰ পৰা ১৪ বছৰ বয়সৰ শিশুসকলৰ বাবে বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা কৰিছে। কিন্তু বহু  শিশু এতিয়াও শিক্ষালাভৰ পৰা বঞ্চিত হৈয়েই আছে।

শিক্ষাৰ পৰা বঞ্চিত তেনে বহু শিশুৱে শিশু  শ্ৰমিক হিচাপে অসংগঠিত খণ্ডত নিয়োজিত হৈ আহিছে।  এনে তিনিটা শিশুক তিনিটা ভাগত ভগাব পাৰি – প্ৰথমটো হৈছে অভিভাৱক আন ঠাইত নিযুক্ত   হোৱা বাবে  গাওঁ এৰি যোৱা, দ্বিতীয় ভাগটোত  তেওঁলোকৰ পিতৃ-মাতৃৰ সৈতে আন কোনো কাৰণত  প্ৰব্ৰজন কৰা । এনে শিশুৰ অভিভাৱকসকল মূলতঃ নিৰ্মাণ খণ্ড, ইটা ভাটা,  কৃষি খণ্ডত নিয়োজিত লোক। তৃতীয় ভাগটোত অন্তৰ্ভুক্ত  হৈ থাকে কামৰ সন্ধানত ওলাই যোৱা অভিভাৱকৰ সৈতে থকা শিশুসকল।

মহামাৰীৰ সময়ত ঘোষণা কৰা  লকডাউনৰ সময়ত  পিতৃ-মাতৃৰ মজুৰি হ্ৰাস বা কৰ্মসংস্থাপন নোহোৱা হোৱাৰ ফলত এনে শিশুসকলৰ  খাদ্য গ্ৰহণৰ বিষয়টোত বিৰূপ প্ৰভাৱ পৰিছিল।

ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে  প্ৰকাশ কৰা তথ্য অনুসৰি মাৰ্চ ২০২০-ৰ পৰা এতিয়ালৈ কোভিডৰ বাবেই  ৯,৩০০ ৰো অধিক শিশুৱে  তেওঁলোকৰ পিতৃ-মাতৃক হেৰুৱাই অনাথ হৈ পৰিছে।

কোভিড অতিমাৰীয়ে শিশুৰ পুষ্টিহীনতাৰ শংকাৰ কাৰকবোৰ বৃদ্ধি কৰিছে। অংগনৱাড়ী সেৱা আৰু এম.ডি.এম. বন্ধ হৈ যোৱাৰ বাবে অসংখ্য শিশুৱে নিয়মীয়া পুষ্টিকৰ আহাৰ লাভ কৰাৰ পৰা বঞ্চিত হৈছিল। ৰাষ্ট্ৰীয় পাৰিবাৰিক স্বাস্থ্য জৰীপ (এনএফএইচএছ) ২০১৯-২০ ৰ কেইখনমান ৰাজ্যত আগৰ জৰীপ বৰ্ষ ২০১৫-১৬ৰ তুলনাত শিশুসকলৰ মাজত পুষ্টিহীনতাৰ হাৰ  বৃদ্ধি পাইছে। ইয়াৰ বাবেই  ভাৰতে ২০২২ চনৰ  পোষণ অভিযানৰ (পূৰ্বৰ ৰাষ্ট্ৰীয় পুষ্টি অভিযান) অধীনত নিৰ্ধাৰিত পুষ্টি সূচক প্ৰাপ্তিৰ লক্ষ্য পূৰণ কৰাত ব্যৰ্থ হ'ব পাৰে বুলি বহুতে আশংকা কৰিছে।

দেশৰ সাতখন চহৰত সংবাদ গোষ্ঠী এটাই চলোৱা সমীক্ষা অনুসৰি প্ৰব্ৰজনকাৰী শিশুসকলৰ ভিতৰৰে ৩০ শতাংশই  কেতিয়াও বিদ্যালয়ত নামভৰ্তি কৰা নাছিল, ৮০ শতাংশৰ  শিক্ষা লাভৰ কোনো  সুবিধা নাছিল আৰু ৯০ শতাংশ শিশুক ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট চাৰ্ভিচেছ (আইচিডিএছ) স্পৰ্শ কৰা নাছিল। বেছিভাগ শিশু বিপজ্জনক  আৰু অস্বাস্থ্যকৰ পৰিস্থিতিত বাস কৰা দেখা গৈছিল ।

কোভিড অতিমাৰীৰ সেই ভয়াৱহ দিনবোৰ এতিয়া আৰু নাই, কিন্তু শিশুসকলৰ দিনবোৰ কোভিডকালৰ ভয়াৱহতাৰ অন্ত পৰাৰ পিছতো ভয়াৱহ হৈয়েই আছে। দেশত বাঢ়িয়েই আছে অপুষ্টিত ভোগা, শিক্ষালাভৰ সুবিধা নোপোৱা শিশুৰ সংখ্যা। এনেদৰেই আমাৰ দেশ আগুৱাই গৈছে 'বিকাশ'ৰ বাটেৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ