--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০১৫ চনত দেশৰ ৰাজনীতিত হঠাতে আৱিৰ্ভাৱ হৈছিল এজন ২২ বছৰীয়া যুৱক। এক জনগোষ্ঠীয় আন্দোলনৰ নেতৃত্ব বহন কৰি দেশৰ ৰাজনৈতিক মহলত চৰ্চিত হৈ পৰিছিল গুজৰাটৰ এই যুৱকজন। গুজৰাটৰ পাতিদাৰ জনগোষ্ঠীৰ সংৰক্ষণ আন্দোলনৰ নেতৃত্ব দি পোন প্ৰথমে চৰ্চালৈ আহে হাৰ্দিক পেটেল নামৰ এই ২২ বছৰীয়া যুৱকজন। পাতিদাৰ জাতিৰ বাবে অন্যান্য পিছপৰা শ্ৰেণীৰ (অ'বিচি) মৰ্যাদা দাবী কৰি সৃষ্টি হোৱা এই আন্দোলনটোৱে সমগ্ৰ দেশৰে ৰাজনৈতিক মহলৰ দৃষ্টি আকৰ্ষণ কৰে।

এনে সময়তে দেশৰ ৰাজনীতিত প্ৰৱেশ ঘটে আন দুজন যুৱ নেতা কানহায়া কুমাৰ আৰু জিগনেশ মেৱানীয়ে। জে এন ইউৰ ভাষণ বিতৰ্কৰে চৰ্চালৈ অহা কানহায়া কুমাৰ আৰু দলিত আন্দোলনৰ জৰিয়তে প্ৰৱেশ ঘটা মেৱানীয়ে লাভ কৰে ব্যাপক চৰ্চা। ইয়াৰ পিছতে ৰাজনৈতিক ক্ষেত্ৰখনত সংযোগ ঘটে এই যুৱ ত্ৰিমূৰ্তিৰ। শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ কঠোৰ সমালোচক হৈ পৰা এই তিনি যুৱ নেতা ভাৰতীয় ৰাজনীতিত বিজেপিৰ প্ৰধানমন্ত্ৰীৰ বিৰোধী হিচাপে চৰ্চিত হৈ পৰে।

পাতিদাৰ আন্দোলনেৰে ৰাজনৈতিক মঞ্চত প্ৰৱেশ কৰা পেটেলে তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লয় শাসকীয় বিজেপিক। বিজেপিৰ চকুৰ কূটা দাঁতৰ শূল হৈ পৰা পেটেলৰ সৈতে প্ৰায়ে বিজেপিৰ শীৰ্ষ নেতা বাকযুদ্ধত লিপ্ত হৈ পৰা এক স্বাভাৱিক দৃশ্যত পৰিণত হয়। বিজেপি চৰকাৰক কৰি অহা সমালোচনাৰ বাবে দলটোৰ পৰা ‘দেশদ্ৰোহী’ৰো আখ্যা দিয়ে পেটেলক। বিজেপিৰ পৰা এই দেশদ্ৰোহী আখ্যা লাভৰ কিছুদিন পিছতে পেটেলে এক টুইটত লিখিছিল, “যদি পুৱাৰ দেশদ্ৰোহীয়ে সন্ধিয়া বিজেপিত যোগদান কৰে, তেওঁ লগে লগে দেশভক্ত হৈ পৰে।” বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতি নীতিৰ কঠোৰ সমালোচনাৰে থকা-সৰকা কৰি অহা পেটেলে ২০১৮ চনত আন এটা টুইটত লিখিছিল, “হিন্দু-মুছলিমৰ চশমাখন খুলি চাওক, বিজেপিক স্পষ্টকৈ নগ্ন আৰু চৰমহীন ৰূপত দেখিবলৈ পাব।” 

বিজেপি বিৰোধী এই স্থিতিৰ বাবেই পেটেলে ২০১৭ চনত গুজৰাট বিধান সভা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰচাৰ অভিযানৰ সমৰ্থনত নামি পৰে। সেই বৰ্ষৰে নৱেম্বৰত ছ'চিয়েল মিডিয়াত পেটেলৰ এটা যৌন ক্লিপ ভাইৰেল হৈ পৰে। পেটেলে এই কাণ্ডক বিজেপিৰ লেতেৰা ৰাজনীতি আখ্যা দি তেওঁ এই লেতেৰা ৰাজনীতিৰ ভুক্তভোগী বুলি অভিযোগ কৰে। ইয়াৰ পাছতে পেটেল হৈ পৰে বিজেপিৰ বিৰুদ্ধে অধিক কঠোৰ। বিজেপিৰ প্ৰতিটো ৰাজনৈতিক নীতিকে কঠোৰ আক্ৰমণ কৰি পেটেল বিজেপি বিৰোধী ‘পোষ্টাৰ বয়’ত পৰিণত হয়। 

২০১৯ চনৰ ১২ মাৰ্চত হাৰ্ডিক পেটেলে কংগ্ৰেছত যোগদান কৰি আনুষ্ঠানিকভাৱে ভাৰতীয় ৰাজনীতিৰ অংশ হৈ পৰে। ২০২০ চনৰ ১১ জুলাইত পেটেলক গুজৰাট বিজেপিৰ ৰাজ্যিক গোটৰ কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিয়া হয়। যোৱা বৰ্ষৰ শেষৰফালে এক টুইটযোগে পেটেলে কংগ্ৰেছৰ এগৰাকী কাৰ্যকতা হিচাপে বিজেপি আৰু আৰ এছ এছৰ লেতেৰা ৰাজনীতিৰ বিৰোধ কৰি যাব বুলিও উল্লেখ কৰিছিল।

কিন্তু চলিত বৰ্ষতে হঠাতে নাটকীয় পৰিবৰ্তন ঘটে পেটেলৰ। কংগ্ৰেছৰ হৈয়ে বিজেপিৰ নিকৃষ্ট ৰাজনীতিৰ বিৰোধিতা কৰিবলৈ ওলোৱা পেটেলে আক্ৰমণ কৰিবলৈ লয় কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বক। ইটোৰ পিছত সিটো মন্তব্যৰে কংগ্ৰেছক আক্ৰমণ কৰা পেটেলে তেওঁক কংগ্ৰেছ দললৈ অনাৰ মূল ব্যক্তি ৰাহুল গান্ধীৰ সমালোচনাতো মুখৰ হৈ পৰে। বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিৰ ক্ষুৰধাৰ সমালোচনা কৰি অহা পেটেল হৈ পৰে একান্ত হিন্দু। কংগ্ৰেছে হিন্দু ধৰ্ম আৰু ভগৱান ৰামৰ বিৰুদ্ধে ঘৃণা বিয়পাই হিন্দু ধৰ্মৰ ধ্বংস কৰিবলৈ ওলাইছে বুলিও অভিযোগ কৰে পেটেলে। নিজকে হিন্দু বুলি পৰিচয় দি সমসাময়িকভাৱে বিজেপিৰ প্ৰশংসাতো পঞ্চমুখ হয় পেটেল। এনে পৰিস্থিতিত পেটেলে শীঘ্ৰেই বিজেপিত যোগদান কৰিব বুলিও চৰ্চা আৰম্ভ হয় দেশৰ ৰাজনৈতিক মহলত।

এনে জল্পনা-কল্পনাৰ মাজতে যোৱা ১৮ মে’ত কংগ্ৰেছৰ পৰা পদত্যাগ কৰে হাৰ্ডিক পেটেলে। কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পিছতে তেওঁৰ বিজেপি যাত্ৰা নিশ্চিত হৈ পৰে যদিও কিছুদিন পূৰ্বে তেওঁ এই বিষয়ে নাকচ কৰিছিল। কিন্তু আজি এই পূৰ্বানুমান সঠিক প্ৰমাণিত কৰিয়ে আনুষ্ঠানিক ভাৱে গেৰুৱা বসন পিন্ধে নেতা গৰাকীয়ে। 

বিগত ছটা বছৰে বিজেপি আৰু প্ৰধানমন্ত্ৰী মোদীক কঠোৰ সমালোচনাৰে থকা-সৰকা কৰি অহা পেটেলৰ বাবে বিজেপি হৈ পৰে নতুন কেৰিয়াৰৰ আখৰাথলী আৰু মোদী হৈ পৰে দেশৰ যোগ্য নেতা। একালত বিজেপিৰ পৰা দেশদ্ৰোহীৰ আখ্যা পোৱা পেটেল আজি নিজেই পূৰ্বে কৰা মন্তব্যৰ দৰে বিজেপিত যোগদানৰ পিছত হৈ পৰে এজন দেশভক্ত। আজি পুৱা বিজেপিত যোগদানৰ বাতৰি নিশ্চিত কৰি পেটেলে এটা টুইট যোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ক্ষুদ্ৰ সৈনিক হিচাপে কাম কৰি এটা নতুন অধ্যায় আৰম্ভ কৰিবলৈ সাজু হৈছে বুলি উল্লেখ কৰিছিল। 

হিন্দী ভাষাত লিখা টুইটটোত তেওঁ লিখিছিল, "মই ৰাষ্ট্ৰীয় স্বাৰ্থ, আঞ্চলিক স্বাৰ্থ আৰু সামাজিক স্বাৰ্থৰ অনুভূতিৰে এটা নতুন অধ্যায় আৰম্ভ কৰিবলৈ ওলাইছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰাষ্ট্ৰীয় সেৱাৰ বাবে হোৱা বৃহৎ কাৰ্যসূচীত মই এজন ক্ষুদ্ৰ সৈনিক হিচাপে কাম কৰিম।" 

ইয়াৰ পিছতে দুপৰীয়া গুজৰাট বিজেপিৰ ৰাজ্যিক সভাপতি চি আৰ পেটেলৰ উপস্থিতিত গেৰুৱা বসন পৰিধান কৰি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে পেটেলে। বিজেপিত যোগদানৰ পিছতে পেটেলে মোদীক সমগ্ৰ বিশ্বৰ গৌৰৱ আখ্যা দি কয়, “প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত দেশত চলি থকা উন্নয়নমূলক কামৰ সৈতে সকলো লোক সংযুক্ত হৈ পৰিছে। সেয়ে মইও এই পথেই গ্ৰহণ কৰা উচিত বুলি ভাবোঁ।”

পেটেলৰ বিজেপি গমন ৰাজ্যখনৰ ৰাজনীতিত এক উল্লেখনীয় দিশ হিচাপে বিবেচিত হৈছে। চলিত বৰ্ষৰ ডিচেম্বৰত ৰাজ্যখনত বিধান সভা নিৰ্বাচন অনুষ্ঠিত হ’ব। পাতিদাৰ আন্দোলনৰ জৰিয়তে ৰাজনৈতিক উত্থান ঘটা হাৰ্ডিক পেটেলৰ জনগোষ্ঠীটোৰ মাজত এক বিশেষ স্থান আছে। উল্লেখ্য যে গুজৰাটৰ মুঠ জনসংখ্যাৰ ১২.৩ শতাংশ লোক পাতিদাৰ জনগোষ্ঠীৰ। এনে অৱস্থাত হাৰ্ডিক পেটেলৰ অংশগ্ৰহণে বিজেপিৰ বাবে পাতিদাৰ ভোট লাভৰ পথ মুকলি কৰা বুলি ৰাজনৈতিক বিশেষজ্ঞসকলে উল্লেখ কৰিছে।

অৱশ্যে বিজেপি-আৰ এছ এছৰ বিৰোধিতাৰে ৰাজনৈতিক ব্যুৎপত্তি লাভ কৰা হাৰ্ডিক পেটেল বিজেপিৰ ৰাজনীতিত কিমানদূৰ সফল হ’ব সেইয়া চিন্তনীয়। বিশেষকৈ পেটেলৰ দৰে জনপ্ৰিয় নেতাৰ দলত যোগদানৰ সময়ত বিজেপিৰ কোনো এগৰাকী শীৰ্ষ নেতা উপস্থিত নথকাৰ দৃশ্যই স্বাভাৱিকতেই দলটোত স্থান কি হ’ব সেই বিষয়ত প্ৰশ্নৰ সৃষ্টি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement