--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ওজন বৃদ্ধিয়ে আমাক সকলোকে চিন্তিত কৰি তোলে, যাৰ পৰা মুক্তি পাবলৈ আমি বিভিন্ন ধৰণৰ ব্যায়াম আৰু ৱৰ্কআউট কৰো। ইয়াৰে এটা হ’ল খোজকঢ়া। বিশ্বাস কৰা হয় যে যদি এজন ব্যক্তিয়ে দিনটোত ৫ হাজাৰবাৰ বা তাতোকৈ অধিক খোজ খোজকাঢ়ে, তেতিয়া তেওঁৰ ওজন হ্ৰাস পায়, কিন্তু তেনে কৰাৰ পাছতো যদি আশা কৰা ধৰণে ফল নাপায়, তেতিয়া এই পদ্ধতিত কিছু পৰিৱৰ্তন অনাৰ প্ৰয়োজন আছে।

 খোজকঢ়াটো স্বাস্থ্যৰ বাবে অতি উপকাৰী-

দৈনিক খোজকঢ়াৰ ফলত স্বাস্থ্যৰ উপকাৰ হয় আৰু হাৰ্টএটেকৰ দৰে ৰোগৰ সম্ভাৱনাও কম হয়। যদি আপুনি ওজন হ্ৰাস কৰিব পৰা নাই, তেন্তে আপুনি আপোনাৰ পদ্ধতি আৰু জীৱনশৈলী সলনি কৰিব পাৰে।

 দৈনিক ৫০০০বাৰ খোজকাঢ়িলেও যেতিয়া ওজন কমি নাযায় তেতিয়া কি কৰিব লাগে?

 ১) ওজন কমাবলৈ কেৱল খোজকঢ়াৰ ওপৰত নিৰ্ভৰ নকৰে, আধা ঘণ্টা ৱৰ্কআউটো কৰিব লাগে, ই পেটৰ চাৰিওফালে থকা চৰ্বি কমিবলৈ আৰম্ভ কৰে।

 ২) আপুনি দৈনন্দিন খাদ্যৰ পৰা তেলীয়া খাদ্য আঁতৰাই পেলাওক, কাৰণ এনে পৰিস্থিতিত আপোনাৰ বেয়া কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি হ’বলৈ আৰম্ভ কৰে, যাৰ ফলত ওজন কমাত অসুবিধা হয়।

 ৩) যি খাদ্যত চেনিৰ পৰিমাণ অতি বেছি থাকে তাৰ পৰা দূৰত্ব থাকক। মনত ৰাখিব যে মিঠা বস্তু খালে ওজন কমি নাযায় আৰু ই ডায়েবেটিছৰ দৰে ৰোগৰো সম্ভাৱনা বৃদ্ধি কৰে।

 ৪) দৈনন্দিন খাদ্য তালিকাত কেৱল স্বাস্থ্যসন্মত খাদ্যহে অন্তৰ্ভুক্ত কৰক, যিয়ে মেটাবলিজম উন্নত কৰে আৰু দীৰ্ঘ সময়লৈ ভোক অনুভৱ নকৰে। ইয়াৰ বাবে আপুনি ঋতু অনুসৰি ফলমূল, মাহজাতীয় খাদ্য, সেউজীয়া শাক-পাচলি, বাদাম আৰু চালাড খাব পাৰে।

 ৫) দৈনিক খোজকঢ়াৰ সময়ত শৰীৰত যাতে পানীৰ অভাৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। শৰীৰক হাইড্ৰেটেড কৰি ৰখাটো অতি প্ৰয়োজনীয়, কিয়নো ই হজম শক্তি বৃদ্ধি কৰে আৰু ওজন কমোৱাত সহায় কৰে।

 ৬) পানীৰ বাহিৰেও এনে ফলৰ ৰস আৰু ডিটক্স ড্ৰিংকছ খালে শৰীৰত থকা বিষাক্ত পদাৰ্থবোৰ দূৰ কৰে, ই শৰীৰক ফিট কৰি ৰখাত সহায় কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত