--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একাপ চাহ(Tea) আমাৰ দৈনন্দিন জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ। দীঘলীয়া কামৰ অন্তত যেতিয়া আমাৰ দেহাটো ক্লান্ত হৈ পৰে, সেই ক্লান্তি দূৰ কৰিবলৈ একাপ চাহেই যথেষ্ট। একাপ চাহে মনটোক প্রফুল্লিত কৰাৰ লগতে শৰীৰটো সুস্থ অৱস্থাত ৰাখে। চাহক এবিধ উপকাৰী পানীয় হিচাপে গণ্য কৰি অহা হৈছে। মানৱ জীৱনত লাল চাহ বা ৰঙা চাহৰ আছে বহু গুৰুত্বপূৰ্ণ ভূমিকা।


চাহপাতত থকা ৰাসায়নিক পদার্থই হৃদপিণ্ড আৰু ৰক্তপ্রবাহী নলীৰ ৰোগৰ প্ৰতিৰোধকৰ দৰে কাম কৰে। চাহপাতত মজুত থাকে চেলুল'জ, প্ৰ’টিন, এচিড, চেনি, ক’ফিন, টেনিন আদি জৈৱ পদার্থ। শৰীৰত ক’ফিন প্রৱেশ কৰাৰ লগে লগে স্নায়ুতন্ত্র উত্তেজিত হয় আৰু তাৰ ফলতেই আমাৰ দেহৰ অৱসাদো আঁতৰি যায়। চাহত বি কমপ্লেক্স থকাৰ বাবে চাহ সেৱন কৰাৰ লগে লগে শৰীৰত কেল’ৰি বৃদ্ধি পায়।



চাহ কাপৰ অবিহনে অসমীয়া বা ভাৰতীয় মানুহৰ ৰাতিপুৱাটোৱেই যেন আধৰুৱা। ঘৰলৈ আহিলে বা ক’ৰবালৈ ওলাই গলেও চাহ কাপৰ প্ৰয়োজনীয়তা আমি প্ৰতিপলে অনুভৱ কৰো। ৰঙা চাহত তেজপাত, আদা, ইলাচী, ডালচেনি, তুলসী আদি উপাদান যোগ কৰিলে গুণাগুণ আৰু বৃদ্ধি হয়।

আহকচোন জানো ৰঙা চাহ বা লাল চাহৰ উপকাৰিতাৰ বিষয়ে-

১)ৰঙা চাহত বিভিন্ন উপকাৰী এন্টিঅক্সিডেণ্ট পোৱা যায় যিয়ে আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

২)ৰঙা চাহত থকা বিভিন্ন এন্টিঅক্সিডেণ্টৰ বাবে এলাহ ভাগৰ পলকতে নাইকিয়া হয়।

৩)ৰঙা চাহত থকা এন্টিঅক্সিডেণ্টে হাৰ্টৰ বিভিন্ন ৰোগ প্ৰতিৰোধত সহায় কৰে বুলি জনা যায়। 

৪)নিয়মীয়াকৈ ৰঙা চাহ খাই থকা লোকৰ ডায়েবেটিচ ৰোগ হোৱাৰ সম্ভাৱনাও বহু কমি যায়। 

৫)ৰঙা চাহে হাড় ঠুনুকা হোৱাৰ পৰা ৰক্ষা কৰে আৰু ই অষ্টিঅ’পৰচিচ ৰোগ প্ৰতিৰোধ কৰাতো সহায় কৰে। 

৬)ৰঙা চাহে আমাৰ পাচনতন্ত্ৰৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰে।

৭)নিয়মীয়াকৈ সেৱন কৰা ৰঙা চাহে কলেষ্টৰল, ট্ৰাইগ্লিচাৰাইড আৰু মেদবহুলতা সমস্যাতো কিছু পৰিমাণে সুফল পোৱা যায়।



৮)ৰঙা চাহত পোৱা পলিফেনল ( polyphenols) নামৰ এন্টিঅক্সিডেণ্টে মহিলাৰ ডিম্বাশয়ৰ কেঞ্চাৰ প্ৰতিৰোধ কৰাত  সহায় কৰে বুলি জনা যায়। 

৯)ৰঙা চাহে হাপানী ৰোগ উপশম কৰাতো সহায় কৰে। দুই তিনিখিলা তুলসী পাত দি বনোৱা ৰঙা চাহকাপে হাপানী ৰোগীৰ বাবে ঔষধি হিচাবেও কাম কৰে।

১০)নিয়মীয়াকৈ ৰঙা চাহ সেৱন কৰিলে ই ষ্ট্ৰেছৰ সমস্যা কম কৰাত সহায় কৰে। 

১১)ডাঠকৈ বা কাঢ়াকৈ ৰঙা চাহ বনাই ঠাণ্ডা কৰি লৈ শ্বেম্পু কৰাৰ পাছত চুলিত কণ্ডিচনাৰ হিচাবে ব্যৱহাৰ কৰিলে চুলিৰ উজ্জ্বলতা বৃদ্ধি হয়, চুলি ফটা সমস্যা দূৰ হয়।

১২)হেনাৰ লগত ৰঙা চাহ মিহলাই চুলিত লগালে ই চুলিৰ কণ্ডিচনাৰ হিচাবে কাম কৰে আৰু চুলিৰ ৰং উজ্জল কৰে।

১৩)চকুৰ গুৰি ক’লা পৰা সমস্যাত টি বেগ ব্যৱহাৰ কৰিলে সুফল পোৱা যায়।

১৪)লাল চাহ খালে মানসিক ৰোগ আৰু নাৰ্ভৰ ৰোগৰ পৰা আৰাম পোৱা যায়।

১৫)লাল চাহ খালে আমাৰ টোপনি ভাল হয়।

১৬) বতৰ পৰিবৰ্তনৰ সময়ত জ্বৰ, কাহ, চৰ্দি আদি হ'লে ৰঙা চাহকাপত আদা, জালুক বা তুলসী আদি দি ৰোগীক সেৱন কৰিবলৈ দিয়া হয়। এইদৰে বনোৱা ৰঙা চাহকাপে ঔষধিৰ দৰে কাম কৰে।  

সেয়েহে একাপ লাল চাহেৰে সুন্দৰকৈ পুৱাটো উপভোগ কৰি সুস্থ হৈ থাকো আহক।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ