--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বেয়া দিন পৰিছে বলীউডৰ খিলাড়ী অক্ষয় কুমাৰৰ। নিজৰ ছবিৰ সফলতাৰ বাবে চৰকাৰী পক্ষ বা হিন্দুত্ববাদী মনোভাৱ পোষণ কৰা জনসমষ্টিক সন্তুষ্ট কৰিবলৈ গৈ জনসাধাৰণৰ তীব্ৰ ব্যঙ্গাত্মক ট্ৰলৰ সন্মুখীন হ’বলগীয়া হৈছে খিলাড়ী কুমাৰ। অক্ষয় কুমাৰৰ বিজেপি প্ৰীতি সৰ্বজনবিদিত। পূৰ্বে কেইবাবাৰো প্ৰধানমন্ত্ৰী মোদীকে ধৰি বিজেপি চৰকাৰৰ মুকলি প্ৰশংসা কৰি বিজেপিৰ অনুগ্ৰহপাত্ৰ হিন্দুত্ববাদী অংশটোৰ নয়নৰ মণি হৈ পৰিছিল অভিনেতাগৰাকী। ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত বিজেপিৰ প্ৰতি সবমৰ্থনো আগবঢ়াই দেশবাসীক পৰিবৰ্তনৰ অংশীদাৰ হ’বলৈও আহ্বান জনাইছিল কুমাৰে। 

নিৰ্বাচনী প্ৰচাৰ তুংগত থকাৰ সময়তে সেই সময়ৰ কংগ্ৰেছ চৰকাৰৰ শাসন কালত ইন্ধনজাত সসামগ্ৰীৰ লগতে অন্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজহুৱাকৈ মন্তব্যও কৰিছিল অক্ষয় কুমাৰে। পিছে বৰ্তমানৰ বিজেপি চৰকাৰৰ সময়ত ইন্ধনৰ লগতে সকলো সামগ্ৰীৰে আকাশলঙ্ঘী মূল্যবৃদ্ধিৰ পাছতো কোনো ধৰণৰ মন্তব্য নকৰাৰ বাবে জনসাধাৰণৰ ৰোষৰ বলি হৈছিল কুমাৰ। অভিনেতাজনৰ পুৰণি মন্তব্য তথা সামাজিক মাধ্যমৰ পোষ্টসমূহ ভাইৰেল কৰি তেওঁক সমালোচনাৰ লক্ষ্য কৰি লৈছিল জনসাধাৰণে।

শেহতীয়াকৈ আকৌ এবাৰ এইদৰে জনসাধাৰণৰ দ্বাৰা ট্ৰলৰ বলি হৈছে অভিনেতাজন। তেওঁৰ সদ্য মুক্তিপ্ৰাপ্ত চিনেমা ‘সম্ৰাট পৃথ্বীৰাজ’ৰ প্ৰচাৰৰ সময়ত পাঠ্যপুথিত ইতিহাসৰ অন্তৰ্ভুৰ্ক্তি সম্বন্ধে ভুল মন্তব্য কৰি হাঁহিয়াতৰ পাত্ৰ হৈ পৰিছে অক্ষয়। কিছুদিন পূৰ্বে অভিনেতাজনে এটা সাক্ষাৎকাৰত কৈছিল যে শিক্ষানুষ্ঠানৰ পাঠ্যপুথিত সম্ৰাট পৃথ্বীৰাজৰ বিষয়ে ভালদৰে পঢ়িবলৈ পোৱা মনত নাই। তেওঁ লগতে উল্লেখ কৰিছিল যে পাঠ্যপুথিত যিদৰে ব্ৰিটিছ আৰু মোগলৰ বিষয়ে বিস্তৃত হাৰত অন্তৰ্ভুক্ত কৰা হয়, সেইদৰে ভাৰতীয় শাসক তথা যোদ্ধাসকলৰ বিষয়ে সন্নিৱিষ্ট কৰা নহয়।

সাক্ষাৎকাৰটোত তেওঁ কৈছিল যে তেওঁ সম্ৰাট পৃথ্বীৰাজৰ বিষয়ে পাঠ্যপুথিত মাত্ৰ কেইটামান শাৰীহে পঢ়িবলৈ পাইছিল। পৃথ্বীৰাজৰ দৰেই ভাৰতৰ আন হিন্দু শাসকসকলৰ বিষয়েও পাঠ্যপুথিত ভালদৰে উল্লেখ নাই। কিন্তু ভাৰত আক্ৰমণকাৰীসকলৰ বিষয়ে বহু কথা উল্লেখ কৰা হৈছে। আমাৰ সংস্কৃতি আৰু আমাৰ মহাৰাজাসকলৰ বিষয়ে কোনো কথাই উল্লেখ কৰা হোৱা নাই। তেওঁ লগতে দেশৰ শিক্ষা মন্ত্ৰী গৰাকীক পাঠ্যপুথিত হিন্দু শাসক তথা যোদ্ধাসকলৰ অন্তৰ্ভুক্তিৰ বিষয়ে চিন্তা কৰিবলৈ আহ্বান জনায়। 

কুমাৰে কয়, “মই কোৱা নাই যে আমি মোগলৰ বিষয়ে জানিব নালাগে। কিন্তু পাঠ্যক্ৰমত ভাৰসাম্য ৰাখিব লাগে। আমাৰ হিন্দু ৰজাসকলৰ বিষয়েও জানিব লাগে, তেওঁলোকও মহান আছিল।"

অক্ষয় কুমাৰৰ এই মন্তব্যৰ পিছতে অভিনেতা গৰাকীক আক্ৰমণৰ লক্ষ্য কৰি লয় সামাজিক মাধ্যম ব্যৱহাৰকাৰী সকলে। পাঠ্যক্ৰমত পৃথ্বীৰাজৰ লগতে আন হিন্দু ৰজা সম্পৰ্কেও ভালদৰে উল্লেখ আছে বুলি প্ৰমাণসহ দাঙি ধৰি অভিনেতাগৰাকীয়ে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে এই মন্তব্য কৰিছে বুলি বিভিন্নজনে সমালোচনা কৰে।

টুইটাৰত এগৰাকী ব্যক্তিয়ে কয়, "অক্ষয় কুমাৰ নিশ্চয় কেতিয়াও ভাৰতৰ বিদ্যালয়লৈ যোৱা নাছিল বা এন চি ই আৰ টিৰ পাঠ্যপুথি অধ্যয়ন কৰা নাছিল। তেওঁ নিশ্চয় আৰ এছ এছ শাখাত শিক্ষাগ্ৰহণ কৰিছিল।" 

আন এজন ব্যৱহাৰকাৰীয়ে অক্ষয় কুমাৰক এন চি ই আৰ টি ইতিহাসৰ কিতাপ, বিশেষকৈ সপ্তম শ্ৰেণীৰ কিতাপ পঢ়িবলৈও পৰামৰ্শ দিয়ে। একেদৰে টুইটাৰত এজন ব্যক্তিয়ে অভিনেতাজন কেতিয়াবা বিদ্যালয়লৈ গৈছিল নে বুলিও প্ৰশ্ন কৰে। 

পাঠ্যক্ৰম সম্পৰ্কে কোনো তথ্য নৰখাকৈয়ে এনেদৰে ভুল মন্তব্য কৰাৰ বাবে আন এজন ব্যক্তিয়ে টুইটাৰত লিখিছে, “পৃথ্বীৰাজ চৌহানৰ বিষয়ে সপ্তম শ্ৰেণীৰ এন চি ই আৰ টি পাঠ্যক্ৰমত এটা সম্পূৰ্ণ অধ্যায় আছে। আন বহু ভাৰতীয় ৰজাৰ বিষয়েও আমি বিদ্যালয়ত পঢ়িছো। এন.চি.ই.আৰ.টি. ইতিহাসৰ কিতাপবোৰ ভালদৰে লক্ষ্য কৰিলে আপোনাক সেই তথ্যবোৰ চিনাক্ত কৰাত সহায় কৰিব পাৰে।" 

আনহাতে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ পৱন খেৰাইও অক্ষয় কুমাৰৰ এই মন্তব্যৰ পিছতে তেওঁক ব্যঙ্গাত্মকভাৱে সমালোচনা কৰে। অক্ষয়ৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি খেৰাই টুইটত কয়, "মোৰ বাবে অক্ষয় কুমাৰ আৰু আকবৰ দুয়ো এই দেশৰ।" আন এটা টুইটত কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে লগতে কয়, "যদি আপুনি আপোনাৰ পিতৃ-মাতৃৰ কথা শুনি ভালদৰে অলপ পঢ়িলে হয়, তেতিয়া এইদৰে আপুনি ৰাজহুৱাভাৱে বুৰ্বক হ’ব নালাগিল হয়। 

উল্লেখ্য যে অক্ষয় কুমাৰৰ এই সম্ৰাট পৃথ্বীৰাজ নামৰ ছবিখনে ৩ জুনত সমগ্ৰ দেশতে মুক্তিলাভ কৰে। মুক্তিৰ পূৰ্বেই গৃহমন্ত্ৰী অমিত শ্বাহৰ বাবে বিশেষ দৰ্শনীৰো ব্যৱস্থা কৰা হৈছিল। ছবিখন চোৱাৰ পিছতে অমিত শ্বাহে সম্ৰাট পৃথ্বীৰাজ চিনেমাখনৰ প্ৰশংসাত পঞ্চমুখ হৈছিল। শেহতীয়াকৈ সাক্ষাৎকাৰটোত কুমাৰে ভাৰতীয় চিনেমাই প্ৰধানমন্ত্ৰী মোদীৰ বাবে আন্ত:ৰাষ্ট্ৰীয় সন্মান তথা সফলতা লাভ কৰিছে বুলিও মন্তব্য কৰিছিল। এনেবোৰ কাৰণতে অক্ষয় কুমাৰৰ এই পাঠ্যক্ৰম সম্পৰ্কীয় মন্তব্য যে বিজেপি চৰকাৰ আৰু হিন্দুত্ববাদী অংশটোৰ তুষ্টিকৰণৰ বাবেহে আছিল, সেয়া নিশ্চিত বুলি দাবী কৰিছে একাংশ লোকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান