--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় প্ৰজেক্ট মেনেজাৰ মাগেশ কুমাৰ নটৰাজনে শুকুৰবাৰে ইউ এ ইৰ বাহিৰৰ নতুন ৰেফল ড্ৰ’ৰ প্ৰথম বিজয়ী হিচাপে পৰিগণিত হয়। ইয়াৰ উপহাৰ হিচাপে তেওঁ অহা ২৫ বছৰলৈ প্ৰতিমাহে ৫.৫ লাখতকৈ অধিক টকাৰ আগমন ঘটিব।

৪৯ বছৰীয়া নটৰাজনে এমিৰেটছ ড্ৰ'ৰ "FAST5 গ্ৰেণ্ড প্ৰাইজ" লাভ কৰে। তেওঁ ২৫ বছৰৰ বাবে মাহে ৫.৫ লাখ টকা লাভ কৰিব। তামিলনাডুৰ আম্বুৰত থকা এই প্ৰজেক্ট মেনেজাৰগৰাকী হৈছে প্ৰথম বিশ্বব্যাপী গ্ৰেণ্ড প্ৰাইজ বিজয়ী আৰু ইউ এ ইৰ বাহিৰৰ প্ৰথম বিজয়ী।

এতিয়া নটৰাজনৰ অগ্ৰাধিকাৰ হৈছে আৰ্তজনক সহায় কৰা। তদুপৰি কন্যা সন্তানৰ শিক্ষাত বিনিয়োগ কৰি পৰিয়ালৰ উজ্জ্বল ভৱিষ্যত নিশ্চিত কৰাৰ পৰিকল্পনা কৰিছে।

জীৱনৰ বেছিভাগ সময় তামিলনাডুৰ অম্বুৰত কটালে নটৰাজনে। ২০১৯ চনৰ পৰা চলিত বৰ্ষৰ আৰম্ভণিলৈকে চৌদি আৰৱত তেওঁৰ চাৰি বছৰীয়া কৰ্ম নিযুক্তিয়েই ভাগ্যৰ এক উল্লেখযোগ্য অধ্যায় মুকলি কৰে। ডুবাই ভ্ৰমণে তেওঁক চহৰখনৰ জনপ্ৰিয় লটাৰী ড্ৰ’ৰ বিষয়ে অৱগত কৰিছিল।

দুটি সন্তানৰ উল্লাসিত পিতৃ নটৰাজনে কয় যে, "এয়া আছিল এক অবিশ্বাস্য মুহূৰ্ত যিটো মোৰ জীৱনৰ অন্যতম সুখী আৰু স্মৰণীয় দিন হৈ পৰিল।’’




FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত