--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অপেক্ষাৰ অন্ত পৰিব। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে  অহা বছৰৰ ২২ জানুৱাৰীত উত্তৰ প্ৰদেশৰ অযোধ্যাত নিৰ্মাণ কৰা ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব।  এয়া হ’ব  দেশৰ বাবে এক ঐতিহাসিক দিন।মোদীয়ে কয় " মই বহুত ধন্য অনুভৱ কৰিছো। এয়া  মোৰ সৌভাগ্য যে মোৰ জীৱনকালত মই এই ঐতিহাসিক অনুষ্ঠানটো চাবলৈ পাম । আজিৰ দিনটো আৱেগেৰে পৰিপূৰ্ণ। শেহতীয়াকৈ শ্ৰী ৰাম জন্ম ভূমি তীৰ্থ ক্ষেত্ৰৰ কৰ্মকৰ্তাসকলে  মোক মোৰ বাসগৃহত লগ কৰিবলৈ আহিছিল। তেওঁলোকে মোক শ্ৰী ৰাম মন্দিৰৰ উদ্বোধন  উপলক্ষে অযোধ্যালৈ আহিবলৈ আমন্ত্ৰণ জনাইছে"।  


প্ৰধানমন্ত্ৰী মোদীয়ে হিন্দীতে লিখা পোষ্টটোত ৰাম মন্দিৰ ন্যাসৰ কৰ্মকৰ্তাসকলৰ এখন ফটোও প্ৰকাশ কৰিছে। উল্সলেখ্য অযোধ্যাত পূৰ্ণ গতিতত চলি আছে ৰাম মন্দিৰ নিৰ্মাণৰ কাম। কিন্তু সুবিশাল এই মন্দিৰ নিৰ্মাণত এতিয়ালৈকে কিমান টকা খৰচ হৈছে বাৰু? এই বছৰৰ মাৰ্চ মাহলৈকে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ৯০০ কোটি টকা ব্যয় হৈছে। শ্ৰী ৰামজন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসে  এই কথা প্ৰকাশ কৰিছে। ৰাম মন্দিৰৰ নিৰ্মাণ ২০২০ চনৰ ৫ ফেব্ৰুৱাৰীত আৰম্ভ হৈছিল 


তেতিয়াৰে  পৰা ২০২৩  চনৰ ২৩  মাৰ্চলৈকে মন্দিৰ নিৰ্মাণৰ বাবে ৯০০ কোটি টকা ব্যয় কৰা হৈছে।পৃথিৱীৰ সৰ্ববৃহৎ ৰাম মন্দিৰটো অযোধ্যাৰ বহু চৰ্চিত ভূমিত নিৰ্মাণ কৰি থকা হৈছে। এই মন্দিৰ ৩৮০ ফুট দীঘল আৰু ২৫০ ফুট বহল। উচ্চতা ১৬১  ফুট। বিশাল মন্দিৰটো থাকিব ৩৯২ টা স্তম্ভত । 

মন্দিৰৰ ৪৬ খন দুৱাৰ  চেগুনৰ কাঠেৰে  নিৰ্মাণ কৰা হৈছে। গৰ্ভগৃহৰ দুৱাৰখন হ'ব সোণৰ । এই মন্দিৰ নিৰ্মাণৰ সামগ্ৰী পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা অনা হৈছে। মন্দিৰ নিৰ্মাণৰ বাবে ধনো ভক্তসকলৰ দানৰ পৰা আহিছে।শ্ৰী ৰামজন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ মন্দিৰ নিৰ্মাণ সমিতিৰ অধ্যক্ষ নৃপেন্দ্ৰ মিশ্ৰই কয় যে মন্দিৰটো অহা বছৰৰ ২২ জানুৱাৰীত উদ্বোধন কৰা হ'ব। ৰাম মন্দিৰৰ নিৰ্মাণ চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব।  

শ্ৰী ৰামজন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসৰ মুৰব্বীগৰাকীয়ে  কয়  যে ৰাম মন্দিৰ সমিতিৰ একাউণ্টত এতিয়াও ২,০০০ কোটি টকা জমা  আছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ