--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি সকলোৱে জানো যে মানুহৰ সুস্বাস্থ্যৰ ববে সেউজীয়া শাক-পাচলি আৰু ফল-মূল অত্যন্ত প্ৰয়োজনীয়। এইবোৰে মানুহক শক্তি দিয়াৰ উপৰিও নানাবিধ ৰোগ প্ৰতিৰোধ কৰে। কিন্তু, সম্প্ৰতি নিৰ্ভেজাল আৰু সতেজ শাক-পাচলি আৰু ফল-মূল বজাৰত পোৱা দুৰূহ হৈ পৰিছে। ভেজাল শাক-পাচলি আৰু ফল-মূলে বজাৰ চানি ধৰিছে আৰু এনে ভেজালবোৰকে খাই আমি প্ৰতিদিনে শৰীৰৰ ক্ষতি কৰি আহিছো।

শেহতীয়াকৈ এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। কৰ্ণাটকৰ বেংগালুৰু চহৰত মানুহে সেৱন কৰিছে কেমিকেল আৰু মেটেলৰ পাচলি! শুনি আচৰিত যেন লাগিলেও এয়া সত্য। বেংগালুৰুবাসীয়ে খোৱা শাক-পাচলিত পোৱা গৈছে বিপজ্জনক ধাতু আৰু ৰাসায়নিক পদাৰ্থ। ইয়াৰ উপৰিও এই শাক-পাচলিসমূহৰ খেতি কৰা হৈছে বিষাক্ত আৰু লেতেৰা পানীত।

এটা চৰকাৰী সংস্থাই বেংগালুৰুৰ বহু সৰু-ডাঙৰ শাক-পাচলিৰ দোকানৰ পৰা নমুনা সংগ্ৰহ কৰি তদন্তৰ অন্তত বেংগালুৰুৰ বজাৰত পোৱা বেছিভাগ শাক-পাচলিয়েই পেলনীয়া পানী অৰ্থাৎ ঘৰ আৰু কাৰখানাৰ পৰা ওলোৱা লেতেৰা আৰু প্ৰদূষিত পানীৰ পৰা উৎপাদিত হয় বুলি প্ৰকাশ কৰিছে। এইবোৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। লেতেৰা পানীত খেতি কৰা শাক-পাচলিত আৰ্ছেনিক, নিকেল, কেডমিয়াম, ক্ৰ’মিয়াম, পাৰা, জিংক আৰু মেগনেছিয়ামৰ দৰে গধুৰ ধাতুৰ পৰিমাণ বেছি থাকে যিয়ে বৃক্ক, যকৃত, অন্ত্ৰ আৰু কেন্সাৰ আদি ৰোগৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ পাচলিসমূহত ভৰি পৰিছে কেমিকেল। 

এই তথ্য প্ৰকাশ পোৱাৰ পাছতে চিন্তিত হৈ পৰিছে বেংগালুৰুৰ জনসাধাৰণ।









FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement