--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি সকলোৱে জানো যে মানুহৰ সুস্বাস্থ্যৰ ববে সেউজীয়া শাক-পাচলি আৰু ফল-মূল অত্যন্ত প্ৰয়োজনীয়। এইবোৰে মানুহক শক্তি দিয়াৰ উপৰিও নানাবিধ ৰোগ প্ৰতিৰোধ কৰে। কিন্তু, সম্প্ৰতি নিৰ্ভেজাল আৰু সতেজ শাক-পাচলি আৰু ফল-মূল বজাৰত পোৱা দুৰূহ হৈ পৰিছে। ভেজাল শাক-পাচলি আৰু ফল-মূলে বজাৰ চানি ধৰিছে আৰু এনে ভেজালবোৰকে খাই আমি প্ৰতিদিনে শৰীৰৰ ক্ষতি কৰি আহিছো।

শেহতীয়াকৈ এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। কৰ্ণাটকৰ বেংগালুৰু চহৰত মানুহে সেৱন কৰিছে কেমিকেল আৰু মেটেলৰ পাচলি! শুনি আচৰিত যেন লাগিলেও এয়া সত্য। বেংগালুৰুবাসীয়ে খোৱা শাক-পাচলিত পোৱা গৈছে বিপজ্জনক ধাতু আৰু ৰাসায়নিক পদাৰ্থ। ইয়াৰ উপৰিও এই শাক-পাচলিসমূহৰ খেতি কৰা হৈছে বিষাক্ত আৰু লেতেৰা পানীত।

এটা চৰকাৰী সংস্থাই বেংগালুৰুৰ বহু সৰু-ডাঙৰ শাক-পাচলিৰ দোকানৰ পৰা নমুনা সংগ্ৰহ কৰি তদন্তৰ অন্তত বেংগালুৰুৰ বজাৰত পোৱা বেছিভাগ শাক-পাচলিয়েই পেলনীয়া পানী অৰ্থাৎ ঘৰ আৰু কাৰখানাৰ পৰা ওলোৱা লেতেৰা আৰু প্ৰদূষিত পানীৰ পৰা উৎপাদিত হয় বুলি প্ৰকাশ কৰিছে। এইবোৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। লেতেৰা পানীত খেতি কৰা শাক-পাচলিত আৰ্ছেনিক, নিকেল, কেডমিয়াম, ক্ৰ’মিয়াম, পাৰা, জিংক আৰু মেগনেছিয়ামৰ দৰে গধুৰ ধাতুৰ পৰিমাণ বেছি থাকে যিয়ে বৃক্ক, যকৃত, অন্ত্ৰ আৰু কেন্সাৰ আদি ৰোগৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ পাচলিসমূহত ভৰি পৰিছে কেমিকেল। 

এই তথ্য প্ৰকাশ পোৱাৰ পাছতে চিন্তিত হৈ পৰিছে বেংগালুৰুৰ জনসাধাৰণ।









FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত