--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰতিশোধৰ ৰাজনীতি নে নিকা তদন্ত? বিৰোধীৰ ইজনৰ পাছত সিজন নেতাক ইডি, চিবিআইকে ধৰি বিভিন্ন কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ তদন্ত তথা গোচৰৰ দ্বাৰা হাৰাশাস্তি কৰি অহা বুলি অভিযোগৰ মাজতে এইবাৰ বিৰোধীৰ শীৰ্ষ নেতালৈ হাত মেলিছে কেন্দ্ৰীয় সংস্থাই। কংগ্ৰেছৰ সভাপতি ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীলৈ ইডি-এ চমন জাৰি কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাষ্ট্ৰীয় ৰাজনীতিত। ‘নেচনেল হেৰাল্ড’ গোচৰত ছোনিয়া-ৰাহুললৈ জাননী জাৰি কৰিছে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে।

 

দলৰ মুখপাত্ৰ ৰণদ্বীপ সিং সূৰ্যেৱালাই এই কথা সদৰি কৰি কেন্দ্ৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে। উল্লেখ্য যে, ২০১১-১২ চনৰ ‘নেচনেল হেৰাল্ড’ গোচৰৰ সতে সম্পৰ্কীত ধনৰ অবৈধ লেনদেনৰ এটা গোচৰত এই চমন জাৰি কৰা হৈছে। এই গোচৰৰ তদন্তকাৰী বিষয়াৰ সন্মুখত ৮ জুনত ছোনিয়া গান্ধীক হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে তদন্তকাৰীয়ে। আনহাতে ৰাহুলক বৃহস্পতিবাৰে অৰ্থাৎ ২ জুনৰ দিনা ইডিৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে।

 

ইফালে, কংগ্ৰেছ নেতা অভিষেক মনু সিংভীয়ে প্ৰকাশ কৰা অনুসৰি ছোনিয়া-ৰাহুল দুয়োকে ৮ জুনতে ইডিৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে। ছোনিয়া গান্ধীয়ে সেইদিনা তদন্তকাৰী সংস্থাটোৰ আগত হাজিৰ হ’ব যদিও ৰাহুল গান্ধী বিদেশত থকাৰ পৰিপ্ৰেক্ষিতত তেওঁ উপস্থিত হোৱাটো নিশ্চিত নহয়। তেওঁ যদি নিৰ্দিষ্ট দিনটোৰ পূৰ্বে  ঘূৰি আহে তেন্তে তদন্তকাৰী সংস্থাটোৰ সন্মুখত তেওঁ নিৰ্দিষ্ট তাৰিখ মতে হাজিৰ হ’ব অন্যথা অতিৰিক্ত সময় বিচাৰিব।

 

ইফালে, ইডিৰ এই জাননীৰ পাছতে কেন্দ্ৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কংগ্ৰেছ। কংগ্ৰেছৰ মুখপাত্ৰ ৰণদ্বীপ সিং সূৰ্যেৱালাই অভিযোগ কৰে যে, নেচনেল হেৰাল্ডক লক্ষ্য হিচাপে লৈ বিজেপিয়ে তাহানিৰ পৰাই স্বাধীনতা সংগ্ৰামীসকলক অপমান আৰু তেওঁলোকৰ গৰিমাত আঘাত কৰি আহিছে। কিয়নো তেওঁলোকৰ পূৰ্বসূৰীসকলৰ স্বাধীনতা সংগ্ৰামত কোনে অৰিহনা নাই। তেওঁ লগতে অভিযোগ কৰে যে, নেচনেল হেৰাল্ড কাকত ১৯৪২ চনত প্ৰকাশিত হৈছিল আৰু সেই সময়ত ব্ৰিটিছে ইয়াক দমন কৰিবলৈ চেষ্টা কৰিছিল। আৰু আজি বিজেপিয়ে ইডিৰ জৰিয়তে সেই একেই কামকে কৰি গৈছে।

 

তেওঁ লগতে অভিযোগ কৰে যে, ধনৰ কোনো ধৰণৰ অবৈধ লেনদেন নোহোৱাকৈয়ে ধনৰ অবৈধ সৰবৰাহৰ গোচৰ ৰুজু কৰা হৈছে। এই কাৰ্য হৈছে প্ৰতিশোধমূলক, সংকীৰ্ণ, ভীতিগ্ৰস্ততা আৰু সস্তীয়া ৰাজনীতিৰ এক নিদৰ্শন।




FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান