--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰতিশোধৰ ৰাজনীতি নে নিকা তদন্ত? বিৰোধীৰ ইজনৰ পাছত সিজন নেতাক ইডি, চিবিআইকে ধৰি বিভিন্ন কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ তদন্ত তথা গোচৰৰ দ্বাৰা হাৰাশাস্তি কৰি অহা বুলি অভিযোগৰ মাজতে এইবাৰ বিৰোধীৰ শীৰ্ষ নেতালৈ হাত মেলিছে কেন্দ্ৰীয় সংস্থাই। কংগ্ৰেছৰ সভাপতি ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীলৈ ইডি-এ চমন জাৰি কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাষ্ট্ৰীয় ৰাজনীতিত। ‘নেচনেল হেৰাল্ড’ গোচৰত ছোনিয়া-ৰাহুললৈ জাননী জাৰি কৰিছে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে।

 

দলৰ মুখপাত্ৰ ৰণদ্বীপ সিং সূৰ্যেৱালাই এই কথা সদৰি কৰি কেন্দ্ৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে। উল্লেখ্য যে, ২০১১-১২ চনৰ ‘নেচনেল হেৰাল্ড’ গোচৰৰ সতে সম্পৰ্কীত ধনৰ অবৈধ লেনদেনৰ এটা গোচৰত এই চমন জাৰি কৰা হৈছে। এই গোচৰৰ তদন্তকাৰী বিষয়াৰ সন্মুখত ৮ জুনত ছোনিয়া গান্ধীক হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে তদন্তকাৰীয়ে। আনহাতে ৰাহুলক বৃহস্পতিবাৰে অৰ্থাৎ ২ জুনৰ দিনা ইডিৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে।

 

ইফালে, কংগ্ৰেছ নেতা অভিষেক মনু সিংভীয়ে প্ৰকাশ কৰা অনুসৰি ছোনিয়া-ৰাহুল দুয়োকে ৮ জুনতে ইডিৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে। ছোনিয়া গান্ধীয়ে সেইদিনা তদন্তকাৰী সংস্থাটোৰ আগত হাজিৰ হ’ব যদিও ৰাহুল গান্ধী বিদেশত থকাৰ পৰিপ্ৰেক্ষিতত তেওঁ উপস্থিত হোৱাটো নিশ্চিত নহয়। তেওঁ যদি নিৰ্দিষ্ট দিনটোৰ পূৰ্বে  ঘূৰি আহে তেন্তে তদন্তকাৰী সংস্থাটোৰ সন্মুখত তেওঁ নিৰ্দিষ্ট তাৰিখ মতে হাজিৰ হ’ব অন্যথা অতিৰিক্ত সময় বিচাৰিব।

 

ইফালে, ইডিৰ এই জাননীৰ পাছতে কেন্দ্ৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কংগ্ৰেছ। কংগ্ৰেছৰ মুখপাত্ৰ ৰণদ্বীপ সিং সূৰ্যেৱালাই অভিযোগ কৰে যে, নেচনেল হেৰাল্ডক লক্ষ্য হিচাপে লৈ বিজেপিয়ে তাহানিৰ পৰাই স্বাধীনতা সংগ্ৰামীসকলক অপমান আৰু তেওঁলোকৰ গৰিমাত আঘাত কৰি আহিছে। কিয়নো তেওঁলোকৰ পূৰ্বসূৰীসকলৰ স্বাধীনতা সংগ্ৰামত কোনে অৰিহনা নাই। তেওঁ লগতে অভিযোগ কৰে যে, নেচনেল হেৰাল্ড কাকত ১৯৪২ চনত প্ৰকাশিত হৈছিল আৰু সেই সময়ত ব্ৰিটিছে ইয়াক দমন কৰিবলৈ চেষ্টা কৰিছিল। আৰু আজি বিজেপিয়ে ইডিৰ জৰিয়তে সেই একেই কামকে কৰি গৈছে।

 

তেওঁ লগতে অভিযোগ কৰে যে, ধনৰ কোনো ধৰণৰ অবৈধ লেনদেন নোহোৱাকৈয়ে ধনৰ অবৈধ সৰবৰাহৰ গোচৰ ৰুজু কৰা হৈছে। এই কাৰ্য হৈছে প্ৰতিশোধমূলক, সংকীৰ্ণ, ভীতিগ্ৰস্ততা আৰু সস্তীয়া ৰাজনীতিৰ এক নিদৰ্শন।




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ