--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আমেৰিকাৰ কোষাগাৰ সচিব আৰু আমেৰিকাৰ শীৰ্ষ বাণিজ্য মধ্যস্থতাকাৰী ক্রমে স্কট বেছাল্ট আৰু জামিয়েছন গ্রেয়াৰে হে লিফেং নেতৃত্বাধীন এটা চীনা প্রতিনিধিৰ দলে শনিবাৰে ছুইজাৰলেণ্ডৰ ৰাজধানী জেনেভাত আলোচনা আৰম্ভ কৰে। 

উল্লেখযোগ্য যে বিশ্বৰ দুই শক্তিধৰ অর্থনীতিৰ মাজত বাণিজ্য বন্ধ কৰাৰ ভাবুকি প্ৰতিৰোধ কৰাৰ লক্ষ্যৰে এই বৈঠক অনুষ্ঠিত হয়। 

দুয়োখন দেশৰ কূটনীতিকসকলে নিশ্চিত কৰিছে যে আলোচনা সর্বসম্মতভাবে অনুষ্ঠিত হৈছে আৰু আলোচনাৰ প্রকৃত স্থান ৰাজহুৱা কৰা হোৱা নাই। আলোচনাৰ মূল বিষয়সমূহৰ ভিতৰত দুয়ো পক্ষই নিজৰ সামগ্ৰীৰ বাণিজ্যত আৰোপ কৰা উচ্চ পর্যায়ৰ শুল্ক হ্রাস কৰা অন্যতম। 

ইয়াৰ ফলত বিশ্বৰ বিত্তীয় বজাৰে চাপৰ পৰা মুক্ত হোৱাৰ আশা কৰা হৈছে। যোৱা মাহত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে চীনৰ আমদানিত ১৪৫% শুল্ক আৰোপ কৰিছিল আৰু ইয়াৰ প্ৰত্যুত্তৰত চীনে আমেৰিকাৰ ওপৰত ১২৫% শুল্ক আৰোপ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত