--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলা আৰম্ভ হোৱাৰ এদিন পূৰ্বে ভাৰতীয় শিবিৰলৈ আহিছে এক দুঃসংবাদ।  ছিৰিজৰ পৰাই বাহিৰ ভাৰতীয় অধিনায়ক কে এল ৰাহুল। এতিয়া ভাৰতক নেতৃত্ব দিব ঋষভ পণ্টে। বুধবাৰে সন্ধিয়া ৫ বজাত ৰাহুলে এখন সংবাদমেল অনুষ্ঠিত কৰাৰ কথা আছিল। কিন্তু তাত যোগ দিব নোৱাৰিলে ৰাহুলে। জানিবলৈ পোৱা মতে, অধিনায়ক কে এল ৰাহুলে আঘাতৰ বাবে ছিৰিজৰ পৰা বাহিৰ হ’বলগীয়া হৈছে।

বিচিচিআইৰ মতে, সোঁ ভৰিৰ গ্ৰাইনত আঘাত পাইছে ৰাহুলে। কেৱল ৰাহুলেই নহয়, আঘাতৰ বাবে বাওঁহতীয়া স্পিনাৰ কুলদীপ যাদৱেও দলৰ পৰা বাহিৰ হৈছে। নেটত বেটিং কৰি থকাৰ সময়তে পুনৰ সোঁহাতত আঘাত পায় কুলদীপ যাদৱে। 

আঘাতৰ বাবে ইজনৰ পাছত সিজন খেলুৱৈ দলৰ পৰা বাদ পৰাৰ পাছতো এতিয়ালৈকে বিচিচিআইয়ে কোনো ধৰণৰ পৰিৱৰ্তনৰ কথা ঘোষণা কৰা নাই। দুয়োগৰাকী ক্ৰিকেটাৰক বাংগালুৰুৰ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত যোগদান কৰিবলৈ কোৱা হৈছে আৰু তাত থকা মেডিকেল টিমে তেওঁলোকক পৰীক্ষা কৰিব বুলি খবৰ ওলাইছে। কেতিয়া খেলপথাৰলৈ ঘূৰি আহিব ৰাহুল আৰু কুলদীপে? আঘাতৰ পৰীক্ষাৰ পিছতহে এই বিষয়ে বুজিব পৰা যাব।

ইফালে, চলিত বৰ্ষৰ শেষৰ ফালে হ’বলগীয়া টি-২০ বিশ্বকাপৰ দল নিৰ্বাচনৰ বাবে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এই শৃংখলাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। ৯ জুনত দিল্লীত আৰম্ভ হ’ব এই ছিৰিজ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ