--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলা আৰম্ভ হোৱাৰ এদিন পূৰ্বে ভাৰতীয় শিবিৰলৈ আহিছে এক দুঃসংবাদ।  ছিৰিজৰ পৰাই বাহিৰ ভাৰতীয় অধিনায়ক কে এল ৰাহুল। এতিয়া ভাৰতক নেতৃত্ব দিব ঋষভ পণ্টে। বুধবাৰে সন্ধিয়া ৫ বজাত ৰাহুলে এখন সংবাদমেল অনুষ্ঠিত কৰাৰ কথা আছিল। কিন্তু তাত যোগ দিব নোৱাৰিলে ৰাহুলে। জানিবলৈ পোৱা মতে, অধিনায়ক কে এল ৰাহুলে আঘাতৰ বাবে ছিৰিজৰ পৰা বাহিৰ হ’বলগীয়া হৈছে।

বিচিচিআইৰ মতে, সোঁ ভৰিৰ গ্ৰাইনত আঘাত পাইছে ৰাহুলে। কেৱল ৰাহুলেই নহয়, আঘাতৰ বাবে বাওঁহতীয়া স্পিনাৰ কুলদীপ যাদৱেও দলৰ পৰা বাহিৰ হৈছে। নেটত বেটিং কৰি থকাৰ সময়তে পুনৰ সোঁহাতত আঘাত পায় কুলদীপ যাদৱে। 

আঘাতৰ বাবে ইজনৰ পাছত সিজন খেলুৱৈ দলৰ পৰা বাদ পৰাৰ পাছতো এতিয়ালৈকে বিচিচিআইয়ে কোনো ধৰণৰ পৰিৱৰ্তনৰ কথা ঘোষণা কৰা নাই। দুয়োগৰাকী ক্ৰিকেটাৰক বাংগালুৰুৰ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত যোগদান কৰিবলৈ কোৱা হৈছে আৰু তাত থকা মেডিকেল টিমে তেওঁলোকক পৰীক্ষা কৰিব বুলি খবৰ ওলাইছে। কেতিয়া খেলপথাৰলৈ ঘূৰি আহিব ৰাহুল আৰু কুলদীপে? আঘাতৰ পৰীক্ষাৰ পিছতহে এই বিষয়ে বুজিব পৰা যাব।

ইফালে, চলিত বৰ্ষৰ শেষৰ ফালে হ’বলগীয়া টি-২০ বিশ্বকাপৰ দল নিৰ্বাচনৰ বাবে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এই শৃংখলাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। ৯ জুনত দিল্লীত আৰম্ভ হ’ব এই ছিৰিজ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত